ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Assam

Assam 30th October blast : অভিশপ্ত ৩০ অক্টোবৰ, ১৮ বছৰ পাছতো সজীৱ শোকৰ ছাঁ, আজিও কঁপি উঠে অসমীয়াৰ বুকু

নিউজ ডেস্কঃ

News Desk by News Desk
October 30, 2026
Reading Time: 1 min read
A A
0
Assam 30th October blast : অভিশপ্ত ৩০ অক্টোবৰ, ১৮ বছৰ পাছতো সজীৱ শোকৰ ছাঁ, আজিও কঁপি উঠে অসমীয়াৰ বুকু

RELATED POSTS

Silchar-Guwahati passenger : শিলচৰ-গুৱাহাটী পেচেঞ্জাৰ ৰে’লৰ ইঞ্জিন লাইনচ্যুত

Human-elephant conflict : তামুলপুৰ ভূটান সীমান্তত ভয়ংকৰ ৰূপত হাতী-মানুহৰ সংঘাত

Child marriage : বাল্যবিবাহ বিৰোধী অভিযানত কাছাৰত গ্ৰেপ্তাৰ ২৭ জন

New Logo Smal 1 | ASSAM TIMES POST

৩০ অক্টোবৰ। অসমৰ ইতিহাসৰ এটা ক’লা দিন। বিভীষিকাময় এই দিনটো বহু পৰিয়াল আৰু ব্যক্তিৰ বাবে আছিল এক বেদনাময় আৰু কোনো দিনে পাহৰিব নোৱাৰা দিন।

২০০৮ চনৰ এই দিনটোতে সংঘটিত হৈছিল ৰাজ্যত ভয়াৱহ ধাৰাবাহিক বোমা বিস্ফোৰণ। এই বিস্ফোৰণে সমগ্ৰ ৰাজ্যখনক কঁপাই তুলিছিল।
হয়, ‘অভিশপ্ত ৩০ অক্টোবৰ’। ২০০৮ চনৰ আজিৰ দিনটোতে বৰ্বৰ সন্ত্ৰাসবাদীৰ ধাৰাবাহিক বোমা বিস্ফোৰণে ছাৰখাৰ কৰি দিছিল নিৰীহ অসমীয়াৰ হাঁহি-কান্দোনৰ সংসাৰ। দীপান্বিতাৰ আনন্দৰ উছাহ মাৰ নৌযাওঁতেই দিনৰ প্ৰায় ১১.৩০ বজাত ঘটা ধাৰাবাহিক বিস্ফোৰণৰ শব্দই স্তব্ধ কৰি তুলিছিল সমগ্ৰ অসমক। আজি এই ভয়াৱহ ঘটনাৰ ১৮ বছৰ সম্পূৰ্ণ হ’ল যদিও ইয়াৰ বেদনাৰ ছাঁ আজিও মচ খাই যোৱা নাই ৰাজ্যবাসীৰ মনৰ পৰা। 

২০০৮ চনৰ ৩০ অক্টোবৰৰ সেই অভিশপ্ত দিনটোত গুৱাহাটী, কোকৰাঝাৰ, বঙাইগাঁও আৰু বৰপেটাৰোডকে ধৰি ৰাজ্যৰ প্ৰায় ৯টা ব্যস্ত স্থানত ধাৰাবাহিকভাৱে ১৮টাকৈ ভয়ংকৰ বোমা বিস্ফোৰণ ঘটিছিল।

মহানগৰীৰ আটাইতকৈ ব্যস্ত অঞ্চল গণেশগুৰি, পাণবজাৰ আৰু ফাঁচীবজাৰত কাৰ বোমাৰ জৰিয়তে উচ্চ প্ৰাবল্যৰ বিস্ফোৰণ ঘটোৱা হৈছিল। পলকতে এই অঞ্চলসমূহ জ্বলন্ত অগ্নিপিণ্ড আৰু মৃতদেহৰ স্তূপত পৰিণত হৈছিল। 

ghy 9 | ASSAM TIMES POST
অভিশপ্ত ৩০ অক্টোবৰ, ১৮ বছৰ পাছতো সজীৱ শোকৰ ছাঁ, আজিও কঁপি উঠে অসমীয়াৰ বুকু

এই বৰ্বৰ আক্ৰমণত থিতাতে আৰু চিকিৎসাধীন অৱস্থাত ৮১ গৰাকী নিৰীহ লোকে প্ৰাণ হেৰুৱাইছিল। লগতে ৪৭০ জনতকৈও অধিক লোক গুৰুতৰভাৱে আহত হৈছিল। বহু লোক চিৰদিনৰ বাবে পংগু হৈ পৰিছিল।

