ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Delhi protest : তাৰিখ বা স্থান সলনি কৰক, ৰাহুল গান্ধীৰ পিছত ৰামলীলা ময়দান ৰেলী সন্দৰ্ভত ছোনিয়া গান্ধীলৈ দিল্লীৰ ব্যৱসায়ীৰ পত্ৰ

নিউজ ডেস্কঃ

News Desk by News Desk
October 30, 2026
Reading Time: 1 min read
A A
0
Delhi protest : তাৰিখ বা স্থান সলনি কৰক, ৰাহুল গান্ধীৰ পিছত ৰামলীলা ময়দান ৰেলী সন্দৰ্ভত ছোনিয়া গান্ধীলৈ দিল্লীৰ ব্যৱসায়ীৰ পত্ৰ

RELATED POSTS

Mock Parliament : শেষ মুহূৰ্তত স্থগিত জ্ঞানেশ কুমাৰৰ অপসাৰণত আয়োজন কৰা ‘নকল সংসদ’

Uttarakhand Copter crash : বদ্ৰীনাথৰ পৰা ৫ যাত্ৰী লৈ যোশীমঠলৈ উভতাৰ পথত হেলিকপ্টাৰ দুৰ্ঘটনা

Noida : গ্ৰেটাৰ নয়ডাৰ ২৪ মহলাৰ পৰা পৰি পিতৃ-পুত্ৰৰ মৃত্যু, আত্মহত্যা নে দুৰ্ঘটনা?

New Logo Smal 1 | ASSAM TIMES POST

লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীৰ ওচৰত কৰা আবেদনৰ কোনো ফল নাপালে। দেৱালীৰ পূৰ্বে মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত ৰামলীলা ময়দানত ‘ইণ্ডিয়া’ৰ সমাৱেশৰ পূৰ্বে দিল্লী চেম্বাৰ অব ট্ৰেড এণ্ড ইণ্ডাষ্ট্ৰীয়ে কংগ্ৰেছৰ সংসদীয় দলৰ অধ্যক্ষ ছোনিয়া গান্ধীলৈ পত্ৰ লিখি লোকচান বচাবলৈ অনুৰোধ জনাইছে। অহা দেওবাৰে (১ নৱেম্বৰ) ৰামলীলা মৈদানত বিৰোধী মিত্ৰজোঁট ‘ইণ্ডিয়া’ৰ প্ৰস্তাৱিত সমাৱেশ পিছুৱাই দিবলৈ অনুৰোধ জনাই ছোনিয়ালৈ লিখা এখন পত্ৰত চিটিআইৰ অধ্যক্ষ ব্ৰিজেশ গোৱালে ১০-১১ নৱেম্বৰ বা তাৰ পিছত অৰ্থাৎ দীপাৱলী উৎসৱৰ পিছত এই সমাৱেশ অনুষ্ঠিত কৰিবলৈ অনুৰোধ জনাইছে।

যদিহে এই সমাৱেশ একেবাৰে পিছুৱাই দিয়া সম্ভৱ নহয়, তেন্তে দিল্লীৰ হৃদপিণ্ড ৰামলীলা মৈদানৰ পৰিৱৰ্তে উত্তৰ অঞ্চলৰ আউটাৰ ৰিং ৰোডত অৱস্থিত বুৰাৰী খেলপথাৰলৈও এই অনুষ্ঠানটো স্থানান্তৰিত কৰাৰ প্ৰস্তাৱ আগবঢ়াইছে চিটিআইৰ অধ্যক্ষই। ছোনিয়া গান্ধীলৈ লিখা এখন পত্ৰত ব্রিজেশে কয় যে এই উৎসৱৰ বতৰত (৬ নৱেম্বৰত ধনতেৰাছ আৰু ৮ নৱেম্বৰত দীপাৱলী) দিল্লীৰ পাইকাৰী আৰু খুচুৰা বজাৰসমূহে প্ৰায় ২৫ হাজাৰ কোটি টকাৰ ব্যৱসায় কৰে। ১ নৱেম্বৰত অনুষ্ঠিত হ’বলগীয়া এই সমাৱেশলৈ ১০-১২ লাখ লোক আৰু ১৫-২০ হাজাৰ বাহন অহাৰ সম্ভাৱনা আছে। ব্ৰিজেশে অভিযোগ কৰে যে যাৰ বাবে ৰাজধানীৰ এক বিশাল অঞ্চল কাৰ্যতঃ অচল হৈ পৰিব, যাৰ ফলত প্ৰায় ১২ হাজাৰ কোটি টকাৰ ব্যৱসায়ৰ ক্ষতি হ’ব পাৰে।

