
আমেৰিকাত নিষিদ্ধ ঔষধ ফেণ্টানিল আৰু ইয়াক প্ৰস্তুতৰ সঁজুলিসমূহ চীনৰ পৰা বেছিকৈ সৰবৰাহ হয়। আনহাতে, দ্বিতীয় স্থানত আছে ভাৰত। শেহতীয়াকৈ প্ৰকাশিত এক প্ৰতিবেদনত আমেৰিকাই এই কথা দাবী কৰিছে।

শেহতীয়াকৈ আমেৰিকা প্ৰশাসনে আমেৰিকাৰ বাবে কি কি সম্ভাৱ্য বিপদ আছে সেই বিষয়ে পৰ্যালোচনা কৰি এক প্ৰতিবেদন প্ৰকাশ কৰিছে (US Intelligence report) । আমেৰিকাৰ বাৰ্ষিক বিপদ পৰ্যালোচনা প্ৰতিবেদনত ভাৰতৰ বিষয়ে এই কথা দাবী কৰা হৈছে।
মঙলবাৰে আমেৰিকাৰ চোৰাংচোৱা বিভাগৰ মুৰব্বী তুলসী গাবাৰ্ডৰ কাৰ্যালয়ে প্ৰকাশ কৰে এই প্ৰতিবেদন। মৰ্ফিনতকৈ বহুগুণে শক্তিশালী বিষনাশক ঔষধ হৈছে ফেণ্টানিল। শেহতীয়াকৈ কানাডা, মেক্সিকো আৰু চীনৰ সৈতে আমেৰিকাৰ শুল্ক যুদ্ধৰ আঁৰৰ অন্যতম মূল কাৰণ হৈছে এই ফেণ্টানিল।
ড’নাল্ড ট্ৰাম্পে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পিছত কানাডা, মেক্সিকো আৰু চীনৰ সামগ্ৰীৰ ওপৰত অতিৰিক্ত শুল্ক আৰোপ কৰাৰ হুংকাৰ দিছে। ৱাশ্বিংটনৰ মতে, সীমান্তৰ সিপাৰৰ পৰা ফেণ্টানিলৰ চোৰাং ব্যৱসায় বন্ধ কৰিবলৈ তেওঁলোকে শুল্ক আৰোপ কৰাৰ সিদ্ধান্ত লৈছে।
ইয়াৰ পূৰ্বে ট্ৰাম্পে বেইজিঙক সকীয়াই দিছিল যে চীনত প্ৰস্তুত হোৱা বহু অবৈধ ঔষধ মেক্সিকান সীমান্তৰে আমেৰিকাত প্ৰৱেশ কৰে যদিও বেইজিঙে কোনো ব্যৱস্থা গ্ৰহণ নকৰে। যেতিয়ালৈকে এই বিষয়ত চীনে কোনো ব্যৱস্থা গ্ৰহণ নকৰে, তেতিয়ালৈকে চীনৰ সামগ্ৰীৰ ওপৰত এই শুল্ক আৰোপ কৰা হ’ব।
একেদৰে ট্ৰাম্প প্ৰশাসনে এই নিষিদ্ধ ঔষধ কানাডাৰ মাজেৰে আমেৰিকাত প্ৰৱেশ কৰাৰ অভিযোগ উত্থাপন কৰিছে। কানাডাৰ তদানীন্তন প্ৰধানমন্ত্ৰী জাষ্টিন ট্ৰুডোৱে অৱশ্যে এই অভিযোগ অস্বীকাৰ কৰে। তেওঁ কয় যে আমেৰিকাত থকা ফেণ্টানিলৰ মাত্ৰ এক শতাংশহে কানাডাৰ পৰা গৈছে।
চীনেও এনে অভিযোগ অস্বীকাৰ কৰিছে। বেইজিঙে কয় যে আমেৰিকাই চীনৰ সামগ্ৰীৰ ওপৰত শুল্ক আৰোপ কৰিবলৈ ফেণ্টানিল বিষয়টোক ‘অৰ্থহীন অজুহাত’ হিচাপে ব্যৱহাৰ কৰিছে। আমেৰিকাৰ ফেণ্টানিল সমস্যাৰ বাবে আন কোনো দেশক দোষাৰোপ কৰিব নোৱাৰি বুলি তেওঁলোকে কয়। ইয়াৰ বাবে আমেৰিকাই দায়ী বুলিও উল্লেখ কৰে।
অবৈধ ঔষধক লৈ এই বিতৰ্কৰ মাজতে এইবাৰ ভাৰতকো আমেৰিকাৰ চোৰাংচোৱাৰ প্ৰতিবেদনত অন্তৰ্ভুক্ত কৰা হৈছে। উল্লেখ্য যে দ্বিপাক্ষিক বাণিজ্যিক চুক্তিৰ বিষয়ে আলোচনা কৰিবলৈ আমেৰিকাৰ প্ৰতিনিধি দল ভাৰতত উপস্থিত হোৱাৰ সময়তে আমেৰিকাৰ চোৰাংচোৱাৰ প্ৰতিবেদন প্ৰকাশ পাইছে।












