
বাংলাদেশ সীমান্তত সন্দেহযুক্ত গৰু সৰবৰাহকাৰীক খেদি যাওঁতে নিৰুদ্দেশ হোৱা ভাৰতীয় সীমান্ত সুৰক্ষা বাহিনী চমুকৈ বিএছএফৰ জোৱানজনৰ এতিয়াও কোনো সন্ধান (BSF Jawan missing) ওলোৱা নাই। সোমবাৰে আৰক্ষীয়ে জনোৱা মতে, কাছাৰ জিলাৰ ভাৰত-বাংলাদেশ সীমান্তত সন্দেহজনক লোকক খেদি খেদি সতীৰ্থৰ সৈতে বৰাক নদীত জঁপিয়াই পৰে জোৱানজন। তাৰ পিছৰ পৰাই তেওঁৰ সন্ধান পোৱা হোৱা নাই। আৰক্ষীৰ সূত্ৰ অনুসৰি, কাটিগড়াৰ হৰিনগৰ সীমান্ত আউটপোষ্টত নিয়োজিত কনিষ্টবল কে বেণুৱে দেওবাৰে মাজনিশা সন্দেহযুক্ত সৰবৰাহকাৰীক ধৰিবলৈ অনুসৰণ কৰে। তেওঁৰ সৈতে আছিল হেড কনিষ্টবল জীতেন্দ্ৰ যাদৱ। খেদি যোৱাৰ সময়ত দুয়োজনেই একে সময়তে বৰাক নদীত জঁপিয়াই পৰে। কিছু সময়ৰ পাছত জীতেন্দ্ৰ উভতি আহিলেও কিন্তু বেণুক বিচাৰি পোৱা নগ’ল।

কাছাৰ জিলাৰ আৰক্ষী অধীক্ষক পাৰ্থ প্ৰতিম দাসৰ মতে, “বিএছএফৰ কমাণ্ডাৰে সোমবাৰে পুৱা এই বিষয়ে আৰক্ষীক অৱগত কৰে।” কমাণ্ডাগৰাকীয়ে দিয়া তথ্য অনুসৰি, চোৰাংচোৱা সূত্ৰৰ পৰা হৰিনগৰ সীমান্ত অঞ্চলৰ মাজেৰে গৰু সৰবৰাহ কৰিবলৈ চেষ্টা কৰা চাৰিৰ পৰা পাঁচজন অচিনাক্ত ব্যক্তিৰ তথ্য লাভ কৰিছিল। সেই তথ্যৰ ভিত্তিত কাটিগড়াৰ হৰিনগৰ সীমান্তৰ আউটপোষ্টত চোৰাং ব্যৱসায় ৰোধ কৰাৰ বাবে এক অভিযানৰ পৰিকল্পনা কৰা হৈছিল। সেই নিশা বেণু আৰু জীতেন্দ্ৰই সীমান্ত অঞ্চলত দুজনমানৰ সন্দেহজনক গতিবিধি লক্ষ্য কৰি ধৰিবলৈ চেষ্টা কৰিছিল। নদীত জঁপিয়াই পৰাৰ পিছত দুয়োজনে বহু দূৰ সাঁতুৰি যায়। অৱশ্যে বহু সময়ৰ পাছতো বেণুক দেখা পোৱা নগ’ল। জীতেন্দ্ৰ কেনেবাকৈ উভতি আহে।
ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনীয়ে কেইবাটাও দলত বিভক্ত হৈ বৰাক নদীত নিৰুদ্দেশ হোৱা জোৱানজনৰ সন্ধান আৰম্ভ কৰিছে। অৱশ্যে সোমবাৰে নিশালৈকে তেওঁৰ কোনো খবৰ পোৱা নগ’ল। বাহিনীটোৰ এগৰাকী জ্যেষ্ঠ বিষয়াই এই সন্দৰ্ভত বিএছএফেও ব্যৱস্থা গ্ৰহণ কৰিছে বুলি জানিবলৈ দিয়ে। প্ৰাৰম্ভিক জল্পনা-কল্পনা অনুসৰি, বেণু হয়তো নদীত উটি গৈছে। অৱশ্যে স্থানীয় ৰাইজে দাবী কৰিছে যে বাংলাদেশৰ পৰা অহা চোৰাং ব্যৱসায়ীয়ে তেওঁক অপহৰণ কৰিছে। ইয়াৰ পূৰ্বেও এনে ঘটনা সংঘটিত হৈছে। অৱশ্যে এই দাবীৰ সন্দৰ্ভত বিএছএফে এই মুহূৰ্তত কোনো মন্তব্য দিবলৈ অনিচ্ছুক। উল্লেখ্য যে চলিত বৰ্ষৰ জানুৱাৰী মাহত কাছাৰ জিলাৰ ভাৰত-বাংলাদেশ সীমান্তৰ ‘জিৰ’ পইণ্ট’ এলেকাৰ পৰা ভাৰতীয় কৃষক ৰঞ্জিত দাসক বাংলাদেশীৰ এটা দলে অপহৰণ কৰাৰ অভিযোগ উত্থাপন হৈছিল। পিছত দুয়োখন দেশৰ সংশ্লিষ্ট কৰ্তৃপক্ষৰ মাজত আলোচনাৰ অন্তত কৃষকজনক ঘূৰাই দিয়া হয়।









