
ডিফু চৰকাৰী মহাবিদ্যালয়ৰ অধ্যক্ষৰ দায়িত্ব গ্ৰহণ কৰিলে অধ্যাপক জীৱন ইংতিয়ে। অসম চৰকাৰৰ উচ্চ শিক্ষা বিভাগৰ সঞ্চালকৰ বিশেষ নিৰ্দেশ অনুসৰি, ডিফু চৰকাৰী মহাবিদ্যালয়ৰ ভূগোল বিভাগৰ অধ্যাপক জীৱন ইংতিয়ে শনিবারে বিদায়ী অধ্যক্ষ ড০ নিৰব কুমাৰ শৰ্মাৰ পৰা ডিফু চৰকাৰী মহাবিদ্যালয়ৰ অধ্যক্ষৰ দায়িত্ব গ্ৰহণ কৰে।

মহাবিদ্যালয়ৰ সূত্ৰে জানিব পৰা মতে, অধ্যাপক ইংতিয়ে অৱসৰপ্ৰাপ্ত বিদায়ী অধ্যক্ষ ড০ নিৰব কুমাৰ শৰ্মাৰ পৰা আনুষ্ঠানিকভাৱে অধ্যক্ষৰ কাৰ্যভাৰ গ্ৰহণ কৰে। বিদায়ী অধ্যক্ষ ড০ নিৰব কুমাৰ শৰ্মাক বিদায় সম্ভাষণ জনোৱা আৰু নতুন অধ্যক্ষ জীৱন ইংতিক আদৰণি জনোৱাৰ উদ্দেশ্যে আয়োজন কৰা কাৰ্যসূচীত মহাবিদ্যালয়খনৰ অধ্যাপক-অধ্যাপিকা আৰু ছাত্ৰ-ছাত্ৰীসকল উপস্থিত থাকে।












