ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Modi Putin talks : মোদী-পুটিনৰ বৈঠকত শক্তিৰ বিষয়ে আলোচনা, ব্ৰিকছ শীৰ্ষ সন্মিলনৰ পূৰ্বে ট্ৰাম্পলৈ বাৰ্তা

নিউজ ডেস্কঃ

News Desk by News Desk
September 12, 2026
Reading Time: 1 min read
A A
0
Modi Putin talks : মোদী-পুটিনৰ বৈঠকত শক্তিৰ বিষয়ে আলোচনা, ব্ৰিকছ শীৰ্ষ সন্মিলনৰ পূৰ্বে ট্ৰাম্পলৈ বাৰ্তা

RELATED POSTS

US Iran war : যদি সাহস আছে সেনাবাহিনীৰ লগত যুঁজ দিয়ক, সাধাৰণ নাগৰিকক হত্যা নকৰিব: ভাৰতৰ পৰা শত্ৰুক প্ৰত্যাহ্বান ইৰাণৰ ৰাষ্ট্ৰপতিৰ

BRICS India 2026 : ভাৰতৰ সৈতে যিকোনো মতানৈক্য চীনে চম্ভালিব, জিনপিঙৰ আগমনৰ পূৰ্বে বেইজিঙৰ বাৰ্তা

Man killed family : জোনাই কাণ্ডৰ পুনৰাবৃত্তি, শুই থকা পত্নী আৰু তিনি কন্যাক ইটাৰে মৰিয়াই হত্যা

New Logo Smal 1 | ASSAM TIMES POST

শনিবাৰৰ পৰা দিল্লীত আৰম্ভ হৈছে ব্ৰিকছ সন্মিলন। ইয়াৰ পূৰ্বে শুকুৰবাৰে বিয়লিৰ পৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ধাৰাবাহিকভাৱে পাৰ্শ্বীয় বৈঠক অনুষ্ঠিত কৰে। ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন আৰু ইৰাণৰ ৰাষ্ট্ৰপতি মাছুদ পেজেছকিয়ানৰ সৈতে দ্বিপাক্ষিক আলোচনাত মিলিত হয়। উল্লেখ্য যে এই দুখন দেশ বৰ্তমান আমেৰিকাৰ দুটা মূল বিৰোধী শিবিৰ।

মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ৰাছিয়াৰ পৰা শক্তি ক্ৰয় কৰাৰ বাবে বিগত সময়ত ভাৰতৰ প্ৰতি বাৰে বাৰে অসন্তুষ্টি প্ৰকাশ কৰি আহিছে। আনকি আমেৰিকাই ভাৰতৰ ওপৰত ‘জৰিমনা’ হিচাপে শুল্ক আৰোপ কৰিছে। অৱশ্যে ভাৰতে আৰম্ভণিৰে পৰাই কৈ আহিছে যে য’ত লাভজনক হ’ব, শক্তি তাৰ পৰাই ক্ৰয় কৰিব। শুকুৰবাৰে মোদী-পুটিনৰ বৈঠকৰ পিছত ভাৰতে পুনৰ সেই বাৰ্তা দিয়ে। শুকুৰবাৰৰ বৈঠকত অৰ্থনীতি, প্ৰতিৰক্ষা, মহাকাশ গৱেষণা, শক্তিকে ধৰি বিভিন্ন ক্ষেত্ৰতো আলোচনা কৰা হয়। পিছত বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে কয় যে পশ্চিম এছিয়াৰ অস্থিৰতাৰ বিষয়েও আলোচনা কৰা হৈছিল।

mo | ASSAM TIMES POST
মোদী-পুটিনৰ বৈঠকত শক্তিৰ বিষয়ে আলোচনা, ব্ৰিকছ শীৰ্ষ সন্মিলনৰ পূৰ্বে ট্ৰাম্পলৈ বাৰ্তা

দীৰ্ঘদিন ধৰি আমেৰিকা আৰু ৰাছিয়াৰ মাজত কূটনৈতিক উত্তেজনা অব্যাহত আছে। বিশেষকৈ ট্ৰাম্পে ইউক্ৰেইনত যুদ্ধ বন্ধ কৰিবলৈ চেষ্টা কৰিছিল যদিও বিফল হোৱাৰ পিছত দুয়োখন দেশৰ মাজত উত্তেজনা আৰু অধিক বৃদ্ধি পায়। আনহাতে, যোৱা ফেব্ৰুৱাৰী মাহৰ পৰা আমেৰিকাই ইৰাণৰ সৈতে সংঘাতত লিপ্ত হৈছে। এনে পৰিস্থিতিত ব্ৰিকছ সন্মিলন আৰম্ভ হোৱাৰ পূৰ্বে ৰাছিয়া আৰু ইৰাণৰ নেতাৰ সৈতে মোদীৰ বৈঠক আৰু অধিক তাৎপৰ্যপূৰ্ণ হৈ পৰিছে।

