
কাৰ্বি আংলং, পশ্চিম কাৰ্বি আংলং আৰু ডিমা হাচাও জিলাত বসবাস কৰা বড়ো জনগোষ্ঠীৰ লোকসকলক জনজাতিৰ মৰ্যাদা প্ৰদানৰ দাবীত কাৰ্বি আংলং জিলা এবছুৰ উদ্যোগত লাংহিনত কৰা প্ৰতিবাদ মঙলবাৰে দ্বিতীয়দিনাও অব্যাহত থাকে। ২০২৬-২৭ বৰ্ষৰ লোকপিয়লত বড়োসকলক জনজাতিৰ মৰ্যাদা প্ৰদানৰ দাবীত সহস্ৰাধিক বড়ো ৰাইজ ৰাজপথলৈ ওলাই আহে।

প্ৰতিবাদকাৰীসকলে হাতে হাতে মোবাইলৰ ফ্লেছ লাইট জ্বলাই তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। সন্ধিয়া ৬ বজাৰ পৰা নিশা ৮ বজালৈ অনুষ্ঠিত এই দুঘণ্টীয়া জোঁৰ সমদলত আৱাল-বৃদ্ধ-বণিতাই স্বতঃস্ফূৰ্তভাৱে অংশগ্ৰহণ কৰে। লগতে চৰকাৰৰ বৈষম্যমূলক নীতিৰ বিৰুদ্ধে প্ৰতিবাদকাৰীসকলে লাংহিনৰ আকাশ-বতাহ কঁপাই তোলে।
বড়ো নেতৃত্ববৰ্গৰ অভিযোগ হৈছে, সাংবিধানিকভাৱে বড়োসকল জনজাতি হিচাপে স্বীকৃত হোৱাৰ পিছতো কাৰ্বি পাহাৰৰ বড়োসকলক সংবিধান প্ৰদত্ত অধিকাৰৰ পৰা বঞ্চিত কৰা হৈছে। লগতে ৰাজ্য তথা কেন্দ্ৰীয় চৰকাৰে তেওঁলোকক ভিন্ন গ্ৰহৰ প্ৰাণীৰ দৰে ব্যৱহাৰৰ কৰাৰো অভিযোগ কৰে। তেওঁলোকক সাংবিধানিক অধিকাৰৰ পৰা বঞ্চিত কৰাৰ অভিযোগ কৰি চলিত লোকপিয়লত যদি এছ টি মৰ্যাদা মৰ্যদা প্ৰদান নকৰে তেন্তে আগন্তুক দিনত এই আন্দোলন অধিক তীব্রতৰ হোৱাৰ হুংকাৰ দিয়ে।













