ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

INDIA rally : ইণ্ডিয়াৰ সমাবেশৰ বাবে বন্ধ ২.৫ লাখ দোকান, লোকচান ১১ হাজাৰ কোটি; বণিক সন্থাৰ দাবী

নিউজ ডেস্কঃ

News Desk by News Desk
November 2, 2026
Reading Time: 1 min read
A A
0
INDIA rally : ইণ্ডিয়াৰ সমাবেশৰ বাবে বন্ধ ২.৫ লাখ দোকান, লোকচান ১১ হাজাৰ কোটি; বণিক সন্থাৰ দাবী

RELATED POSTS

Murasu cyclone : ‘অৰ্ণৱ’ৰ পিছত এইবাৰে আহিছে ‘মুৰাছু’; ঘূৰ্ণীবতাহৰ বাবে প্ৰচণ্ড বৰষুণত বুৰ গ’ল চেন্নাই, ইখনৰ পিছত সিখন বিমান বাতিল

Bullet Train : বেংগালুৰুৰ কাৰখানাত নিৰ্মাণ আৰম্ভ দেশৰ প্ৰথমখন বুলেট ট্ৰেইন

AAP MLA resigns : পঞ্জাবৰ নিৰ্বাচনৰ পূৰ্বে আপত আঘাত, ঝাড়ু এৰি পদুমত ধৰিলে ৩ বিধায়কে

New Logo Smal 1 | ASSAM TIMES POST

দীপাৱলীৰ পূৰ্বে অন্তিমটো দেওবাৰ আছিল ১ নৱেম্বৰ। সেইদিনা বিৰোধী মিত্ৰজোঁট ‘ইণ্ডিয়া’ৰ কাৰ্যসূচীৰ বাবে দিল্লীৰ বহু দোকান বন্ধ ৰাখিবলগা হয়। দিল্লী বণিক সন্থাই দাবী কৰা মতে, দেওবাৰে বিৰোধীৰ ৰেলীৰ বাবে ৰাজধানীৰ বিভিন্ন বজাৰ এলেকাত প্ৰায় ২.৫ লাখ দোকান বন্ধ হৈ পৰে। ইয়াৰ বাবে ব্যৱসায়ীসকলে ১০-১১ হাজাৰ কোটি টকা লোকচানৰ সন্মুখীন হ’বলগীয়া হয়। এইবাৰ বণিক সন্থাই প্ৰশ্ন উত্থাপন কৰিছে যে কোনে এই লোকচানৰ ক্ষতিপূৰণ দিব।

যোৱা দেওবাৰে দিল্লীৰ ৰামলীলা ময়দানত বিৰোধীৰ সমাবেশক লৈ দিল্লী চেম্বাৰ অব কমাৰ্চ এণ্ড ইণ্ডাষ্ট্ৰীয়ে আৰম্ভণিৰে পৰা আপত্তি প্ৰকাশ কৰিছিল। চেম্বাৰ অব কমাৰ্চ এণ্ড ইণ্ডাষ্ট্ৰীয়ে উৎসৱৰ বতৰ শেষ হোৱাৰ পিছত এই কাৰ্যসূচী আয়োজন কৰিবলৈ অনুৰোধ জনাইছিল। দীপাৱলীৰ পূৰ্বে ব্যস্ত বজাৰৰ বতৰত লোকচানৰ আশংকা প্ৰকাশ কৰি লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীকে ধৰি বিৰোধী নেতালৈ কেইবাখনো পত্ৰ প্ৰেৰণ কৰিছিল। ব্যৱসায়ীসকলৰ উদ্বেগক লৈ সৃষ্টি হোৱা প্ৰতিক্ৰিয়াৰ মাজতে দেওবাৰে ৰামলীলাত ‘ইণ্ডিয়া’ৰ এক সমাবেশ অনুষ্ঠিত হয়। আনহাতে, ব্যৱসায়ত হোৱা লোকচানৰ বাবে বিজেপিক দোষাৰোপ কৰি আঙুলি টোঁৱায় ৰাহুল গান্ধীয়ে। কংগ্ৰেছ নেতাগৰাকীয়ে দাবী কৰে যে বিজেপিয়ে জোৰকৈ দোকান বন্ধ কৰিবলৈ বাধ্য কৰাইছে। ইফালে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ব্যৱসায়ীসকলৰ অনুৰোধ “কৰ্ণপাত নকৰা”ৰ বাবে বিৰোধী নেতৃত্বক সমালোচনা কৰে ।

