
দুদিনীয়া ভ্ৰমণসূচীৰে আজি ডিফুত উপস্থিত হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। দ্বিতীয়বাৰ ৰাজ্যৰ মুখমন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পিছত প্ৰথমবাৰৰ বাবে পার্বত্য জিলাখনৰ সদৰ ডিফুত উপস্থিত হোৱা মখ্যমন্ত্ৰীক বিভিন্ন দল-সংগঠনে উষ্ম আদৰণি জনায়। বিয়লি ৪.৩০ বজাত ডিফুৰ তাৰালাংছ’ত মুখ্যমন্ত্ৰীৰ হেলিকপ্টাৰ অৱতৰণ কৰাৰ পিছত হেলিপেডৰ পৰা তাৰালাংছ’স্থিত কাজিৰ ৰংহাংপী অতিথিশালা পৰ্যন্ত বিভিন্ন জাতি-জনগোষ্ঠীৰ লোকে পুষ্পবৃষ্টি কৰি তেওঁক আদৰি নিয়ে। ইয়াৰ পিছত কার্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ নেতৃত্বৰ সৈতে মুখ্যমন্ত্ৰী আলোচনাত বহে।

আনহাতে, আজি নিশা কাজিৰ ৰংহাংপী অতিথিশালাত নিশাটো কটোৱাৰ পিছত কাইলৈ পুৱা ৯ বজাৰ পৰা ১০ বজালৈ মুখ্যমন্ত্রীয়ে বিভিন্ন দল-সংগঠন আৰু দলীয় কর্মীসকলৰ সৈতে আলোচনাত মিলিত হ’ব বুলি জানিব পৰা গৈছে। ইয়াৰ পিছত স্থানীয় সাংবাদিকসলৰ সৈতে বার্তালাপ কৰি পুৱা ১০.৪৫ বজাত গুৱাহাটীলৈ ৰাওনা হ’ব। ইফালে আজি মুখ্যমন্ত্রীৰ ডিফু আগমনৰ সময়ত তেওঁক স্বাগতম জনায় কার্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কার্যবাহী সদস্য তথা বিধায়ক তুলিৰাম ৰংহাং, পার্বত্য জিলাখনৰ অন্যান্য বিধায়কসকল, স্বায়ত্তশাসিত পৰিষদৰ কার্যবাহী সদস্য আৰু দলৰ শীর্ষ নেতৃত্বই।













