ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Ketan Agarwal murder case : হ’বলগীয়া স্বামীক হত্যা কৰিবলৈ বাগদত্তাই কৰা কাৰ্যত সমগ্ৰ দেশ স্তম্ভিত

নিউজ ডেস্কঃ

News Desk by News Desk
June 24, 2026
Reading Time: 1 min read
A A
0
Ketan Agarwal murder case : হ’বলগীয়া স্বামীক হত্যা কৰিবলৈ বাগদত্তাই কৰা কাৰ্যত সমগ্ৰ দেশ স্তম্ভিত

New Logo Smal 2 | ASSAM TIMES POST

RELATED POSTS

Vande Mataram Bill : বন্দে মাতৰমক অপমান কৰাটো শাস্তিযোগ্য অপৰাধ, বিধেয়কত অনুমোদন ৰাষ্ট্ৰপতিৰ

CJP protest : পঁইতাচোৰাৰ সংসদ অভিযানৰ দিনা পেলেট গানৰ‌ গুলীত কমেও ১০ জন লোক আহত, আৰটিআইৰ উত্তৰত চিকিৎসালয়ৰ তথ্য

Jharkhand protest : বিজেপিৰ ঝাৰখণ্ড বন্ধক লৈ তীব্ৰ উত্তেজনা; টায়াৰ জ্বলাই ৰাঁচীত প্ৰতিবাদ, শতাধিক এবিভিপি কৰ্মীক গ্ৰেপ্তাৰ

পুনেৰ ঐতিহাসিক লোহাগড় দুৰ্গত ২৪ বছৰীয়া ব্যৱসায়ী কেতন বিশাল আগৰৱালাৰ হত্যাকাণ্ড (murder of Ketan Vishal Agarwal)ৰ তদন্তত পোহৰলৈ আহিছে এক ডাঙৰ সত্য। পুনেৰ এই বিখ্যাত ব্যৱসায়ীজনৰ হত্যাকাণ্ডৰ তদন্ত চলি থকাৰ সময়তে পোহৰলৈ আহিছে তেওঁৰ হ’বলগীয়া পত্নী ছিয়া গোৱেল (Siya Gawel) আৰু তেওঁৰ প্ৰেমিক চেতন চৌধুৰী (Lover Chetan Chowdhury)ৰ ইটোৰ পিছত সিটোকৈ শীতল মস্তিষ্কৰ ষড়যন্ত্ৰৰ কাহিনী। যোৱা ১৮ জুনত লোনাৱালাৰ বিখ্যাত লোহাগড় দুৰ্গৰ পৰা গঁতিয়াই দি কেতনক হত্যা কৰা হৈছিল। যদিও প্ৰথমে ছিয়াই ‘ফটো তোলাৰ সময়ত আকস্মিকভাৱে পৰি যোৱা’ বুলি ইয়াক উলাই কৰিবলৈ চেষ্টা কৰিছিল, তথাপিও আৰক্ষীৰ জেৰাত গোপন সত্যটো পোহৰলৈ আহিছে।

কিন্তু তদন্তত পোহৰলৈ অহা আটাইতকৈ ডাঙৰ চাঞ্চল্যকৰ তথ্যটো হ’ল যে ১৮ জুন তেওঁলোকৰ ‘অপাৰেচন’ সফল হোৱাৰ মাত্ৰ চাৰিদিন পূৰ্বে অৰ্থাৎ ১৪ জুনত ছিয়াই প্ৰথমে কেতনক পাহাৰৰ পৰা ঠেলি দিবলৈ চেষ্টা কৰিছিল। কিন্তু অলৌকিকভাৱে কেতন বাচি যায়। তাৰ পিছতো কেতনে নিজৰ হ’বলগীয়া পত্নীক কিয় সন্দেহ কৰা নাছিল? কেতনৰ পিতৃ বিশাল আগৰৱালাই প্ৰকাশ কৰিলে এই গোপন কথা।

