
জনতাৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যু দিৱসৰ লগত সংগতি ৰাখি ডিফু সাহিত্য সভাৰ উদ্যোগত জুবিন সংগীত প্ৰতিযোগিতাৰ সন্দৰ্ভত আজি অসম সাহিত্য সভাই ডিফু ৰাংছিনা ভৱনত এখন সংবাদ মেলৰ আয়োজন কৰে। ডিফু সাহিত্য সভাৰ সভাপতি দেবেন কাকতিয়ে সংবাদ মেলত সম্বোধন কৰি কয় য়ে- অহা 13 ছেপ্টেম্বৰত ৰাংছিনা ছাৰ্প ‘ কালচাৰেল হল, লৰুলাংছত অসমৰ হিয়াৰ শিল্পী জুবিন সংগীত প্ৰতিযোগিতা অনুষ্ঠিত হ’ব।

তিযোগিতাত ক শাখা 10 বছৰ বয়সলৈ, খ শাখা 10 ৰ পৰা 15 বছৰ বয়সলৈ আৰু গ শাখা 15 বছৰ বয়সৰ পৰা উৰ্ধবলৈ অনুষ্ঠিত হ’ব। 19 ছেপ্টেম্বৰত ঐতিহ্যমণ্ডিত ডিফু ক্লাৱত বটাঁ বিতৰণী অনুষ্ঠানৰ জৰিয়তে প্ৰতিযোগিতাত বিজয়ী শিল্পী সকলক বটাঁ সমুহ প্ৰদান কৰা হ’ব।
বটাঁ বিতৰণী অনুষ্ঠানৰ লগতে এখনি আকৰ্ষনীয় অনুষ্ঠান জুবিন সন্ধিয়া আয়োজন কৰা হৈছে বুলি উল্লেখ কৰি ডিফু সাহিত্য সভাৰ সভাপতি গৰাকীয়ে বটাঁ বিতৰণী অনুষ্ঠানত লোক শিল্পী চন্দ্ৰ কান্ত তেৰাং, কাৰ্বি সাংস্কৃতিক সমাজৰ সভাপতি অংশ গ্ৰহণ কৰিব বুলি কয়।
আৰু জুবিন সন্ধিয়াত মনদীপ মহন্তৰ উপৰি স্থানীয় শিল্পী সকলে গীত পৰিৱেশন কৰিব। সাংস্কৃতিক উপ সমিতিৰ অধ্যক্ষ দেউৰি ৰংপিপীয়ে জুবিনে কন্ঠদান কৰা কাৰ্বি গীত সমূহো প্ৰতিযোগিতাত গাব পাৰিব আৰু প্ৰতিযোগিতাৰ বাবে প্ৰ – পত্ৰ 10 ছেপ্টেম্বৰৰ ভিতৰত প্ৰেৰণ কৰিবলৈ ইচ্ছুক শিল্পী সকলক আহ্বান জনাই। সংবাদ মেলত অসম সাহিত্য সভাৰ ক্ষুদ্ৰ আলোচনী প্ৰতিযোগিতাৰ কাৰ্য্যকৰী সভাপতি ব্ৰক্ষ্মানন্দ বৰা, প্ৰসেনজিত ফাংচ , সীমান্ত বৰ্মা আৰু সাহিত্য সভাৰ কৰ্ম কৰ্তা সকল উপস্থিত থাকে।













