ASSAM TIMES POST
নাগৰিকত্ব সংশোধনী আইন উচ্চতম ন্যায়ালয়ে বাতিল কৰা উচিত বুলি ক’লে অৰ্থনীতিত নোবেল বঁটা প্ৰাপক অৰ্মত্য সেনে৷ ইয়াৰ লগতে দেশৰ শিক্ষা ব্যৱস্থাত বৈদিক গণিত অন্তভূক্ত কৰাত বিৰোধিতা কৰিছে অৰ্মত্য সেনে৷ বেংগালুৰুৰ এক অনুষ্ঠানত অংশ লৈ তেওঁ জেএনইউৰ কাণ্ডত ‘হতভম্ভ’ হৈ পৰিছে৷
আৰক্ষীক সেই বিষয়টো জনোৱাত পলম হোৱাক লৈ তেওঁ আশ্চৰ্য প্ৰকাশ কৰি কয়, বিশ্ববিদ্যালয় কৰ্তৃপক্ষই বাহিৰৰ আক্ৰমণ প্ৰতিহত কৰাত ব্যৰ্থ৷ আৰক্ষীয়ে কাকোৱে কৰায়ত্ত কৰিব পৰা নাই৷ অথচ মুখা পিন্ধা লোকৰ হাতত যি প্ৰহৃত হ’ল তেওঁলোকৰ বিৰুদ্ধে এফ আই আৰ দিয়া হ’ল৷ এই কাৰ্যই বিচাৰহীনতাক প্ৰতিফলিত কৰিলে বুলি অৰ্মত্য সেনে কয়৷
নাগৰিকত্ব সংশোধনী আইনৰ সন্দৰ্ভত অৰ্মত্য সেনে কয়, এই আইন অসংবিধানিক৷ ধৰ্মৰ সৈতে নাগৰিকত্বক টানি আনি মানুহৰ মৌলিক অধিকাৰৰ ক্ষেত্ৰত ভেদাভেদৰ সৃষ্টি কৰিছে৷ অতীতত সংবিধান প্ৰণয়নৰ দায়িত্ব ‘কনণ্টিউয়েণ্ট এছেম্বলি’ৰ আছিল৷ ধৰ্মৰ ভিত্তিত ভেদাভেদ কৰা নহ’ব৷ এই কথা স্মৰণ কৰি অৰ্মত্য সেনে কয়, দেশৰ আইনে ধৰ্মীয় ভেদাভেদ নকৰে৷