এই ৰাজনৈতিক আক্ৰমণ আৰু প্ৰত্যাক্ৰমণৰ মাজতে বণিক সন্থাই এইবাৰ ক্ষয়-ক্ষতিৰ পৰিসংখ্যা প্ৰকাশ কৰিছে। বণিক সন্থাৰ অধ্যক্ষ ব্ৰিজেশ গোৱেলে কয় যে এই ৰেলীৰ বাবে ৰামলীলা ময়দানৰ আশে-পাশে প্ৰায় ২০-২৫ টা বজাৰ অঞ্চলৰ ব্যৱসায়ীসকল ক্ষতিগ্ৰস্ত হৈছে। প্ৰায় তিনি লাখ দোকান-পোহাৰ তাত আছে। বণিক সন্থাই বিভিন্ন বজাৰ অঞ্চলৰ ব্যৱসায়ীসকলৰ ৱাটছএপ গোটৰ পৰা জানিব পাৰিছে যে সেই অঞ্চলসমূহত প্ৰায় ডেৰ লাখ দোকান (যি বজাৰসমূহৰ মুঠ দোকানৰ প্ৰায় ৮০ শতাংশ) বন্ধ হৈ আছে।

বণিকসন্থাৰ হৈ এক বিবৃতিত ব্ৰিজেশে কয়, “ৰামলীলা ময়দানৰ পৰা পাঁচ কিলোমিটাৰৰ ভিতৰত দোকান বন্ধ কৰি দিয়া হৈছিল।” তেওঁ লগতে কয় যে এই তালিকাত কাশ্মীৰী গেট, মৰি গেট, চান্দনী চক, চোৰী বজাৰ, খাৰি বাওলি, নয়া বজাৰ, সদৰ বজাৰ, আজমেৰী গেট, দৰিয়াগঞ্জ, পাহাৰগঞ্জ, ফাতেহপুৰী, তিলক বজাৰ, কন’ট প্লেচ, পালিকা বজাৰ, কেৰল বাগকে ধৰি বিভিন্ন গুৰুত্বপূৰ্ণ বজাৰ এলেকাৰ বহু দোকান সন্নিবিষ্ট কৰা হৈছে।

indi | ASSAM TIMES POST
ইণ্ডিয়াৰ সমাবেশৰ বাবে বন্ধ ২.৫ লাখ দোকান, লোকচান ১১ হাজাৰ কোটি; বণিক সন্থাৰ দাবী

চেম্বাৰ অব কমাৰ্চ এণ্ড ইণ্ডাষ্ট্ৰীয়েও এক বিবৃতিত কয় যে ব্যস্ত দীপাৱলীৰ বতৰত এই বজাৰসমূহৰ জৰিয়তে দিল্লীত প্ৰায় ১০-১২,০০০ কোটি টকাৰ ক্ৰয় কৰা হৈছিল। তেওঁলোকৰ মতে, অধিকাংশ দোকান বন্ধ আছিল। বাকী খোলা দোকানবোৰতো প্ৰায় বিক্ৰী হোৱা নাছিল। ব্যৱসায়ত প্ৰায় ১১ হাজাৰ টকাৰ লোকচানৰ কথা উল্লেখ কৰি ব্রিজেশে প্রশ্ন কৰে, “এতিয়া ইয়াৰ ক্ষতিপূৰণ কোনে দিব, লোকচানৰ ক্ষতিপূৰণ আয়োজকসকলে দিবনে?”

ইয়াৰ উপৰি ৰাজধানীৰ আশে-পাশে থকা অঞ্চলৰ পৰা বজাৰ বা সামগ্ৰী ডেলিভাৰী কৰিবলৈ দিল্লীলৈ অহাসকলেও এই সমাবেশৰ বাবে সমস্যাৰ সন্মুখীন হোৱা বুলি সংগঠনটোৱে দাবী কৰে। তেওঁলোকে দাবী কৰে যে প্ৰতিদিনে ব্যৱসায়িক উদ্দেশ্যত দিল্লীলৈ যোৱা প্ৰায় তিনি-চাৰি লাখ লোকে দেওবাৰে দিল্লীলৈ যাব নোৱাৰিলে। ব্ৰিজেশৰ দাবী যে পুৰণি দিল্লী আৰু মধ্য দিল্লীৰ বজাৰলৈ সামগ্ৰী ডেলিভাৰী কৰা ট্ৰাক আৰু টেম্পোৰ প্ৰায় ৫ হাজাৰ ট্ৰাকে ডেলিভাৰী কৰিব পৰা নাছিল।

