
দিল্লীৰ যন্তৰ-মন্তৰত প্ৰতিবাদকাৰীৰ (CJP protest) ওপৰত আৰক্ষীৰ আক্ৰমণৰ দৃশ্য যথেষ্ট চিন্তনীয় আৰু বেদনাদায়ক। শুকুৰবাৰে এই মন্তব্য কৰে উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ উজ্জ্বল ভূঞাই। লগতে সমগ্ৰ আৰক্ষী ব্যৱস্থাৰ সংস্কাৰৰ পোষকতা কৰে। আৰক্ষীৰ ওপৰত ৰাজনৈতিক নিয়ন্ত্ৰণৰ সন্দৰ্ভতো সকীয়াই দিয়ে।
দিল্লীত প্ৰাক্তন নিৰাপত্তা সচিব যশোবৰ্ধন আজাদৰ ‘পুলিচিং দ্য ৰিপাব্লিক’ নামৰ গ্ৰন্থখন উন্মোচনৰ সময়ত ছাত্ৰ প্ৰতিবাদৰ সময়ত আৰক্ষীৰ কাৰ্যকলাপৰ সন্দৰ্ভত ন্যায়াধীশৰ এই মন্তব্যই আৰক্ষী বাহিনীক কাঠগড়াত থিয় কৰাইছে। সংবাদ সংস্থা পিটিআইৰ মতে, ন্যায়াধীশগৰাকীয়ে কয়, “যুৱ আৰক্ষী বিষয়াই প্ৰতিবাদকাৰীক ব্যক্তিগতভাৱে আক্ৰমণ কৰা দেখি আমি হতাশ হৈছোঁ।” লগতে তেওঁ মন্তব্য কৰে যে আৰক্ষীৰ পৰা নিৰপেক্ষতা বাঞ্ছনীয়। কিন্তু সেই নিৰপেক্ষতা ক্ৰমান্বয়ে নাইকিয়া হৈ আহিছে।

তেওঁৰ মতে, অত্যধিক বল প্ৰয়োগ নকৰাকৈ বা জনসাধাৰণৰ অধিকাৰ খৰ্ব নকৰাকৈ আইন-শৃংখলা বজাই ৰাখিব পাৰি। ন্যায়াধীশগৰাকীয়ে কয়, “সৰ্বাধিক সাধাৰণ মানুহৰ বাবে হাতত লাঠি লৈ ৰাজপথত থিয় হৈ থকা আৰক্ষী ৰাষ্ট্ৰৰ প্ৰতীক। গতিকে কাৰোবাৰ অন্যায় হ’লে তেওঁলোকে আৰক্ষীৰ শৰণাপন্ন হয়।” তেওঁ অনুভৱ কৰে, ”আৰক্ষীয়ে সেই বিশ্বাসযোগ্যতা বজাই ৰাখিব লাগে।” ন্যায়াধীশগৰাকীয়ে লগতে সোঁৱৰাই দিয়ে যে ‘আইনৰ শাসন’ বজাই ৰাখিবলৈ সংবিধান মানি চলিবলৈ, নিৰপেক্ষতা বজাই ৰাখিবলৈ, পেছাদাৰী ভূমিকা পালন কৰা, আৰু সাহস, দৃঢ়তা, সততা আৰু ধৰ্মনিৰপেক্ষতা থকাটো প্ৰয়োজনীয়।
আনহাতে, শেহতীয়াকৈ নীট প্ৰশ্নকাকত ফাদিলৰ বিৰুদ্ধে ককৰোচ জনতা পাৰ্টিৰ প্ৰতিবাদ সন্দৰ্ভত ন্যায়াধীশগৰাকীয়ে কয় যে ছাত্ৰ-ছাত্ৰীক প্ৰশ্ন কৰা বা বিভিন্ন মতামত প্ৰকাশ কৰাৰ বাবে শাস্তি দিয়াটো সঠিক নহয়। প্ৰতিবাদকাৰী ছাত্ৰ-ছাত্ৰীৰ বিৰুদ্ধে লোৱা শাস্তিমূলক ব্যৱস্থাক তেওঁ অসাংবিধানিক আৰু ক্ষমতাৰ অপব্যৱহাৰ বুলি গণ্য কৰে।
উল্লেখ্য যে আগষ্টৰ আৰম্ভণিতে তেওঁ কাক ন্যায়াধীশ হিচাপে নিযুক্তি দিয়া হৈছে তাৰ কাৰণসমূহ প্ৰকাশ কৰিবলৈ দাবী জনাইছিল। ন্যায়াধীশগৰাকীয়ে কয়, “এই কাৰণটো প্ৰকাশ নকৰাৰ ফলত এনে কিছুমান লোকক ন্যায়পালিকাত প্ৰৱেশ কৰিবলৈ দিয়া হয়, যিয়ে পিছলৈ কিছুমান মানুহক যিকোনো কথা কয়। এই সকলোবোৰ কথা সম্পূৰ্ণ অসাংবিধানিক।” ন্যায়াধীশ ভূঞাই লগতে কয়, “এই লোকসকলৰ ন্যায়পালিকাত প্ৰৱেশ ৰোধ কৰিবলৈ আলোচনা হ’ব লাগিব, কিছুমান কাৰণ দেখুৱাব লাগিব।”













