
এফালে জল প্ৰলয়, আনফালে খোৱাপানীৰ বাবে হাহাকাৰ। পথত পানী, কিন্তু ঘৰত নাই খোৱাপানী। এয়া হৈছে কাৰ্বি আংলঙৰ (Karbi Anglong) শেহতীয়া ছবি।
এজাক বৰষুণতেই পথত খাল সদৃশ পৰিস্থিতিৰ সৃষ্টি হোৱা বাবে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ ন-মাটি সমষ্টিত যাতায়াতৰ ক্ষেত্ৰত ভীষণ অসুবিধাৰ (Terrible trouble with transportation) সৃষ্টি হয়। এই অৱস্থা হৈছে পাৰখোৱা-দংহাপ পথত। প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ পকীপথত ডাম্পাৰৰ দপদপনিত শোচনীয় অৱস্থা হৈছে। যাৰ ফলত পাহাৰীয়া অঞ্চলটোত স্বাস্থ্য সেৱা, স্কুল-কলেজ বন্ধ হোৱাৰ লগতে খোৱাপানী যোগানো স্তব্ধ হৈ পৰিছে। আনহাতে, সকলো দেখিও যেন একো নেদেখাৰ ভাওজুৰি আছে বন বিভাগ আৰু লোক নিৰ্মাণ বিভাগ। আমাৰ হাতলৈ আহিছে এক বিশেষ প্ৰতিবেদন ।

উল্লেখযোগ্য যে ধাৰাসাৰ বৰষুণৰ পিছত কাৰ্বি আংলঙৰ ন-মাটি পৰিষদীয় সমষ্টিৰ পাৰখোৱা-দংহাপ পথত সৃষ্টি হৈছে বিধ্বস্ত ৰূপ। পথ নে পুখুৰী ধৰিবই নোৱাৰি। পি এম জি এছ ৱাই আঁচনিৰ অধীনত নিৰ্মাণ কৰা পকীপথটোৰ এতিয়া কোনো চিনমোকাম নাই। স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি বন বিভাগৰ চকুৰ সন্মুখতে পাহাৰৰ মাটি কটাৰ লগতে অবৈধ মাইনিং চলি আছে। যাৰবাবে পথটোৰে গধুৰ ডাম্পাৰ চলি থকাত পথছোৱা জহি-খহি গৈছে। এই অৱস্থাৰ বাবে এজাক বৰষুণতেই ছাত্ৰ-ছাত্ৰী তথা শিক্ষকসকলৰ হাহাকাৰ অৱস্থাৰ সৃষ্টি হয়। আনহাতে, স্বাস্থ্যকৰ্মীসকলেও অঞ্চলটোত প্ৰৱেশ কৰিবলৈ কুণ্ঠাবোধ কৰে। ইয়াৰ উপৰি জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বিশুদ্ধ খোৱাপানীৰ প্ৰকল্পও প্ৰায় স্তব্ধ হৈ পৰিছে।
সেয়েহে অঞ্চলটোৰ ৰাইজে স্থানীয় কাৰ্যবাহী সদস্য ৰিতেছ ইংহি, হাওৰাঘাটৰ বিধায়ক লুনছিং টেৰণ আৰু কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ডঃ তুলিৰাম ৰংহাঙৰ বিষয়টোত দৃষ্টি আকৰ্ষণ কৰিছে।