তদন্তকাৰীৰ মতে, ছিয়াই বহু আগতেই কেতনক হত্যা কৰাৰ পৰিকল্পনা ৰচনা কৰিছিল। ১৪ জুনত যেতিয়া তেওঁলোকে প্ৰথমবাৰৰ বাবে লোহাগড় দুৰ্গলৈ গৈছিল, তেতিয়া ছিয়াই কেতনক দ খাৱৈৰ দাঁতিলৈ লৈ গৈছিল আৰু জোৰেৰে ঠেলি দিছিল। কিন্তু ভাগ্য ভাল যে কেতনে গছৰ ডাল এটাত ধৰি সেইবাৰ দ খাৱৈত পৰাৰ পৰা ৰক্ষা পৰে।

ketan | ASSAM TIMES POST
২৪ বছৰীয়া ব্যৱসায়ী কেতন বিশাল আগৰৱালা, (বাঁওফালে) তেওঁৰ হ’বলগীয়া পত্নী ছিয়া গোৱেল আৰু তেওঁৰ প্ৰেমিক চেতন চৌধুৰী (সোঁফালে)

কিন্তু পাহাৰৰ পৰা পৰি জীৱিত অৱস্থাত ঘূৰি অহাৰ পিছতো কেতনে ছিয়াক কিয় সন্দেহ কৰা নাছিল? কেতনৰ পিতৃ বিশাল আগৰৱালাই কয়, “যেতিয়া ১৪ জুনত তেওঁ জীৱিত অৱস্থাত ঘূৰি আহিছিল, তেতিয়া ছিয়াই তেওঁৰ বাবে এটা কাহিনী ৰচনা কৰিছিল। ছিয়াই কেতনক পতিয়ন নিয়াইছিল যে তেওঁৰ ঠিক পিছফালে বিষাক্ত সাপ এডাল আহিছিল। সেয়ে তেওঁক সাপৰ পৰা বচাবলৈ ঠেলি দিছিল। সাপৰ কাহিনী আৰু হ’বলগীয়া পত্নীৰ প্ৰেমৰ অভিনয় ইমানেই নিখুঁত আছিল যে কেতনে সন্দেহ কৰিব পৰা নাছিল যে তেওঁ ভালপোৱা মানুহগৰাকীয়ে আচলতে আছিল তেওঁৰ ‘যমদূত’।

ইফালে আৰক্ষীৰ তদন্তত দেখা গ’ল যে ৩১ মে’ত কেতনৰ সৈতে প্ৰথমবাৰৰ বাবে ছিয়া লোহাগড় দুৰ্গলৈ গৈছিল। ঠেক পাহাৰ আৰু দ খাৱৈ দেখি লগে লগে তেওঁৰ মনলৈ আহে যে যদি কেতনক ইয়াৰ পৰা পেলাই দিয়া হয় তেন্তে ইয়াক ‘দুৰ্ঘটনা’ বুলি সহজেই ক’ব পৰা যাব। আৰু সেই মাষ্টাৰ প্লেন অনুসৰি ছিয়াই প্ৰেমিক চেতন চৌধুৰীৰ সৈতে ১৮ জুনত কেতনক তললৈ ঠেলি দিছিল। বৰ্তমান ছিয়া আৰু চেতন দুয়োকে ২৯ জুনলৈকে আৰক্ষীৰ জিম্মাত ৰখা হ’ব।

