
আৰক্ষীয়ে খেদি খেদি জব্দ কৰে কণ্টেইনাৰ বাহনখন। জব্দকৃত বাহনখনৰ নম্বৰ JH 02 BG 5736…। বাগৰি আৰক্ষীয়ে খেদি খেদি জখলাবন্ধাত জব্দ কৰে বাহনখন। বাগৰিৰ পৰা প্ৰায় ৩০ কি:মি: বাট বাহনখন খেদি আহিছিল আৰক্ষীয়ে। জখলাবন্ধা হস্পিতাল চাৰিআলিত জব্দ কৰে গৰুভৰ্তি বাহনখন। আৰক্ষীয়ে আটক কৰে বাহনৰ চালক ৰূপহীহাটৰ আৰ্শ্বদ আলমক। বোকাখাট পৰা ৰূপহীহাট অভিমুখী আছিল বাহনখন। কণ্টেইনাৰখনত ৩০ টা গৰু থকাৰ তথ্য প্ৰকাশ আৰক্ষীৰ।