পুটিনৰ সৈতে ৫০ মিনিটৰ বৈঠকৰ অন্তত মোদীয়ে ৰাছিয়াৰ ৰাষ্ট্ৰপতিৰ সৈতে একেখন গাড়ীতে ব্ৰিকছ বিজনেছ ফ’ৰামত উপস্থিত হয়। আন আন নেতাসকলো তাত আছিল। ইৰাণৰ ৰাষ্ট্ৰপতি পেজেছকিয়ানৰ হাতত ধৰি ব্ৰিকছ বিজনেছ ফ’ৰামত প্ৰৱেশ কৰে মোদীয়ে। তাৰ পৰাই পুটিন আৰু পেজেছকিয়ানে আমেৰিকাকো লক্ষ্য কৰি লয়। বাণিজ্য আৰু অৰ্থনৈতিক নিষেধাজ্ঞা আৰোপ কৰাৰ বিৰুদ্ধে মাত মাতে। দুয়োৰে মূল কথা হ’ল যে যিকোনো দেশৰ অৰ্থনীতি বিঘ্নিত কৰাৰ চেষ্টা বাঞ্ছনীয় নহয়। প্ৰধানমন্ত্ৰী মোদীয়ে তাত নিৰাপদ সাগৰীয় পথৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ কয়, “যোগান ব্যৱস্থা কাৰ্যক্ষম হ’লেহে আন্তঃৰাষ্ট্ৰীয় বাণিজ্যৰ উন্নতি হ’ব আৰু নাৱিকসকল সুৰক্ষিত হ’ব। সেইবাবেই ভাৰতে জাহাজৰ মুক্ত চলাচল আৰু নাৱিকৰ সুৰক্ষা বিচাৰে।”

ট্ৰাম্পে বিগত সময়ত বিভিন্ন সময়ত এই আন্তঃৰাষ্ট্ৰীয় গোটটোৰ বিৰুদ্ধে মাত মাতি আহিছে। শুল্কৰ সন্দৰ্ভতো তেওঁ সকীয়াই দিছে। আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে বাৰে বাৰে স্পষ্ট কৰি দিছে যে তেওঁ ব্ৰিকছক বিশেষভাৱে ভাল নাপায়। দিল্লীত অনুষ্ঠিত এই দুদিনীয়া শীৰ্ষ সন্মিলনত ব্ৰিকছ দেশসমূহে কি সিদ্ধান্ত লয় আৰু কূটনৈতিক সমীকৰণ কোন দিশলৈ ঘূৰি যায়, সেই বিষয়েও আমেৰিকাই চকু ৰাখিছে।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: ModiPutintalks
Share4Tweet3Send

Related Posts

US Iran war : যদি সাহস আছে সেনাবাহিনীৰ লগত যুঁজ দিয়ক, সাধাৰণ নাগৰিকক হত্যা নকৰিব: ভাৰতৰ পৰা শত্ৰুক প্ৰত্যাহ্বান ইৰাণৰ ৰাষ্ট্ৰপতিৰ
National-International

by News Desk
September 12, 2026
50
BRICS India 2026 : ভাৰতৰ সৈতে যিকোনো মতানৈক্য চীনে চম্ভালিব, জিনপিঙৰ আগমনৰ পূৰ্বে বেইজিঙৰ বাৰ্তা
National-International

BRICS India 2026 : ভাৰতৰ সৈতে যিকোনো মতানৈক্য চীনে চম্ভালিব, জিনপিঙৰ আগমনৰ পূৰ্বে বেইজিঙৰ বাৰ্তা

by News Desk
September 12, 2026
50
Man killed family : জোনাই কাণ্ডৰ পুনৰাবৃত্তি, শুই থকা পত্নী আৰু তিনি কন্যাক ইটাৰে মৰিয়াই হত্যা
National-International

Man killed family : জোনাই কাণ্ডৰ পুনৰাবৃত্তি, শুই থকা পত্নী আৰু তিনি কন্যাক ইটাৰে মৰিয়াই হত্যা

by News Desk
September 11, 2026
54
Social Media influencer rape : ফল’ৱাৰ বঢ়োৱাৰ প্ৰতিশ্ৰুতিৰে ধৰ্ষণ ছ’চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰক, বিহাৰৰ এএছআই আৰু সহযোগীৰ বিৰুদ্ধে অভিযোগ
National-International

Social Media influencer rape : ফল’ৱাৰ বঢ়োৱাৰ প্ৰতিশ্ৰুতিৰে ধৰ্ষণ ছ’চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰক, বিহাৰৰ এএছআই আৰু সহযোগীৰ বিৰুদ্ধে অভিযোগ

by News Desk
September 11, 2026
51
Supreme Court : অনলাইন শিশু যৌন নিৰ্যাতনৰ ক্ষেত্ৰত পদক্ষেপ উচ্চতম ন্যায়ালয়ৰ, মতামত বিচাৰিলে কেন্দ্ৰীয় চৰকাৰৰ
National-International