উল্লেখ্য যে চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহত কেতন আৰু ছিয়াৰ অতি ধুমধামেৰে বাগদান হৈছিল। নৱেম্বৰ মাহত তেওঁলোকৰ ৰাজস্থানত বিয়াৰ অনুষ্ঠান অনুষ্ঠিত হোৱাৰ কথা আছিল। বিয়াৰ পূৰ্বে ৬ জুনত চাৰিজন বন্ধুৰ সৈতে বালিত প্ৰি-ৱেডিং ফটোশ্বুটৰ সকলো টিকট আৰু বুকিং ইতিমধ্যে হৈ গৈছিল। কিন্তু ছিয়াই কেতন দেশৰ বাহিৰলৈ যোৱাটো নিবিচাৰিছিল। গতিকে বালিলৈ যোৱাৰ ঠিক আগতে ছিয়াই চতুৰতাৰে কেতনৰ পাছপ’ৰ্ট চুৰি কৰে। বিশাল আগৰৱালে কয়, “চাৰিজন একেলগে বালিলৈ ৰাওনা হৈছিল, কিন্তু ৰহস্যজনকভাৱে কেৱল কেতনৰ পাছপ’ৰ্টহে চুৰি হৈছিল। বিমানবন্দৰতো পাছপ’ৰ্ট নথকাৰ বাবে কেতন হতাশ হৈ ঘৰলৈ উভতি যাবলৈ বাধ্য হৈছিল। আমি তেতিয়া কল্পনাও কৰিব পৰা নাছিলো যে এইটো ছিয়াৰ কোনো ডাঙৰ কৌশল আছিল।” আচলতে ছিয়াই কেতনক দেশত ৰাখিব বিচাৰিছিল, যাতে লোহাগড় দুৰ্গলৈ লৈ গৈ তেওঁৰ জীৱন শেষ কৰিব পাৰে।

Tags: JaipurmurdercaseKetanAgarwalmurdercase
Share4Tweet3Send

Related Posts

Vande Mataram Bill : বন্দে মাতৰমক অপমান কৰাটো শাস্তিযোগ্য অপৰাধ, বিধেয়কত অনুমোদন ৰাষ্ট্ৰপতিৰ
National-International

by News Desk
August 11, 2026
50
CJP protest : পঁইতাচোৰাৰ সংসদ অভিযানৰ দিনা পেলেট গানৰ‌ গুলীত কমেও ১০ জন লোক আহত, আৰটিআইৰ উত্তৰত চিকিৎসালয়ৰ তথ্য
National-International

CJP protest : পঁইতাচোৰাৰ সংসদ অভিযানৰ দিনা পেলেট গানৰ‌ গুলীত কমেও ১০ জন লোক আহত, আৰটিআইৰ উত্তৰত চিকিৎসালয়ৰ তথ্য

by News Desk
August 11, 2026
50
Jharkhand protest : বিজেপিৰ ঝাৰখণ্ড বন্ধক লৈ তীব্ৰ উত্তেজনা; টায়াৰ জ্বলাই ৰাঁচীত প্ৰতিবাদ, শতাধিক এবিভিপি কৰ্মীক গ্ৰেপ্তাৰ
National-International

Jharkhand protest : বিজেপিৰ ঝাৰখণ্ড বন্ধক লৈ তীব্ৰ উত্তেজনা; টায়াৰ জ্বলাই ৰাঁচীত প্ৰতিবাদ, শতাধিক এবিভিপি কৰ্মীক গ্ৰেপ্তাৰ

by News Desk
August 11, 2026
50
Adani bribery case : আদানীৰ বিৰুদ্ধে উৎকোচৰ গোচৰ খাৰিজ আমেৰিকাৰ আদালতৰ, কিন্তু ট্ৰাম্প প্ৰশাসনৰ সিদ্ধান্তক লৈ প্ৰশ্ন ন্যায়াধীশৰ

Delhi High Court : ছোৱালীয়ে কি পিন্ধে সেয়া ব্যক্তিগত কথা, দিল্লী উচ্চ ন্যায়ালয়

Minor Murder case : হোটেলত দুই শিশু কন্যাক হত্যা কৰি ডিঙি কাটি আত্মহত্যাৰ চেষ্টা পিতৃৰ

ADVERTISEMENT
Vande Mataram Bill : বন্দে মাতৰমক অপমান কৰাটো শাস্তিযোগ্য অপৰাধ, বিধেয়কত অনুমোদন ৰাষ্ট্ৰপতিৰ
National-International

