
দিল্লীৰ বায়ু প্ৰদূষণ (Delhi Air pollution) সন্দৰ্ভত স্বতঃপ্ৰণোদিত গোচৰৰ শুনানি গ্ৰহণ কৰি উচ্চতম ন্যায়ালয়ে ধৰ্মীয় আৱেগ আৰু জনস্বাস্থ্যৰ চিন্তাৰ মাজত ভাৰসাম্য ৰক্ষাৰ বাৰ্তা প্ৰদান কৰিছে। মুখ্য ন্যায়াধীশ সূৰ্য কান্ত, ন্যায়াধীশ জয়মাল্য বাগচী আৰু ন্যায়াধীশ ভি মোহনাৰ বিচাৰপীঠে সোমবাৰে কয় যে তেওঁলোকে কাৰো ধৰ্মীয় আৱেগক আঘাত দিব নিবিচাৰে।
কিন্তু একে সময়তে মুখ্য ন্যায়াধীশৰ বিচাৰপীঠে দীপাৱলীৰ সময়ত বৃহৎ পৰিমাণৰ ফটকা জ্বলোৱাৰ ফলত হোৱা বায়ু প্ৰদূষণক লৈ উদ্বেগ প্ৰকাশ কৰি কয় যে ন্যায়পালিকাৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰাৰ পৰিৱৰ্তে উৎসৱৰ সময়ত জনস্বাস্থ্য ৰক্ষাৰ বাবে নাগৰিকৰ মাজত সজাগতা সৃষ্টি কৰাটো প্ৰয়োজনীয়। দীপাৱলী উদযাপনৰ সময়ত জনসাধাৰণক কম প্ৰদূষণকাৰী বিকল্প গ্ৰহণ কৰিবলৈও পৰামৰ্শ দিয়ে শীৰ্ষ আদালতে। ১৫ অক্টোবৰত হ’ব এই গোচৰৰ পৰৱৰ্তী শুনানি।

সোমবাৰে শুনানিৰ সময়ত মুখ্য ন্যায়াধীশ সূৰ্য কান্তে কয় যে উচ্চতম ন্যায়ালয়ে কোনো নিষেধাজ্ঞামূলক আদেশ জাৰি কৰিবলৈ ইচ্ছুক নহয়, যিটো কাৰ্যকৰী কৰাটো কঠিন। তাৰ পৰিৱৰ্তে সুষম পন্থা গ্ৰহণ কৰা উচিত, য’ত নাগৰিক আৰু সমাজে নিজেই আগবাঢ়ি আহি পৰিৱেশ অনুকূল উপায় বাছি লৈ দীপাৱলী উদযাপন কৰিব লাগে। অৱশ্যে ন্যায়াধীশ জয়মাল্য বাগচিয়ে ফটকা জ্বলোৱাৰ ধৰ্মীয় ন্যায্যতাক লৈ প্ৰশ্ন উত্থাপন কৰি কয়, “ফটকা জ্বলোৱাত ধৰ্মীয় পৰম্পৰা কি?”
আনহাতে, ‘আদালত বান্ধৱ’ (amicus curiae) আৰু জ্যেষ্ঠ অধিবক্তা অপৰাজিতা সিঙে বায়ু প্ৰদূষণৰ বাবে শিশু আৰু বৃদ্ধৰ স্বাস্থ্যৰ প্ৰতি উদ্বেগ প্ৰকাশ কৰি কয়, “তেওঁলোকৰ নামত শিশু অসুস্থ হৈ পৰিছে বুলি জানিলে দেৱতাসকলেও ভয় খাব পাৰে।” কিন্তু তেওঁ মানি লৈছে যে ৰাজপথত আৰক্ষী নিয়োগ কৰি ফটকা জ্বলোৱাৰ সময় আৰু পৰিমাণ কঠোৰভাৱে নিয়ন্ত্ৰণ কৰাটো কাৰ্যক্ষেত্ৰত প্ৰায় অসম্ভৱ।











