
মধ্যপ্ৰদেশৰ ইন্দোৰৰ (Indore) যুৱক ৰাজা ৰঘুবংশীক হত্যা (Murder of Raja Raghubanshi)ৰ অভিযোগত অভিযুক্ত পত্নী সোণম (accused wife Sonam)ৰ জামিন বাতিল কৰিবলৈ জৰুৰী শুনানিৰ বাবে অনুৰোধ (Request to cancel bail) জনাই মেঘালয় চৰকাৰে (Meghalaya Government) উচ্চতম ন্যায়ালয়ৰ দৃষ্টি আকৰ্ষণ কৰিছে। ইয়াৰ পিছত আদালতে অনুমতি দিয়ে। শুকুৰবাৰে উচ্চতম ন্যায়ালয়ৰ বিচাৰপীঠে শুনানি গ্ৰহণ কৰিব। তাত ৰাজ্য চৰকাৰৰ হৈ যুক্তি দিব ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাই।
মেহতাই আদালতত কয় যে এই গোচৰটো অতি স্পৰ্শকাতৰ। কেনেকৈ এগৰাকী পত্নীয়ে স্বামীক মেঘালয়লৈ লৈ গৈছিল আৰু তিনিজন সহযোগীৰ সৈতে নৃশংসভাৱে হত্যা কৰিছিল। ইয়াৰ পিছত তেওঁৰ মৃতদেহ নিষ্কাশনৰ চেষ্টা কৰা হয়। ইয়াৰ পূৰ্বেও দুবাৰকৈ অভিযুক্তৰ জামিন আবেদন নাকচ কৰা বুলিও উল্লেখ কৰে ছলিচিটৰ জেনেৰেলে। যদি অভিযুক্তই জামিন লাভ কৰে তেন্তে তেওঁ পলায়ন কৰিব পাৰে। আদালতত এনে আশংকাও প্ৰকাশ কৰে মেহতাই। মেহতাই আদালতত কয় যে গ্ৰেপ্তাৰৰ সঠিক কাৰণ দেখুওৱা হোৱা নাই আৰু প্ৰয়োজনীয় নথি-পত্ৰত ভুলৰ বাবে অভিযুক্তই জামিন লাভ কৰিছিল।

তেওঁৰ বিৰুদ্ধে যিটো ধাৰাত গোচৰ ৰুজু হ’ব লাগিছিল, সেই ধাৰাত ‘টাইপোগ্ৰাফিক’ ভুলৰ বাবে নম্বৰ সলনি হৈছিল। আৰু এই ভুলৰ বাবেই অভিযুক্তক জামিন মঞ্জুৰ কৰা হৈছে। মেহতাই মন্তব্য কৰে যে তেওঁ যি ধৰণৰ অপৰাধ কৰিছে তাৰ বাবে জামিন দিয়া উচিত নহয়। মেঘালয় চৰকাৰেও আদালতত কয় যে যদি সোণম জামিনত মুক্ত হয় তেন্তে যিকোনো সময়তে আইনৰ হাতৰ পৰা সাৰি যাব পাৰে। সেয়ে গোচৰৰ শুনানি ক্ষিপ্ৰতাৰে কৰিবলৈ অনুৰোধ জনোৱা হৈছে। ৰাজ্য চৰকাৰেও সোণমৰ জামিন বাতিলৰ বাবে আবেদন জনাইছে।
উল্লেখ্য যে যোৱা বছৰৰ মে’ মাহত ৰাজা ৰঘুবংশীৰ হত্যাকাণ্ডই সমগ্ৰ দেশতে আলোড়নৰ সৃষ্টি কৰিছিল। পত্নী সোণমে প্ৰেমিকক হনিমুনলৈ মেঘালয়লৈ লৈ গৈ হত্যা কৰাৰ অভিযোগ। যোৱা এপ্ৰিল মাহত মেঘালয় আদালতে সোণমক জামিন প্ৰদান কৰিছিল। সূত্ৰ অনুসৰি, আৰক্ষীৰ গ্ৰেপ্তাৰৰ অভিযোগনামাত সামান্য ‘পদ্ধতিগত ভুল’ দেখা গৈছে। সোণমক গ্ৰেপ্তাৰ কৰাৰ সময়ত আৰক্ষীয়ে দিয়া অভিযোগনামাত ৪০৩ (১) ধাৰা উল্লেখ কৰা হৈছে। কিন্তু উক্ত ধাৰাটো ভাৰতীয় ন্যায় সংহিতাত (BNS) নাই।