so | ASSAM TIMES POST
তাৰিখ বা স্থান সলনি কৰক, ৰাহুল গান্ধীৰ পিছত ৰামলীলা ময়দান ৰেলী সন্দৰ্ভত ছোনিয়া গান্ধীলৈ দিল্লীৰ ব্যৱসায়ীৰ পত্ৰ

ৰামলীলা ময়দানৰ তুলনাত বুৰাৰী ময়দান ডাঙৰ। ব্যৱসায়িক সংস্থাটোৰ নেতাগৰাকীয়ে যুক্তি আগবঢ়ায় যে তাত প্ৰায় ১৫ হাজাৰ বাহন ৰখাই থোৱাৰ ব্যৱস্থা থকাৰ বাবে যান-জঁটৰ সম্ভাৱনাও এৰাই চলিব পাৰি। যোৱা সপ্তাহত ব্রিজেশে ৰাহুল গান্ধীক ‘ইণ্ডিয়া’ ৰেলী স্থগিত ৰখাৰ বাবে আবেদন জনোৱাৰ সময়তে কৈছিল, “ৰামলীলাৰ পাঁচ কিলোমিটাৰৰ ভিতৰত ২০ খন পাইকাৰী বজাৰ আছে। ১ নৱেম্বৰত ১০ লাখ মানুহ আহিব। কিন্তু ৰামলীলা ময়দানত মাত্ৰ ৫০ হাজাৰ মানুহৰহে ঠাই আছে। ফলত সকলো পৰিবহণ বন্ধ হৈ যাব। আৰক্ষীয়ে মেট্ৰ’, বজাৰ বন্ধ কৰি দিব। যোৱা ২৫ দিনত দিল্লীৰ ব্যৱসায়িক প্ৰতিষ্ঠানৰ লোকচান হৈছে ৩ হাজাৰ কোটি টকা। ইয়াৰ উত্তৰত দিল্লীৰ ব্যৱসায়ীসকললৈ ৰাহুল গান্ধীৰ বাৰ্তা আছিল, “প্ৰধানমন্ত্ৰীক জ্ঞানেশ কুমাৰক মুখ্য নিৰ্বাচন আয়ুক্ত পদৰ পৰা বৰ্খাস্ত কৰিবলৈ কওক। তেতিয়া ৩০ ছেকেণ্ডৰ ভিতৰত সকলো প্ৰতিবাদ বন্ধ হৈ যাব।”

