
উত্তৰাখণ্ডত সংঘটিত ভয়ংকৰ দুৰ্ঘটনাত (Uttarakhand Accident) নিয়ন্ত্ৰণ হেৰুৱাই দ খাৱৈত বাছ এখন বাগৰি ৬ জন লোকে প্ৰাণ হেৰুৱায়। আনহাতে, আহত হয় আন ২২জন যাত্ৰী। ইতিমধ্যে তেওঁলোকক উদ্ধাৰ কৰি চিকিৎসালয়ত ভৰ্তি কৰা হৈছে।

সংবাদ মাধ্যমৰ সূত্ৰ অনুসৰি, দেওবাৰে উত্তৰাখণ্ডৰ পুৰী গড়বাল জিলাত সংঘটিত হয় এই দুৰ্ঘটনা। আৰক্ষীয়ে জনোৱা মতে, বাছখনত ২৮ জন যাত্ৰী আছিল। পৌৰীৰ পৰা দহলচোৰীলৈ গৈ আছিল এখন বাছ।
যাত্ৰীবাহী বাছখন দহলচোৰী অভিমুখে গৈ থকা অৱস্থাত এক দুৰ্ঘটনা সংঘটিত হয়। হঠাৎ নিয়ন্ত্ৰণ হেৰুৱায় বাছ চালকজনে। ইয়াৰ পিছতে পাহাৰীয়া পথৰ কাষৰ ১০০ মিটাৰ দ খাৱৈত পৰে। খাৱৈত বাছখন বাগৰি পৰা দেখি স্থানীয় লোক দৌৰি আহে আৰু আৰক্ষীকো খবৰ দিয়ে। অৱশ্যে আৰক্ষী অহাৰ পূৰ্বেই স্থানীয় লোকে উদ্ধাৰৰ কাম আৰম্ভ কৰে।
ঘটনাস্থলীত উপস্থিত হয় ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনী। দুৰ্ঘটনাত থিতাতে মৃত্যু হয় ৫ জন লোকৰ। চিকিৎসালয়লৈ যোৱাৰ পথত আন এজন ব্যক্তিৰ মৃত্যু হয়। আহত ২২ গৰাকী যাত্ৰী সম্প্ৰতি চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে।
ইয়াৰে ৮ জনৰ শাৰীৰিক অৱস্থা সংকটজনক বুলি চিকিৎসকে জানিবলৈ দিয়ে। তেওঁলোকক আন এখন চিকিৎসালয়লৈ স্থানান্তৰ কৰা হৈছে। ইফালে দুৰ্ঘটনাৰ খবৰ পোৱাৰ পিছতে মৃতকৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীয়ে।











