
ডিমাছা কছাৰীসকলৰ সংগ্ৰামী বীৰ শম্ভুধন ফাংল’ৰ বীৰগাঁথা তথা জীৱন আৰু কৰ্মৰ ওপৰি ডিমাছা ইতিহাস সন্দৰ্ভত আলোকপাত কৰি প্ৰকাশ কৰা হৈছে এই গ্ৰন্থখন।ড° সুৰঞ্জনা হাষ্ণুৰ সম্পাদনাত প্ৰকাশিত গ্ৰন্থখন উন্মোচন কৰে চামগুৰি মহাবিদ্যায়ৰ অধ্যক্ষ ড° ইন্দ্ৰজিৎ বেজবৰুৱাই ।

নিৰ্দিষ্ট বক্তা হিচাপে কটন বিশ্ববিদ্যালয়ৰ ইতিহাস বিভাগৰ সহযোগী অধ্যাপিকা ড° ৰিতু থাউছেনে বীৰ শম্ভুধন ফাংল’ৰ ওপৰত বিস্তৃতভাৱে আলোকপাত কৰে।
গ্ৰন্থ উন্মোচনী সভাত পদ্মশ্ৰী ধনেশ্বৰ ইংতিৰ উপৰি খুমটাইৰ জয়া গগৈ মহাবিদ্যালয়ৰ অধ্যক্ষ অমিয় কুমাৰ দাসৰ লগতে বিশিষ্ট লেখক পবিত্ৰ বৰা উপস্থিত থাকি ডিমাছা বীৰগৰাকীৰ জীৱন গাঁথাৰ উপৰি ডিমাছা ইতিহাস সন্দৰ্ভত গাম্ভীৰ্যপূৰ্ণ বক্তব্য আগবঢ়ায়।