Supreme Court : অনলাইন শিশু যৌন নিৰ্যাতনৰ ক্ষেত্ৰত পদক্ষেপ উচ্চতম ন্যায়ালয়ৰ, মতামত বিচাৰিলে কেন্দ্ৰীয় চৰকাৰৰ

by News Desk
September 11, 2026
52
DGCA on Drugs test : জুলাই মাহৰ ভিতৰত দেশৰ সকলো পাইলটে ড্ৰাগছ টেষ্ট কৰিব লাগিব, ঘোষণা ডিজিচিএৰ
National-International

DGCA on Drugs test : জুলাই মাহৰ ভিতৰত দেশৰ সকলো পাইলটে ড্ৰাগছ টেষ্ট কৰিব লাগিব, ঘোষণা ডিজিচিএৰ

by News Desk
September 11, 2026
52
ADVERTISEMENT
Modi Putin talks : মোদী-পুটিনৰ বৈঠকত শক্তিৰ বিষয়ে আলোচনা, ব্ৰিকছ শীৰ্ষ সন্মিলনৰ পূৰ্বে ট্ৰাম্পলৈ বাৰ্তা
National-International

Modi Putin talks : মোদী-পুটিনৰ বৈঠকত শক্তিৰ বিষয়ে আলোচনা, ব্ৰিকছ শীৰ্ষ সন্মিলনৰ পূৰ্বে ট্ৰাম্পলৈ বাৰ্তা

September 12, 2026
50
US Iran war : যদি সাহস আছে সেনাবাহিনীৰ লগত যুঁজ দিয়ক, সাধাৰণ নাগৰিকক হত্যা নকৰিব: ভাৰতৰ পৰা শত্ৰুক প্ৰত্যাহ্বান ইৰাণৰ ৰাষ্ট্ৰপতিৰ
National-International

US Iran war : যদি সাহস আছে সেনাবাহিনীৰ লগত যুঁজ দিয়ক, সাধাৰণ নাগৰিকক হত্যা নকৰিব: ভাৰতৰ পৰা শত্ৰুক প্ৰত্যাহ্বান ইৰাণৰ ৰাষ্ট্ৰপতিৰ

September 12, 2026
50
BRICS India 2026 : ভাৰতৰ সৈতে যিকোনো মতানৈক্য চীনে চম্ভালিব, জিনপিঙৰ আগমনৰ পূৰ্বে বেইজিঙৰ বাৰ্তা
National-International

BRICS India 2026 : ভাৰতৰ সৈতে যিকোনো মতানৈক্য চীনে চম্ভালিব, জিনপিঙৰ আগমনৰ পূৰ্বে বেইজিঙৰ বাৰ্তা

September 12, 2026
50
নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনকলৈ তৎপৰতা কংগ্ৰেছৰ
Assam

নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনকলৈ তৎপৰতা কংগ্ৰেছৰ

September 12, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Modi Putin talks : মোদী-পুটিনৰ বৈঠকত শক্তিৰ বিষয়ে আলোচনা, ব্ৰিকছ শীৰ্ষ সন্মিলনৰ পূৰ্বে ট্ৰাম্পলৈ বাৰ্তা

Modi Putin talks : মোদী-পুটিনৰ বৈঠকত শক্তিৰ বিষয়ে আলোচনা, ব্ৰিকছ শীৰ্ষ সন্মিলনৰ পূৰ্বে ট্ৰাম্পলৈ বাৰ্তা

September 12, 2026
US Iran war : যদি সাহস আছে সেনাবাহিনীৰ লগত যুঁজ দিয়ক, সাধাৰণ নাগৰিকক হত্যা নকৰিব: ভাৰতৰ পৰা শত্ৰুক প্ৰত্যাহ্বান ইৰাণৰ ৰাষ্ট্ৰপতিৰ

US Iran war : যদি সাহস আছে সেনাবাহিনীৰ লগত যুঁজ দিয়ক, সাধাৰণ নাগৰিকক হত্যা নকৰিব: ভাৰতৰ পৰা শত্ৰুক প্ৰত্যাহ্বান ইৰাণৰ ৰাষ্ট্ৰপতিৰ

September 12, 2026
BRICS India 2026 : ভাৰতৰ সৈতে যিকোনো মতানৈক্য চীনে চম্ভালিব, জিনপিঙৰ আগমনৰ পূৰ্বে বেইজিঙৰ বাৰ্তা

BRICS India 2026 : ভাৰতৰ সৈতে যিকোনো মতানৈক্য চীনে চম্ভালিব, জিনপিঙৰ আগমনৰ পূৰ্বে বেইজিঙৰ বাৰ্তা

September 12, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT

%d