ছোনিয়ালৈ লিখা পত্ৰখনত ব্ৰিজেশে এই আশংকা প্ৰকাশ কৰিছে যে এই সমাৱেশৰ জৰিয়তে ব্যৱসায় স্তব্ধ হৈ পৰিবলগা ২০ খন বজাৰৰ ভিতৰত চান্দনী চক, সদৰ বজাৰ, কন’ট প্লেচ, পালিকা বজাৰ, জনপথ, ভগীৰথ পেলেচ, খাদ্ৰী বাওলি, কাশ্মীৰী গেট, নৈ বজাৰ, লাজপত ৰায় বজাৰ, চৌৰী বজাৰ, কিনাৰী বজাৰ, দাৰিবা কলান, বল্লীমাৰণ, ফতেহপুৰী, তিলক বজাৰ, কেৰল বাগ, জামা মছজিদ, নবী কৰিম, ঘফ্ফৰ বজাৰ, আজমেৰী গেট-পাহাৰগঞ্জ আৰু দৰয়াগঞ্জ আছে। চিটিআয়ে জনোৱা মতে, নৰেলা, বাৱানা, ওখলা, মায়াপুৰী, মুণ্ডকা, উদ্যোগ নগৰ, মংগলপুৰীকে ধৰি ৫৬ খন উদ্যোগিক তালুকৰ পৰা প্ৰতিদিনে প্ৰায় ৫ হাজাৰ ট্ৰাক আৰু টেম্পোৱে এই বজাৰসমূহলৈ সামগ্ৰী আনে। আনহাতে, এই বজাৰসমূহৰ পৰা দৈনিক ৩০০০ ট্ৰাকে গুৰুগ্ৰাম, নয়ডা, গাজিয়াবাদ, ফৰিদাবাদ, শোনিপট, পানীপটকে ধৰি কমেও ২৫ খন চহৰলৈ সামগ্ৰী পৰিবহণ কৰে।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: Delhiprotest
Share4Tweet3Send

Related Posts

Mock Parliament : শেষ মুহূৰ্তত স্থগিত জ্ঞানেশ কুমাৰৰ অপসাৰণত আয়োজন কৰা ‘নকল সংসদ’
National-International

Mock Parliament : শেষ মুহূৰ্তত স্থগিত জ্ঞানেশ কুমাৰৰ অপসাৰণত আয়োজন কৰা ‘নকল সংসদ’

by News Desk
October 30, 2026
50
Uttarakhand Copter crash : বদ্ৰীনাথৰ পৰা ৫ যাত্ৰী লৈ যোশীমঠলৈ উভতাৰ পথত হেলিকপ্টাৰ দুৰ্ঘটনা
National-International

Uttarakhand Copter crash : বদ্ৰীনাথৰ পৰা ৫ যাত্ৰী লৈ যোশীমঠলৈ উভতাৰ পথত হেলিকপ্টাৰ দুৰ্ঘটনা

by News Desk
October 30, 2026
50
Noida : গ্ৰেটাৰ নয়ডাৰ ২৪ মহলাৰ পৰা পৰি পিতৃ-পুত্ৰৰ মৃত্যু, আত্মহত্যা নে দুৰ্ঘটনা?
National-International

Noida : গ্ৰেটাৰ নয়ডাৰ ২৪ মহলাৰ পৰা পৰি পিতৃ-পুত্ৰৰ মৃত্যু, আত্মহত্যা নে দুৰ্ঘটনা?

by News Desk
October 30, 2026
50
Rahul Gandhi : আইডিবিআই বেংক কৰ্মচাৰীৰ ব্যক্তিগতকৰণ বিৰোধী আন্দোলনৰ সমৰ্থন ৰাহুল গান্ধীৰ
National-International

Rahul Gandhi : আইডিবিআই বেংক কৰ্মচাৰীৰ ব্যক্তিগতকৰণ বিৰোধী আন্দোলনৰ সমৰ্থন ৰাহুল গান্ধীৰ

by News Desk
October 30, 2026
50
Alahabad High Court : পত্নী-সন্তানৰ খৰচৰ যোগান ধৰাটো স্বামীৰ পবিত্ৰ কৰ্তব্য, এলাহাবাদ উচ্চ ন্যায়ালয়
National-International

Alahabad High Court : পত্নী-সন্তানৰ খৰচৰ যোগান ধৰাটো স্বামীৰ পবিত্ৰ কৰ্তব্য, এলাহাবাদ উচ্চ ন্যায়ালয়

by News Desk
October 30, 2026
50
Iftikhar Ali Khan Pataudi : পত্নীক সন্তুষ্ট কৰিবলৈ ৮০০ কোটিৰ ৰাজপ্ৰসাদ নিৰ্মাণ কৰিছিল ছৈফ আলী খানৰ ককাকে, কোন তেওঁ ?
National-International