Vande Mataram Bill : বন্দে মাতৰমক অপমান কৰাটো শাস্তিযোগ্য অপৰাধ, বিধেয়কত অনুমোদন ৰাষ্ট্ৰপতিৰ

August 11, 2026
50
CJP protest : পঁইতাচোৰাৰ সংসদ অভিযানৰ দিনা পেলেট গানৰ‌ গুলীত কমেও ১০ জন লোক আহত, আৰটিআইৰ উত্তৰত চিকিৎসালয়ৰ তথ্য
National-International

CJP protest : পঁইতাচোৰাৰ সংসদ অভিযানৰ দিনা পেলেট গানৰ‌ গুলীত কমেও ১০ জন লোক আহত, আৰটিআইৰ উত্তৰত চিকিৎসালয়ৰ তথ্য

August 11, 2026
50
Jharkhand protest : বিজেপিৰ ঝাৰখণ্ড বন্ধক লৈ তীব্ৰ উত্তেজনা; টায়াৰ জ্বলাই ৰাঁচীত প্ৰতিবাদ, শতাধিক এবিভিপি কৰ্মীক গ্ৰেপ্তাৰ
National-International

Jharkhand protest : বিজেপিৰ ঝাৰখণ্ড বন্ধক লৈ তীব্ৰ উত্তেজনা; টায়াৰ জ্বলাই ৰাঁচীত প্ৰতিবাদ, শতাধিক এবিভিপি কৰ্মীক গ্ৰেপ্তাৰ

August 11, 2026
50
Adani bribery case : আদানীৰ বিৰুদ্ধে উৎকোচৰ গোচৰ খাৰিজ আমেৰিকাৰ আদালতৰ, কিন্তু ট্ৰাম্প প্ৰশাসনৰ সিদ্ধান্তক লৈ প্ৰশ্ন ন্যায়াধীশৰ
National-International

Adani bribery case : আদানীৰ বিৰুদ্ধে উৎকোচৰ গোচৰ খাৰিজ আমেৰিকাৰ আদালতৰ, কিন্তু ট্ৰাম্প প্ৰশাসনৰ সিদ্ধান্তক লৈ প্ৰশ্ন ন্যায়াধীশৰ

August 11, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Vande Mataram Bill : বন্দে মাতৰমক অপমান কৰাটো শাস্তিযোগ্য অপৰাধ, বিধেয়কত অনুমোদন ৰাষ্ট্ৰপতিৰ

Vande Mataram Bill : বন্দে মাতৰমক অপমান কৰাটো শাস্তিযোগ্য অপৰাধ, বিধেয়কত অনুমোদন ৰাষ্ট্ৰপতিৰ

August 11, 2026
CJP protest : পঁইতাচোৰাৰ সংসদ অভিযানৰ দিনা পেলেট গানৰ‌ গুলীত কমেও ১০ জন লোক আহত, আৰটিআইৰ উত্তৰত চিকিৎসালয়ৰ তথ্য

CJP protest : পঁইতাচোৰাৰ সংসদ অভিযানৰ দিনা পেলেট গানৰ‌ গুলীত কমেও ১০ জন লোক আহত, আৰটিআইৰ উত্তৰত চিকিৎসালয়ৰ তথ্য

August 11, 2026
Jharkhand protest : বিজেপিৰ ঝাৰখণ্ড বন্ধক লৈ তীব্ৰ উত্তেজনা; টায়াৰ জ্বলাই ৰাঁচীত প্ৰতিবাদ, শতাধিক এবিভিপি কৰ্মীক গ্ৰেপ্তাৰ

Jharkhand protest : বিজেপিৰ ঝাৰখণ্ড বন্ধক লৈ তীব্ৰ উত্তেজনা; টায়াৰ জ্বলাই ৰাঁচীত প্ৰতিবাদ, শতাধিক এবিভিপি কৰ্মীক গ্ৰেপ্তাৰ

August 11, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT