
আৰ জি কৰ গোচৰ (RG Kar case)ত উচ্চতম ন্যায়ালয়ে ‘সন্দেহ’ অনুভৱ (Supreme Court feels ‘suspicious’) কৰিছে। ৯ আগষ্টৰ পুৱতি নিশা মহিলা চিকিৎসকৰ হত্যাকাণ্ডৰ কথা পোহৰলৈ অহাৰ পিছৰে পৰা সেই নিশা কোঠাটো ছীল নকৰালৈকে আদালতত দাখিল কৰা ধাৰাবাহিক ঘটনাৰ বাবে ‘সন্দেহ’ বৃদ্ধি পাইছে। ন্যায়াধীশসকলে বহুদিনৰ পৰাই তেওঁলোকে যিটোক অন্যায় বুলি অনুভৱ কৰে তাৰ ব্যাখ্যা জানিব বিচাৰি আছে। কিন্তু উত্তৰ জানিও অৱশেষত সন্তুষ্ট নহ’ল উচ্চতম ন্যায়ালয়। শুনানিৰ এটা পৰ্যায়ত ন্যায়াধীশ পাৰ্দিৱালাই কয়, “মই আচৰিত হৈছো, মৰণোত্তৰ পৰীক্ষাৰ (Post-mortem) আগতেই কোৱা হৈছিল যে এয়া এক অস্বাভাৱিক মৃত্যু (Unnatural death)। এইটো কেনেকৈ সম্ভৱ? তেনেহ’লে মৰণোত্তৰ পৰীক্ষাৰ কি প্ৰয়োজন আছিল?” এই সন্দৰ্ভত ৰাজ্যৰ সংশোধিত ব্যাখ্যা শুনাৰ পিছত তেওঁ কয়, “মৰণোত্তৰ পৰীক্ষাৰ পূৰ্বে ইয়াক কেনেকৈ অস্বাভাৱিক মৃত্যু বুলি ক’ব পাৰি? তেনেহ’লেতো আৰক্ষীয়ে গম পাই গৈছে মৃত্যুৰ কাৰণ!”

উচ্চতম ন্যায়ালয়ে চিবিআইক আৰ জি কৰৰ এগৰাকী চিকিৎসকক ধৰ্ষণ আৰু হত্যাৰ তদন্তৰ প্ৰতিবেদন বিচাৰিছিল। বৃহস্পতিবাৰে প্ৰতিবেদন দাখিল কৰি চিবিআয়ে আদালতত কয় যে এই কাণ্ডৰ পাঁচ দিনৰ পাছত তেওঁলোকে তদন্ত আৰম্ভ কৰে। কিন্তু তেতিয়ালৈকে সকলো সলনি হৈ গৈছে। অৱশ্যে ৰাজ্য চৰকাৰে চিবিআইৰ এই দাবীক খণ্ডন কৰি কয় যে এই পৰিঘটনাৰ সম্পূৰ্ণ ‘টাইমলাইন’ আছে, ‘ভিডিঅ’গ্ৰাফী’ও আছে। গতিকে চিবিআয়ে কৰা দাবী সঁচা নহয়। ৰাজ্যৰ অধিবক্তাই দাবী কৰিছে যে একো সলনি কৰা হোৱা নাই। ৰাজ্যৰ হৈ আদালতত হাজিৰ হয় অধিবক্তা কপিল ছিবাল। আনহাতে, চিবিআইৰ হৈ ছলিচিটৰ জেনেৰেল তুষাৰ মেহতা হাজিৰ হয়। এই দুই অধিবক্তাৰ সৈতে বৃহস্পতিবাৰে উচ্চতম ন্যায়ালয়ত আৰ জি কৰ কাণ্ডক লৈ বিতৰ্ক চলে। আনহাতে, তিনিওজন বিচাৰকে বাৰে বাৰে ঘটনাৰ সত্যতাক লৈ প্ৰশ্ন উত্থাপন কৰে।
বৃহস্পতিবাৰে আৰ জি কৰ গোচৰৰ শুনানি গ্ৰহণ কৰে মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়, ন্যায়াধীশ জে বি পাৰ্দিৱালা আৰু ন্যায়াধীশ মনোজ মিশ্ৰৰ বিচাৰপীঠে। তাতেই ছলিচিটৰ জেনেৰেল মেহতাই ৰাজ্যই দিয়া ‘টাইমলাইন’ক লৈ প্ৰথম প্ৰশ্ন উত্থাপন কৰে। তেওঁ কয়, “চিকিৎসকগৰাকীৰ মৃতদেহ দাহ কৰাৰ পিছত নিশা ১১.৪৫ বজাত এফআইআৰ দাখিল কৰা হয়। সেইটোৱে মোক আটাইতকৈ বেছি আচৰিত কৰিলে।”










