
বিষাক্ত সুৰা সেৱন কৰি মণিপুৰত মাত্ৰ ৪৮ ঘণ্টাৰ (Manipur liquor tragedy) ভিতৰতে ১৩ জন লোকৰ মৃত্যু হৈছে। আনহাতে, চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে ৩০০ৰো অধিক লোক। এই ঘটনাই কঁপাইছে মণিপুৰ প্ৰশাসন। যাৰ বাবে বৰ্তমান অচিনাকি স্থানৰ পৰা আমদানি কৰা দেশীয় সুৰাৰ পৰা আঁতৰি থাকিবলৈ পৰামৰ্শ দিয়া হৈছে। বিষাক্ত সুৰা সেৱন কৰি ইমানসংখ্যক লোক অসুস্থ হোৱাৰ সঠিক কাৰণৰো তদন্ত চলি আছে। বিষাক্ত সুৰা সেৱন কৰি অসুস্থ হোৱাৰ ঘটনা সংঘটিত হৈছে মণিপুৰৰ চাণ্ডেল জিলাত। বুধবাৰৰ পৰা শুকুৰবাৰৰ ভিতৰত সংঘটিত হয় এই ঘটনা।

সুৰা সেৱন কৰি অসুস্থ হৈ পৰাসকলক ইম্ফলৰ বিভিন্ন চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। চাণ্ডেলৰ আৰক্ষী অধীক্ষকে নিহতসকলৰ ভিতৰত ৮ জনৰ নাম জনাইছে। আৰক্ষী সূত্ৰৰ পৰা জানিব পৰা মতে, নিহত একাংশই ঘৰতে মৃত্যুক সাৱটি লয়। চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত মৃত্যু হয় একাংশৰ। মণিপুৰৰ মুখ্যমন্ত্রী য়ুমনাম খেমচান্দ সিঙে শুকুৰবাৰে ৰোগীক চাবলৈ ইম্ফলৰ দুখন চিকিৎসালয় পৰিদর্শন কৰে৷ তেওঁ পৰিস্থিতিৰ বুজ লয়। ৰোগী আৰু তেওঁলোকৰ পৰিয়ালৰ সৈতেও কথা পাতে। মুখ্যমন্ত্রীয়ে কয় যে চাণ্ডেললৈ চিকিৎসকৰ এটা দল ৰাওনা হৈছে৷ যিসকলৰ স্বাস্থ্যৰ অৱস্থা সিমান গুৰুতৰ নহয় তেওঁলোকৰো পৰীক্ষা কৰিব চিকিৎসকৰ দলটোৱে। ইতিমধ্যে মণিপুৰৰ বিজেপি চৰকাৰে এই সন্দৰ্ভত নিৰ্দেশনা জাৰি কৰিছে। বিষাক্ত সুৰা প্ৰস্তুত আৰু বিক্ৰীৰ লগত জড়িতসকলৰ বিৰুদ্ধেও কঠোৰ ব্যৱস্থা গ্ৰহণৰ সকীয়নি দিয়া হৈছে।
প্ৰাথমিক তদন্তত প্ৰকাশ পাইছে যে মণিপুৰৰ কাকচিং জিলাৰ সুগনুৰ পৰা অনা হৈছিল এই বিষাক্ত সুৰা। আৰক্ষীয়ে জনোৱা মতে, নিহতসকলৰ ভিতৰত ৫ জনৰ মৃত্যু হৈছে সুগনু আৰক্ষী থানা এলেকাত। অজ্ঞাত সূত্ৰৰ পৰা দেশত নিৰ্মিত সুৰা সেৱন নকৰিবলৈ পৰামৰ্শ দিয়াৰ উপৰি চাণ্ডেল জিলা প্ৰশাসনে কয় যে যদি কোনো ৰোগীয়া ব্যক্তিয়ে বমি, পেটৰ বিষ, মূৰৰ বিষ, দৃষ্টিশক্তি ম্লান হোৱা বা উশাহ লোৱাত কষ্ট পোৱাৰ দৰে সমস্যাৰ সন্মুখীন হয় তেন্তে তেওঁক চিকিৎসালয়ত ভৰ্তি কৰোৱা উচিত। যিসকল লোকে সুৰা সেৱন কৰিছে অথচ এতিয়াও কোনো লক্ষণ দেখা পোৱা নাই তেওঁলোকৰো স্বাস্থ্য পৰীক্ষা কৰি আছে চিকিৎসকে।












