
বাক্সা জিলাৰ বৰমাত সংঘটিত হৈছে চাকৰিৰ প্ৰলোভনেৰে লুণ্ঠনৰাজৰ ঘটনা। বৰমা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষা অনুপমা দেৱী আৰু তেওঁৰ ভনী দিপিকা দেৱীয়ে একত্ৰিত হৈ ১৮ কোটি টকা লুণ্ঠন কৰাৰ তথ্য পোহৰলৈ আহিছে।
অনুপমা দেৱীৰ প্ৰাক্তন ছাত্ৰ ধ্ৰুৱজ্যোতি হালৈৰ বেংক একাউণ্টৰ জড়িয়তে চলাইছে ধনৰ লেনদেন। এই অভিযোগ ধ্ৰুৱজ্যোতি হালৈৰ। বৰমা, পাটাছাৰকুছি, নলবাৰী আদিৰ প্ৰায় ৭০/৮০ জন নিবনুৱা যুৱকৰ পৰা চাকৰি দিয়াৰ প্ৰলোভনেৰে সৰকাইছে বৃহৎ পৰিমানৰ ধনখিনি।
বিটিচিত প্ৰমোদ বড়ো মুখ্য কাৰ্যবাহী হৈ থকা সময়ত ২০২৪ চনৰ পৰা বিটিচিৰ বিভিন্ন বিভাগত চাকৰি দিয়াৰ প্ৰলোভনেৰে টকা সংগ্ৰহ কৰিছিল অনুপমা দেৱী আৰু তেওঁৰ সহযোগীসকলে।
অনুপমা দেৱীয়ে টকা উঠাই ধ্ৰুৱৰ এচ বি আইৰ দিশপুৰ শাখাত থকা একাউন্টত জমা কৰে ধন আৰু পিছত উলিয়াই আনে আৰু তাৰ বিনিময়ত ধ্ৰুৱই লাভ কৰিছিল ধন। এনেকৈ চলাই গৈছিল অনুপমা দেৱী আৰু তেওঁৰ সহযোগীয়ে চাকৰিৰ দালালি।
অৱশেষত চাকৰি দিব নোৱাৰি বিপাঙত পৰাত ধ্ৰুৱজ্যোতিক আত্মহত্যা কৰিবলৈ উচতনি দিয়ে অনুপমা দেৱীয়ে।এই ভাষ্য ধ্ৰুৱ জ্যোতি হালৈৰ। উপায়ন্তৰ ধ্ৰুৱই দিশপুৰ থানাত পুলেন চন্দ্ৰ গোস্বামী, পত্নী দিপিকা দেৱী, অনুপমা দেৱী, চক্ৰধৰ বৰ্মন আৰু বনজিৎ ৰয় আদি ৫জন লোকৰ ওপৰত গোচৰ দিয়ে। যোৱা ২০ আগষ্টত দিশপুৰ থানাত ০৬১৭ নম্বৰত আৰু BNS 316/2, 318/4, 336/3, 61/2 ধাৰাত গোচৰ ৰুজু কৰে। সম্প্ৰতি এচ আই দিপাঙ্কৰ চুতীয়াই সমগ্ৰ ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে।













