![]()
১৬ নৱেম্বৰত কাৰ্বিভূমিত ৰচিত হ’ব পাৰে এক নতুন ইতিহাস। বিশ্বৰ বুকুত কাৰ্বি সংস্কৃতিৰ সবল খোজৰ এক সুবৰ্ণ সুযোগ। বিশ্ব অভিলেখ (World Record)সৃষ্টি কৰিব পাৰে কাৰ্বি লোক-সংস্কৃতিয়ে। তাৰ বাবে এতিয়া ব্যাপক প্ৰস্তুতি। হাজাৰ হাজাৰ জনজাতীয় নৃত্যশিল্পীৰ পাৰ ভঙা উছাহ, লগতে কঠোৰ আখৰা।

উল্লেখ্য যে অহা ১৫ নৱেম্বৰৰ পৰা ১৭ নৱেম্বৰলৈ অনুষ্ঠিত হ’ব কাৰ্বি আংলং দিৱসৰ মহাৰজত জয়ন্তী। কাৰ্বি আংলং জিলা গঠনৰ ৭৫ বছৰ উপলক্ষে ব্যাপক আয়োজন কৰা হৈছে। প্ৰতিবছৰে কাৰ্বি আংলং জিলা গঠনৰ দিনটো কাৰ্বি আংলং দিৱস হিচাপে উলহ-মালহেৰে পালন কৰি অহা হৈছে। কিন্তু এইবাৰ মহাৰজত জয়ন্তী উপলক্ষে ১৫-১৭ নৱেম্বৰত তিনিদিনীয়া বিশেষ কাৰ্যসূচী গ্ৰহণ কৰা হৈছে।
এই তিনিদিনীয়া কাৰ্যসূচীৰ ভিতৰত উল্লেখযোগ্য কাৰ্যসূচী হৈছে কাৰ্বিভূমিৰ পৰম্পৰাগত নৃত্যৰে বিশ্ব অভিলেখ গঢ়া। মুখ্যমন্ত্ৰীৰ উপস্থিতিত ১৫ হাজাৰ জনজাতীয় শিল্পীয়ে একেলগে পৰম্পৰাগত নৃত্য পৰিবেশন কৰি গিনিজ ৱৰ্ল্ড ৰেকৰ্ড সৃষ্টিৰ প্ৰয়াস কৰিব। তাৰ বাবে ইতিমধ্যে নৃত্যশিল্পীসকলে চলাই আছে আখৰা। ইফালে এই শিল্পীসকলক উৎসাহিত কৰিবলৈ নিজে ষ্টেডিয়ামত উপস্থিত হৈছে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং।
আখৰা পৰ্যবেক্ষণ কৰি তেওঁ সাংবাদিকৰ আগত কয় যে ১৬ নৱেম্বৰ দিনটো কাৰ্বি আংলঙৰ বাবে এক গৌৰৱৰ দিন হ’বলৈ গৈ আছে। ইয়াৰ পূৰ্বে অন্ধ্ৰপ্ৰদেশত ১৩ হাজাৰ শিল্পীয়ে লোকনৃত্য পৰিৱেশন কৰি বিশ্ব অভিলেখ গঢ়িছিল। এইবাৰ আমি ১৫ হাজাৰ শিল্পীৰে বিশ্ব অভিলেখ গঢ়াৰ লক্ষ্যত অৱতীৰ্ণ হ’ব ওলাইছোঁ। উক্ত কাৰ্যসূচীত গিনিজ ৱৰ্ল্ড ৰেকৰ্ডৰ বিষয়ববীয়াসকল উপস্থিত থাকিব।
যদি এই ৰেকৰ্ড স্থাপন হয় তেন্তে ১৭ নৱেম্বৰৰ মূল অনুষ্ঠানত ইয়াৰ প্ৰমাণ-পত্ৰ প্ৰদান কৰিব।











