
কাৰ্বি আংলং জিলাৰ ডকমকাস্থিত থং নকবে কলেজত আজি এক গুৰুত্বপূৰ্ণ কাৰ্যসূচী ৰূপায়িত হয় । ভাৰত চৰকাৰৰ যুৱ কল্যাণ আৰু ক্ৰীড়া মন্ত্ৰালয়ৰ নিৰ্দেশনাত থং নকবে কলেজৰ এন এছ এছ গোট (NSS Unit) আৰু ৰুকাছেন কলেজৰ এন এছ এছ গোটৰ যৌথ উদ্যোগত ‘বিকশিত ভাৰত যুৱ নেতা ডাইলগ ২০২৭’ (Viksit Bharat Young Leaders Dialogue 2027) আৰু ‘যুৱ সংসদ ২০২৭’ (Youth Parliament 2027) সফলতাৰে অনুষ্ঠিত হৈ যায় ।
“বিকশিত ভাৰতৰ পথত নেতৃত্ব দিয়া” (Lead the Path to Viksit Bharat) মূল মন্ত্ৰৰে আয়োজিত এই অনুষ্ঠানত দুয়োখন মহাবিদ্যালয়ৰ ভালেসংখ্যক ছাত্ৰ-ছাত্ৰী আৰু এন এছ এছৰ স্বেচ্ছাসেৱকে অংশগ্ৰহণ কৰে । যুৱ প্ৰজন্মৰ মাজত দেশ গঠনৰ প্ৰতি সজাগতা বৃদ্ধি কৰা, সংসদীয় প্ৰক্ৰিয়াৰ সৈতে চিনাকি কৰাই দিয়া আৰু নতুন ভাৰতৰ সপোনক বাস্তৱায়িত কৰিবলৈ যুৱ শক্তিক উদ্বুদ্ধ কৰাই আছিল এই সমগ্ৰ কাৰ্যসূচীৰ মূল লক্ষ্য ।

এই বিশেষ ডাইলগ আৰু সংসদীয় আলোচনাৰ অনুষ্ঠানত ছাত্ৰ-ছাত্ৰীসকলে দেশৰ বিভিন্ন গুৰুত্বপূৰ্ণ বিষয়, শিক্ষা, উন্নয়ন আৰু যুৱ সমাজৰ কৰণীয় সম্পৰ্কে নিজৰ যুক্তিপূৰ্ণ মতামত দাঙি ধৰে ।
মহাবিদ্যালয়ৰ অধ্যক্ষ, এন এছ এছৰ কাৰ্যসূচী বিষয়ববীয়া তথা শিক্ষক মণ্ডলীৰ উপস্থিতিয়ে যুৱ ছাত্ৰ-ছাত্ৰীসকলক যথেষ্ট উৎসাহিত কৰা পৰিলক্ষিত হয় । কাৰ্বি আংলং জিলাৰ শৈক্ষিক সমাজৰ মাজত ডকমকা থং নকবে কলেজ আৰু ৰুকাছেন কলেজৰ এই যৌথ প্ৰয়াসে এক বিশেষ ইতিবাচক সঁহাৰি লাভ কৰিছে।