উল্লেখ্য যে সমাবেশৰ আগনিশা ৰাহুল গান্ধীয়ে ভিডিঅ’ মেছেজত দাবী কৰিছিল যে তেওঁলোকৰ কাৰ্যসূচীৰ বাবে ব্যৱসায়ীসকলৰ কোনো ক্ষতি নহ’ব। লোকসভাৰ বিৰোধী দলপতিগৰাকীয়ে এই সমাবেশত যোগদান কৰিবলৈ অহা সমৰ্থকসকলক প্ৰতিবাদৰ লগতে বজাৰ কৰিবলৈ পৰামৰ্শ দিছিল। দেওবাৰে হুডযুক্ত জীপেৰে ৰামলীলালৈ যোৱাৰ পথত ব্যৱসায়ীসকলৰ উদ্বেগক লৈ পুনৰবাৰ মুখ খোলে ৰাহুলে গান্ধীয়ে। একে সময়তে তেওঁ বিজেপিকো লক্ষ্য কৰি লয়। তেওঁ কয়, “আমি সকলোকে কৈছিলোঁ যে সভালৈ আহিলে কিছু বজাৰ কৰিব। কিন্তু আমি কন’ট প্লেচলৈ আহোঁতে দেখিলোঁ যে বিজেপিয়ে বলপূৰ্বকভাৱে প্ৰতিখন দোকান বন্ধ কৰি দিছে। গতিকে আপোনালোকে জানিব লাগে যে কোনে ব্যৱসায়ীসকলৰ ক্ষতি কৰিছে আৰু কেনেকৈ কৰা হৈছে।”

ইফালে দিল্লীৰ ব্যৱসায়ীসকলৰ কাতৰ অনুৰোধ নুশুনা বুলি অমিত শ্বাহে ৰাহুল গান্ধীক প্ৰত্যুত্তৰ দিয়ে। ব্যৱসায়ীসকলৰ চিন্তাৰ উদ্ধৃতি দি তেওঁ কয়, “সমগ্ৰ বছৰটোত এটা দিন বা এসপ্তাহ ব্যৱসায় ভাল হয়। এই তিনি-চাৰি দিনত ২৫ হাজাৰ কোটি টকাৰ ব্যৱসায় হয়। উত্তৰ ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা মানুহ দিল্লীৰ পাইকাৰী বজাৰলৈ আহি দীপাৱলীৰ বাবে বজাৰ কৰিবলৈ আহে।” ব্যৱসায়ীসকলৰ উদ্বেগক “গুৰুত্ব নিদিয়াকৈ” দীপাৱলীৰ আগৰ শেষ দেওবাৰে সমাবেশ অনুষ্ঠিত কৰাৰ বাবে তেওঁ ৰাহুল গান্ধীক লক্ষ্য কৰি লয়।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: INDIArally
Share4Tweet3Send

Related Posts

Murasu cyclone : ‘অৰ্ণৱ’ৰ পিছত এইবাৰে আহিছে ‘মুৰাছু’; ঘূৰ্ণীবতাহৰ বাবে প্ৰচণ্ড বৰষুণত বুৰ গ’ল চেন্নাই, ইখনৰ পিছত সিখন বিমান বাতিল
National-International

Murasu cyclone : ‘অৰ্ণৱ’ৰ পিছত এইবাৰে আহিছে ‘মুৰাছু’; ঘূৰ্ণীবতাহৰ বাবে প্ৰচণ্ড বৰষুণত বুৰ গ’ল চেন্নাই, ইখনৰ পিছত সিখন বিমান বাতিল

by News Desk
November 2, 2026
50
Bullet Train : বেংগালুৰুৰ কাৰখানাত নিৰ্মাণ আৰম্ভ দেশৰ প্ৰথমখন বুলেট ট্ৰেইন
National-International

Bullet Train : বেংগালুৰুৰ কাৰখানাত নিৰ্মাণ আৰম্ভ দেশৰ প্ৰথমখন বুলেট ট্ৰেইন

by News Desk
November 2, 2026
50
AAP MLA resigns : পঞ্জাবৰ নিৰ্বাচনৰ পূৰ্বে আপত আঘাত, ঝাড়ু এৰি পদুমত ধৰিলে ৩ বিধায়কে
National-International

AAP MLA resigns : পঞ্জাবৰ নিৰ্বাচনৰ পূৰ্বে আপত আঘাত, ঝাড়ু এৰি পদুমত ধৰিলে ৩ বিধায়কে

by News Desk
November 2, 2026
50
Rahul Gandhi : নকল সংসদতেই জীৱন কটাব লাগিব, প্ৰধানমন্ত্ৰী হোৱাৰ সপোন পূৰণ নহয়; ৰাহুল গান্ধীক আক্ৰমণ অমিত শ্বাহৰ
National-International

Rahul Gandhi : নকল সংসদতেই জীৱন কটাব লাগিব, প্ৰধানমন্ত্ৰী হোৱাৰ সপোন পূৰণ নহয়; ৰাহুল গান্ধীক আক্ৰমণ অমিত শ্বাহৰ

by News Desk
November 2, 2026
50
Student attack in class room : শ্ৰেণীকোঠাত প্ৰৱেশ কৰি কৰতেৰে আক্ৰমণ, সংকটজনক দুই ছাত্ৰী
National-International

