![]()
ৰঙিয়া জংচনৰ সমীপৰ এখন হোটেলত সংঘটিত হৈছে এক চাঞ্চল্যকৰ হত্যাকাণ্ড। ‘অতিথি’ নামৰ হোটেলখনৰ এটা কোঠাত এগৰাকী যুৱতীক ডিঙি ৰেপি হত্যা কৰাৰ অভিযোগ উঠিছে।প্ৰাথমিক তথ্য অনুসৰি, নিহত যুৱতীগৰাকী শোণিতপুৰৰ মালানী। তেওঁ আন দুগৰাকী বান্ধৱীৰ সৈতে তামিলনাডুৰ পৰা অসমলৈ আহিছিল। নিশা যুৱতীগৰাকী হোটেলখনত আছিল।

হত্যাকাণ্ডৰ অভিযোগত ৰঙিয়া আৰক্ষীয়ে অভিজিৎ কিণ্ডুক নামৰ এজন যুৱকক আটক কৰিছে। অভিযুক্ত যুৱকজনৰ ঘৰ ওদালগুৰি জিলাৰ ৰৌতাত বুলি জানিব পৰা গৈছে। প্ৰাথমিক অনুসন্ধানত হত্যাৰ বলি হোৱা যুৱতীগৰাকী আৰু অভিযুক্ত যুৱকজনৰ মাজত প্ৰেমৰ সম্পৰ্ক আছিল বুলি তথ্য পোহৰলৈ আহিছে।
অৱশ্যে হত্যাকাণ্ডৰ প্ৰকৃত কাৰণ এতিয়াও জানিব পৰা হোৱা নাই। আৰক্ষীয়ে অভিযুক্তক সোধা-পোছা কৰাৰ লগতে ঘটনাটোৰ সকলো দিশ সামৰি তদন্ত অব্যাহত ৰাখিছে। তদন্তৰ অন্ততহে হত্যাকাণ্ডৰ আঁৰৰ প্ৰকৃত কাৰণ স্পষ্ট হ’ব।











