
সোমবাৰে পুৱা শুই থকা অৱস্থাত দুই ভগ্নীক কুঠাৰেৰে ঘপিয়াই হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে এজন ৪২ বছৰীয়া ভাতৃৰ বিৰুদ্ধে। ঝাৰখণ্ডৰ পূব সিংভূম জিলাৰ ধলভুমগড় আৰক্ষী থানা এলেকাৰ অন্তৰ্গত বাবাইদা গাঁৱত সংঘটিত হৈছে এই ঘটনা। হত্যাকাণ্ডৰ পিছত পলাবলৈ চেষ্টা কৰাৰ পৰিৱৰ্তে থানাত আত্মসমৰ্পণ কৰে অভিযুক্তই। আৰক্ষীয়ে জনোৱা মতে, অভিযুক্তৰ নাম স্বৰূপ টুডু। মৃত ভগ্নী দুগৰাকীৰ নাম দুলাৰী চোৰেন (৫২) আৰু লক্ষ্মী মাণ্ডী (৫০)। দুয়োগৰাকীয়ে বিবাহিতা। আৰক্ষী আৰু স্থানীয় সূত্ৰৰ পৰা জানিব পৰা মতে, অভিযুক্ত স্বৰূপ বিগত কিছুদিন ধৰি অসুস্থ হৈ আছিল। লগতে কেইবাদিনো মানসিক বিষণ্ণতাত ভুগি আছিল। অকলশৰীয়া ভাতৃক চিকিৎসা আৰু চোৱা-চিতা কৰিবলৈ দেউতাকৰ ঘৰলৈ আহিছিল ভগ্নী দুগৰাকী।
দেওবাৰে নিশা অসুস্থতাৰ বাবে স্বৰূপে নিজৰ ঘৰলৈ ‘ওজা’ বা তান্ত্ৰিক মাতি আনে। তাতে গভীৰ নিশালৈকে পূজা অনুষ্ঠিত হৈছিল। ভগ্নী দুগৰাকীয়েও পূজাত অংশগ্ৰহণ কৰে। পূজা শেষ হোৱাৰ পাছত দুলাৰী আৰু লক্ষ্মীৰ টোপনি আহে। অভিযোগ অনুসৰি, সোমবাৰে পুৱতি নিশা স্বৰূপে শুই থকা ভগ্নী দুগৰাকীক কুঠাৰেৰে আক্ৰমণ কৰে। আক্ৰমণত দুয়োৰে থিতাতে মৃত্যু হয়।

হত্যাকাণ্ডৰ পিছত অভিযুক্ত স্বৰূপে পলাবলৈ চেষ্টা কৰাৰ পৰিৱৰ্তে পোনে পোনে ধলভুমগড় থানালৈ গৈ আৰক্ষী বিষয়াৰ আগত আত্মসমৰ্পণ কৰে। ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ দুটা উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে জামছেদপুৰৰ এম জি এম মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰে।
ধলভুমগড় আৰক্ষী থানাৰ অ’ চি ধীৰাজ কুমাৰ মিশ্ৰই কয় যে অভিযুক্ত যুৱকজন কেইবাদিনো ধৰি মানসিকভাৱে অস্থিৰ হৈ আছিল। আৰক্ষীৰ প্ৰাৰম্ভিক তদন্তৰ পৰা অনুমান কৰিব পাৰি যে অন্ধবিশ্বাস, তন্ত্ৰ-মন্ত্ৰ বা ডাইনী প্ৰথাৰ বাবেই এই দুটাকৈ হত্যাকাণ্ড সংঘটিত হ’ব পাৰে। তেওঁ কয়, “এতিয়াও তদন্ত অব্যাহত আছে। তদন্ত সম্পূৰ্ণ হোৱাৰ পিছতহে এই হত্যাকাণ্ডৰ সঠিক উদ্দেশ্য আৰু কাৰণ জানিব পৰা যাব।” অভিযুক্তক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰাৰ লগতে হত্যাকাণ্ডৰ প্ৰকৃত কাৰণ জানিবলৈ চেষ্টা অব্যাহত আছে।