Iftikhar Ali Khan Pataudi : পত্নীক সন্তুষ্ট কৰিবলৈ ৮০০ কোটিৰ ৰাজপ্ৰসাদ নিৰ্মাণ কৰিছিল ছৈফ আলী খানৰ ককাকে, কোন তেওঁ ?

by News Desk
October 30, 2026
50
ADVERTISEMENT
Delhi protest : তাৰিখ বা স্থান সলনি কৰক, ৰাহুল গান্ধীৰ পিছত ৰামলীলা ময়দান ৰেলী সন্দৰ্ভত ছোনিয়া গান্ধীলৈ দিল্লীৰ ব্যৱসায়ীৰ পত্ৰ
National-International

Delhi protest : তাৰিখ বা স্থান সলনি কৰক, ৰাহুল গান্ধীৰ পিছত ৰামলীলা ময়দান ৰেলী সন্দৰ্ভত ছোনিয়া গান্ধীলৈ দিল্লীৰ ব্যৱসায়ীৰ পত্ৰ

October 30, 2026
50
Mock Parliament : শেষ মুহূৰ্তত স্থগিত জ্ঞানেশ কুমাৰৰ অপসাৰণত আয়োজন কৰা ‘নকল সংসদ’
National-International

Mock Parliament : শেষ মুহূৰ্তত স্থগিত জ্ঞানেশ কুমাৰৰ অপসাৰণত আয়োজন কৰা ‘নকল সংসদ’

October 30, 2026
50
Uttarakhand Copter crash : বদ্ৰীনাথৰ পৰা ৫ যাত্ৰী লৈ যোশীমঠলৈ উভতাৰ পথত হেলিকপ্টাৰ দুৰ্ঘটনা
National-International

Uttarakhand Copter crash : বদ্ৰীনাথৰ পৰা ৫ যাত্ৰী লৈ যোশীমঠলৈ উভতাৰ পথত হেলিকপ্টাৰ দুৰ্ঘটনা

October 30, 2026
50
Noida : গ্ৰেটাৰ নয়ডাৰ ২৪ মহলাৰ পৰা পৰি পিতৃ-পুত্ৰৰ মৃত্যু, আত্মহত্যা নে দুৰ্ঘটনা?
National-International

Noida : গ্ৰেটাৰ নয়ডাৰ ২৪ মহলাৰ পৰা পৰি পিতৃ-পুত্ৰৰ মৃত্যু, আত্মহত্যা নে দুৰ্ঘটনা?

October 30, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Delhi protest : তাৰিখ বা স্থান সলনি কৰক, ৰাহুল গান্ধীৰ পিছত ৰামলীলা ময়দান ৰেলী সন্দৰ্ভত ছোনিয়া গান্ধীলৈ দিল্লীৰ ব্যৱসায়ীৰ পত্ৰ

Delhi protest : তাৰিখ বা স্থান সলনি কৰক, ৰাহুল গান্ধীৰ পিছত ৰামলীলা ময়দান ৰেলী সন্দৰ্ভত ছোনিয়া গান্ধীলৈ দিল্লীৰ ব্যৱসায়ীৰ পত্ৰ

October 30, 2026
Mock Parliament : শেষ মুহূৰ্তত স্থগিত জ্ঞানেশ কুমাৰৰ অপসাৰণত আয়োজন কৰা ‘নকল সংসদ’

Mock Parliament : শেষ মুহূৰ্তত স্থগিত জ্ঞানেশ কুমাৰৰ অপসাৰণত আয়োজন কৰা ‘নকল সংসদ’

October 30, 2026
Uttarakhand Copter crash : বদ্ৰীনাথৰ পৰা ৫ যাত্ৰী লৈ যোশীমঠলৈ উভতাৰ পথত হেলিকপ্টাৰ দুৰ্ঘটনা

Uttarakhand Copter crash : বদ্ৰীনাথৰ পৰা ৫ যাত্ৰী লৈ যোশীমঠলৈ উভতাৰ পথত হেলিকপ্টাৰ দুৰ্ঘটনা

October 30, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d