
ডিফু মেডিকেল কলেজ হাস্পতাল (DMCH) চমুকৈ ডিএমচিএইচত সংঘটিত হৈছে এক উত্তেজনাপূৰ্ণ পৰিস্থিতি। এগৰাকী প্ৰশিক্ষাৰ্থী চিকিৎসকৰ ব্যক্তিগত অংগত এজন ৱাৰ্ড বয়ে স্পৰ্শ কৰাৰ অভিযোগক লৈ এই উত্তেজনাৰ সৃষ্টি হয়। জানিব পৰা মতে, ইণ্টাৰ্ণশ্বীপ কৰি থকা এগৰাকী যুৱতী চিকিৎসকৰ ব্যক্তিগত অংগত হাত দিয়াৰ অভিযোগ উঠিছে ৱাৰ্ড বয় ৰঞ্জিত দাসৰ বিৰুদ্ধে।

এই সন্দৰ্ভত যুৱতী চিকিৎসক গৰাকীয়ে ডিএমচিএইচৰ অধ্যক্ষৰ ওচৰত অভিযোগ দাখিল কৰে। ইফালে অভিযুক্ত ৱাৰ্ড বয়জনক শাস্তি প্ৰদানৰ দাবীত মঙলবাৰে ছাত্ৰ-ছাত্ৰীসকল ওলাই আহে আৰু শীঘ্ৰে গ্ৰেপ্তাৰৰ দাবী জনায়। অৱশ্যে আৰক্ষীয়ে অভিযুক্ত ৰঞ্জিত দাসক আটক কৰি লৈ যায়। কিন্তু ৰঞ্জিত দাসক আটক কৰাৰ পিছতে আৰক্ষীৰ বিৰুদ্ধে ডিএমচিএইচৰ কৰ্মচাৰীসকল জাঙুৰ খাই উঠে। লগতে দাবী কৰে যে ৰঞ্জিত দাস নিৰ্দোষী। কৰ্মচাৰীসকলে দাবী কৰে যে কৰ্তব্যৰত অৱস্থাত যুৱতী চিকিৎসকগৰাকী অচেতন হৈ পৰি গৈছিল।
তাৰ পিছত আন এগৰাকী নাৰ্ছৰ কথা মতে তেওঁ নাৰ্ছৰ কোঠালৈ দাঙি লৈ গৈছিল। কিন্তু চেতনা ঘূৰি অহাৰ পাছত ৱাৰ্ডবয়জনে তেওঁৰ গোপন অংগত হাত দিয়া বুলি চিকিৎসকগৰাকীয়ে অধ্যক্ষৰ ওচৰত অভিযোগ দিয়ে। আনহাতে, ডিএমচিএইচৰ কৰ্মচাৰীসকলে চিচিটিভি কেমেৰাৰ ফুটেজ পৰীক্ষা কৰাৰ দাবী জনোৱাৰ লগতে ৱাৰ্ডবয়জনক মুকলি কৰি দিয়াৰ দাবী জনাইছে।