Student attack in class room : শ্ৰেণীকোঠাত প্ৰৱেশ কৰি কৰতেৰে আক্ৰমণ, সংকটজনক দুই ছাত্ৰী

by News Desk
October 31, 2026
53
Dhruv Rathi : ধ্ৰুৱ ৰাথীক পুনৰ আৰক্ষীৰ চমন, পুৰণি মানহানিৰ গোচৰত ৱাৰেণ্ট জাৰি দিল্লী আদালতৰ
National-International

Dhruv Rathi : ধ্ৰুৱ ৰাথীক পুনৰ আৰক্ষীৰ চমন, পুৰণি মানহানিৰ গোচৰত ৱাৰেণ্ট জাৰি দিল্লী আদালতৰ

by News Desk
October 31, 2026
51
ADVERTISEMENT
ডকমকাৰ থং নকবে কলেজত ‘বিকশিত ভাৰত যুৱ নেতা ডাইলগ ২০২৭’ আৰু ‘যুৱ সংসদ’ৰ সফল আয়োজন
KARBI ANGLONG

ডকমকাৰ থং নকবে কলেজত ‘বিকশিত ভাৰত যুৱ নেতা ডাইলগ ২০২৭’ আৰু ‘যুৱ সংসদ’ৰ সফল আয়োজন

November 2, 2026
50
Murasu cyclone : ‘অৰ্ণৱ’ৰ পিছত এইবাৰে আহিছে ‘মুৰাছু’; ঘূৰ্ণীবতাহৰ বাবে প্ৰচণ্ড বৰষুণত বুৰ গ’ল চেন্নাই, ইখনৰ পিছত সিখন বিমান বাতিল
National-International

Murasu cyclone : ‘অৰ্ণৱ’ৰ পিছত এইবাৰে আহিছে ‘মুৰাছু’; ঘূৰ্ণীবতাহৰ বাবে প্ৰচণ্ড বৰষুণত বুৰ গ’ল চেন্নাই, ইখনৰ পিছত সিখন বিমান বাতিল

November 2, 2026
50
Bullet Train : বেংগালুৰুৰ কাৰখানাত নিৰ্মাণ আৰম্ভ দেশৰ প্ৰথমখন বুলেট ট্ৰেইন
National-International

Bullet Train : বেংগালুৰুৰ কাৰখানাত নিৰ্মাণ আৰম্ভ দেশৰ প্ৰথমখন বুলেট ট্ৰেইন

November 2, 2026
50
INDIA rally : ইণ্ডিয়াৰ সমাবেশৰ বাবে বন্ধ ২.৫ লাখ দোকান, লোকচান ১১ হাজাৰ কোটি; বণিক সন্থাৰ দাবী
National-International

INDIA rally : ইণ্ডিয়াৰ সমাবেশৰ বাবে বন্ধ ২.৫ লাখ দোকান, লোকচান ১১ হাজাৰ কোটি; বণিক সন্থাৰ দাবী

November 2, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

ডকমকাৰ থং নকবে কলেজত ‘বিকশিত ভাৰত যুৱ নেতা ডাইলগ ২০২৭’ আৰু ‘যুৱ সংসদ’ৰ সফল আয়োজন

ডকমকাৰ থং নকবে কলেজত ‘বিকশিত ভাৰত যুৱ নেতা ডাইলগ ২০২৭’ আৰু ‘যুৱ সংসদ’ৰ সফল আয়োজন

November 2, 2026
Murasu cyclone : ‘অৰ্ণৱ’ৰ পিছত এইবাৰে আহিছে ‘মুৰাছু’; ঘূৰ্ণীবতাহৰ বাবে প্ৰচণ্ড বৰষুণত বুৰ গ’ল চেন্নাই, ইখনৰ পিছত সিখন বিমান বাতিল

Murasu cyclone : ‘অৰ্ণৱ’ৰ পিছত এইবাৰে আহিছে ‘মুৰাছু’; ঘূৰ্ণীবতাহৰ বাবে প্ৰচণ্ড বৰষুণত বুৰ গ’ল চেন্নাই, ইখনৰ পিছত সিখন বিমান বাতিল

November 2, 2026
Bullet Train : বেংগালুৰুৰ কাৰখানাত নিৰ্মাণ আৰম্ভ দেশৰ প্ৰথমখন বুলেট ট্ৰেইন

Bullet Train : বেংগালুৰুৰ কাৰখানাত নিৰ্মাণ আৰম্ভ দেশৰ প্ৰথমখন বুলেট ট্ৰেইন

November 2, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d