পৰৱৰ্তী সময়ত কেন্দ্ৰীয় তদন্তকাৰী সংস্থাৰ (CBI) তদন্তত পোহৰলৈ আহে যে এই সমগ্ৰ নৃশংস হত্যাকাণ্ডৰ নেপথ্যত আছিল বড়ো উগ্ৰপন্থী সংগঠন এনডিএফবিৰ ৰঞ্জন ডাইমাৰী গোট। আৰডিএক্স আৰু ৰাসায়নিক ব্যৱহাৰ কৰি অতি পৰিকল্পিতভাৱে এই আক্ৰমণ চলোৱা হৈছিল। ২০১৯ চনত চিবিআইৰ বিশেষ আদালতে মুখ্য অভিযুক্ত ৰঞ্জন ডাইমাৰীসহ ১৫ জন অভিযুক্তক দোষী সাব্যস্ত কৰে আৰু পৰৱৰ্তী সময়ত গুৱাহাটী উচ্চ ন্যায়ালয়ে দৈমাৰীৰ যাৱজ্জীৱন কাৰাদণ্ডৰ ৰায় বাহাল ৰাখে। 

আজি ১৮ বছৰীয়া বৰ্ষপূৰ্তি উপলক্ষে সমগ্ৰ অসমতে নিহতসকলৰ সোঁৱৰণত শ্ৰদ্ধাঞ্জলিৰ জনোৱা হৈছে। গুৱাহাটীৰ গণেশগুৰি উৰণীয়া সেতুৰ তলত থকা স্মৃতিসৌধৰ লগতে বিভিন্ন স্থানত নিহতসকলৰ পৰিয়াল আৰু সাধাৰণ ৰাইজে বন্তি প্ৰজ্বলন কৰি একাঁজলি অশ্ৰুসিক্ত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। আনহাতে, অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাময়ো সামাজিক মাধ্যমৰ জৰিয়তে এই দিনটোক অসমৰ ইতিহাসৰ অন্যতম ক’লা অধ্যায় বুলি অভিহিত কৰি ভুক্তভোগী পৰিয়ালসমূহলৈ সমবেদনা জ্ঞাপন কৰে। লগতে অসমত পুনৰ যাতে কেতিয়াও এনে সন্ত্ৰাসবাদৰ ক’লা দিন ঘূৰি নাহে, তাৰ বাবে চৰকাৰ দায়বদ্ধ বুলি উল্লেখ কৰে।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: Assam30thOctoberblast
Share4Tweet3Send

Related Posts

Silchar-Guwahati passenger : শিলচৰ-গুৱাহাটী পেচেঞ্জাৰ ৰে’লৰ ইঞ্জিন লাইনচ্যুত
Assam

Silchar-Guwahati passenger : শিলচৰ-গুৱাহাটী পেচেঞ্জাৰ ৰে’লৰ ইঞ্জিন লাইনচ্যুত

by News Desk
October 29, 2026
51
Human-elephant conflict : তামুলপুৰ ভূটান সীমান্তত ভয়ংকৰ ৰূপত হাতী-মানুহৰ সংঘাত
Assam

Human-elephant conflict : তামুলপুৰ ভূটান সীমান্তত ভয়ংকৰ ৰূপত হাতী-মানুহৰ সংঘাত

by News Desk
October 28, 2026
51
Child marriage : বাল্যবিবাহৰ বিৰুদ্ধে পুনৰ কঠোৰ অসম আৰক্ষী, ৰাজ্যৰ বিভিন্ন স্থানত অভিযান চলাই ২ শতাধিকক গ্ৰেপ্তাৰ
Assam

Child marriage : বাল্যবিবাহ বিৰোধী অভিযানত কাছাৰত গ্ৰেপ্তাৰ ২৭ জন

by News Desk
October 28, 2026
52
Child marriage : বাল্যবিবাহৰ বিৰুদ্ধে পুনৰ কঠোৰ অসম আৰক্ষী, ৰাজ্যৰ বিভিন্ন স্থানত অভিযান চলাই ২ শতাধিকক গ্ৰেপ্তাৰ
Assam

Child marriage : বাল্যবিবাহৰ বিৰুদ্ধে পুনৰ কঠোৰ অসম আৰক্ষী, ৰাজ্যৰ বিভিন্ন স্থানত অভিযান চলাই ২ শতাধিকক গ্ৰেপ্তাৰ

by News Desk
October 27, 2026
51
Sarupathar rape case : সৰুপথাৰত পঞ্চাশোৰ্ধ্বৰ মহিলাক ধৰ্ষণ, অভিযুক্তক গ্ৰেপ্তাৰ
Assam

