
পশ্চিম কাৰ্বি আংলং (West Karbi Anglong) জিলাৰ খেৰণিৰ হাৱাইপুৰ (Kheroni’s hawai pur)ত শুকুৰবাৰে ছাত্ৰ-ছাত্ৰী আৰু শিক্ষকসকলৰ বাবে আধুনিক প্ৰযুক্তিৰ বুদ্ধিমত্তা আৰু ৰব’টিকছৰ (Artificial Intelligence and Robotics) ওপৰত এক বিশেষ কৰ্মশালা (Special workshop) অনুষ্ঠিত হয়৷ আছাম ছায়েন্স টেকনল’জী এণ্ড এনভাইৰনমেণ্টেল কাউন্সিল চমুকৈ এএছটিইচিৰ উদ্যোগত জিসাখনৰ চ’ছেং শিক্ষা কেন্দ্ৰ আৰু আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ যুটীয়া উদ্যোগত শ্ৰীশ্ৰীশংকৰ মাধৱ হাইস্কুলত এই বিশেষ প্ৰশিক্ষণ কৰ্মশালা অনুষ্ঠিত হয়।
এই প্ৰশিক্ষণ কৰ্মশালাত জিলাখনৰ সাতখনকৈ চৰকাৰী শিক্ষানুষ্ঠানৰ ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক-শিক্ষয়িত্ৰীসকলে অংশগ্ৰহণ কৰে। এই প্ৰশিক্ষণত শিক্ষাৰ্থীসকলক কৃত্ৰিম বুদ্ধিমত্তা আৰু ৰব’টিকছৰ আধুনিক প্ৰযুক্তি আৰু ইয়াৰ সদ্ব্যৱহাৰৰ লগতে ইয়াৰ ভৱিষ্যত সম্ভাৱনাৰ বিষয়ে তাত্ত্বিক তথা ব্যৱহাৰিক জ্ঞান প্ৰদান কৰা হয়।

অনুষ্ঠানত এএছটিইচিৰ পৰ্যবেক্ষক হিমাংশু তালুকদাৰ উপস্থিত থাকে। আনহাতে, আছাম ডাউন টাউন ইউনিভাৰ্ছিটীৰ এছিছটেণ্ট প্ৰফেছ’ৰ অনিন্দিতা দাস আৰু টেকবোচটাৰ গুৱাহাটীৰ ৰব’ট বিশেষজ্ঞ বিকাশ জ্যোতি বৰাই প্ৰশিক্ষণ প্ৰদান কৰে। ইয়াৰ উপৰি চ’ছেং শিক্ষা কেন্দ্ৰ, পশ্চিম কাৰ্বি আংলং জিলাৰ আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ ব্লক সমন্বয়ক হৰিপদ নাথো উপস্থিত থাকে।
এই কৰ্মাশালাৰ জৰিয়তে অতিকৈ পিছপৰা পাহাৰীয়া অঞ্চলৰ ছাত্ৰ-ছাত্ৰীসকলেও আধুনিক প্ৰযুক্তিৰ সৈতে পৰিচিত হোৱাৰ সুযোগ লাভ কৰাৰ লগতে এআই আৰু ৰব’টিকছৰ বিষয়ে সম্যক জ্ঞান আহৰণ কৰি ভৱিষ্যতে বিজ্ঞান আৰু প্ৰযুক্তিৰ ক্ষেত্ৰত আগবাঢ়ি যাবলৈ সক্ষম হ’ব বুলি সকলোৱে আশা প্ৰকাশ কৰে৷













