ASSAM TIMES POST
নিউজ ডেস্ক
নাগৰিকত্ব সংশোধনী আইনৰ প্ৰতিবাদ দেশত অব্যাহত আছে৷ ইয়াৰ লগতে এই আইনখনৰ বিৰুদ্ধে আইনী প্ৰক্ৰিয়াও চলি আছে৷ আনহাতে এনে সময়তে কেন্দ্ৰীয় চৰকাৰে লৈছে আন এক পদক্ষেপ৷
আইনখনৰ বিৰুদ্ধে দেশৰ বিভিন্ন উচ্চ ন্যায়ালয়ত ৰুজু হৈ থকা গোচৰ একত্ৰিত কৰিবলৈ আবেদন জনাইছে মোডী চৰকাৰে৷ বুধবাৰে উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ শাৰদ অৰবিন্দ বোবৰেৰ ওচৰত এই আবেদন জনালে ছলিষ্টিক জেনেৰেল তুষাৰ মেহতাই৷ ছলিষ্টিক জেনেৰেল মেহতাই উচ্চতম ন্যায়ালয়ক জনায় যে নাগৰিকত্ব সংশোধনী আইনক লৈ একাধিক গোচৰ ৰুজু হ’ব পাৰে৷ বিভিন্ন উচ্চ ন্যায়ালয়ত থকা এই সংক্ৰান্তীয় গোচৰ উচ্চতম ন্যায়ালয়লৈ স্থানান্তৰিত কৰাই ‘যুক্তিযুক্ত’ হ’ব বুলি মন কৰিছে কেন্দ্ৰীয় চৰকাৰে৷
এই আবেদনৰ শুনানি অহা শুকুৰবাৰে কৰিবলৈ সন্মত হৈছে উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ৷ উল্লেখ্য যে নাগৰিকত্ব সংশোধনী আইনক লৈ ইতিমধ্যে উচ্চতম ন্যায়ালয়ত ৬০খন আবেদন দাখিল কৰা হৈছে৷ আনহাতে বিভিন্ন ৰাজ্যৰ উচ্চ ন্যায়ালয়ত বহু গোচৰ ৰুজু হৈছে৷ ইপিনে, মঙলবাৰে কৰ্ণাটক উচ্চ ন্যায়ালয়ে জনাইছে যে উচ্চ ন্যায়ালয়ক এই আইন সংক্ৰান্তত গোচৰ গ্ৰহণ নকৰিবলৈ কোনো নিৰ্দেশ উচ্চতম ন্যায়ালয়ে দিয়া নাই৷