Sarupathar rape case : সৰুপথাৰত পঞ্চাশোৰ্ধ্বৰ মহিলাক ধৰ্ষণ, অভিযুক্তক গ্ৰেপ্তাৰ

by News Desk
October 26, 2026
51
Tezpur : তেজপুৰ গোটলুং নামপাৰাত ডিঙি চেপি হত্যা, এজনক আটক
Assam

Tezpur : তেজপুৰ গোটলুং নামপাৰাত ডিঙি চেপি হত্যা, এজনক আটক

by News Desk
October 26, 2026
51
ADVERTISEMENT
Assam 30th October blast : অভিশপ্ত ৩০ অক্টোবৰ, ১৮ বছৰ পাছতো সজীৱ শোকৰ ছাঁ, আজিও কঁপি উঠে অসমীয়াৰ বুকু
Assam

Assam 30th October blast : অভিশপ্ত ৩০ অক্টোবৰ, ১৮ বছৰ পাছতো সজীৱ শোকৰ ছাঁ, আজিও কঁপি উঠে অসমীয়াৰ বুকু

October 30, 2026
50
Delhi protest : তাৰিখ বা স্থান সলনি কৰক, ৰাহুল গান্ধীৰ পিছত ৰামলীলা ময়দান ৰেলী সন্দৰ্ভত ছোনিয়া গান্ধীলৈ দিল্লীৰ ব্যৱসায়ীৰ পত্ৰ
National-International

Delhi protest : তাৰিখ বা স্থান সলনি কৰক, ৰাহুল গান্ধীৰ পিছত ৰামলীলা ময়দান ৰেলী সন্দৰ্ভত ছোনিয়া গান্ধীলৈ দিল্লীৰ ব্যৱসায়ীৰ পত্ৰ

October 30, 2026
50
Mock Parliament : শেষ মুহূৰ্তত স্থগিত জ্ঞানেশ কুমাৰৰ অপসাৰণত আয়োজন কৰা ‘নকল সংসদ’
National-International

Mock Parliament : শেষ মুহূৰ্তত স্থগিত জ্ঞানেশ কুমাৰৰ অপসাৰণত আয়োজন কৰা ‘নকল সংসদ’

October 30, 2026
50
Uttarakhand Copter crash : বদ্ৰীনাথৰ পৰা ৫ যাত্ৰী লৈ যোশীমঠলৈ উভতাৰ পথত হেলিকপ্টাৰ দুৰ্ঘটনা
National-International

Uttarakhand Copter crash : বদ্ৰীনাথৰ পৰা ৫ যাত্ৰী লৈ যোশীমঠলৈ উভতাৰ পথত হেলিকপ্টাৰ দুৰ্ঘটনা

October 30, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Assam 30th October blast : অভিশপ্ত ৩০ অক্টোবৰ, ১৮ বছৰ পাছতো সজীৱ শোকৰ ছাঁ, আজিও কঁপি উঠে অসমীয়াৰ বুকু

Assam 30th October blast : অভিশপ্ত ৩০ অক্টোবৰ, ১৮ বছৰ পাছতো সজীৱ শোকৰ ছাঁ, আজিও কঁপি উঠে অসমীয়াৰ বুকু

October 30, 2026
Delhi protest : তাৰিখ বা স্থান সলনি কৰক, ৰাহুল গান্ধীৰ পিছত ৰামলীলা ময়দান ৰেলী সন্দৰ্ভত ছোনিয়া গান্ধীলৈ দিল্লীৰ ব্যৱসায়ীৰ পত্ৰ

Delhi protest : তাৰিখ বা স্থান সলনি কৰক, ৰাহুল গান্ধীৰ পিছত ৰামলীলা ময়দান ৰেলী সন্দৰ্ভত ছোনিয়া গান্ধীলৈ দিল্লীৰ ব্যৱসায়ীৰ পত্ৰ

October 30, 2026
Mock Parliament : শেষ মুহূৰ্তত স্থগিত জ্ঞানেশ কুমাৰৰ অপসাৰণত আয়োজন কৰা ‘নকল সংসদ’

Mock Parliament : শেষ মুহূৰ্তত স্থগিত জ্ঞানেশ কুমাৰৰ অপসাৰণত আয়োজন কৰা ‘নকল সংসদ’

October 30, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d