
মণিপুৰত নিষিদ্ধ উগ্ৰপন্থী (Manipur Violence) সংগঠন পিপ’লছ লিবাৰেচন আৰ্মীৰ গোপন আত্মগোপন স্থান উদ্ধাৰ কৰিছে দিল্লী আৰক্ষীয়ে। সংবাদ সংস্থা পিটিআয়ে প্ৰকাশ কৰা অনুসৰি, শুকুৰবাৰে দক্ষিণ দিল্লীৰ ঠিকনাত অভিযান চলাই এজন ‘ম’ষ্ট ৱাণ্টেড’ উগ্ৰপন্থী নেতাক গ্ৰেপ্তাৰ কৰে। প্ৰকাশিত বাতৰিটোত দাবী কৰা হৈছে যে ধৃত উগ্ৰপন্থী নেতাজন মণিপুৰৰ থৌবাল জিলাৰ সদৰ থানাত ৰুজু হোৱা ইউএপিএৰ গোচৰৰ মূল অভিযুক্ত।

মণিপুৰত ভাৰতৰ বিৰুদ্ধে সশস্ত্ৰ বিদ্ৰোহ আৰু বিধ্বংসী কাৰ্যকলাপৰ সৈতে তেওঁ প্ৰত্যক্ষভাৱে জড়িত আছিল। উল্লেখ্য যে ‘মেইটেই জনগোষ্ঠীৰ সশস্ত্ৰ সংগঠন’ নামেৰে পৰিচিত পিএলএয়ে ভাৰতৰ পৰা বিচ্ছিন্ন হৈ এখন স্বতন্ত্ৰ আৰু সাৰ্বভৌম মণিপুৰ ৰাজ্য গঠন কৰিব বিচাৰিছে। নিৰাপত্তাৰ স্বাৰ্থত আৰু তদন্তৰ গোপনীয়তা বজাই ৰখাৰ স্বাৰ্থত ধৃত উগ্ৰপন্থী নেতাজনৰ নাম বা বিশদ পৰিচয় এতিয়াও প্ৰকাশ কৰা নাই দিল্লী আৰক্ষীয়ে। দিল্লী আৰক্ষীৰ অপৰাধ শাখাৰ উপ-আয়ুক্ত হৰ্ষ ইন্দোৰাই সন্ত্ৰাসবাদী নেতাগৰাকীক গ্ৰেপ্তাৰ কৰাৰ সন্দৰ্ভত বিতং তথ্য পিছত দিয়া হ’ব বুলি জানিবলৈ দিয়ে। প্ৰাৰম্ভিক তদন্তত আৰক্ষীৰ মতে, তেওঁ কোনো ধৰণৰ আক্ৰমণৰ পৰিকল্পনা লৈ দিল্লীলৈ যোৱা নাছিল।
উত্তৰ-পূবৰ ৰাজ্যখনত ২০২৩ চনৰ মে’ মাহৰ পৰা আৰম্ভ হোৱা সাম্প্ৰদায়িক হিংসা এতিয়া বহু পৰিমাণে নিয়ন্ত্ৰণত আছে। আৰক্ষী আৰু কেন্দ্ৰীয় অৰ্ধসামৰিক বাহিনীয়ে অস্ত্ৰ-শস্ত্ৰৰ সন্ধানত মেইটেই আৰু কুকি সন্ত্ৰাসবাদী সংগঠনৰ ঘাটিত অহৰহ অভিযান চলাই আছে। ধৃত সন্ত্ৰাসবাদী নেতাজনে আৰক্ষীৰ পৰা হাত সাৰিবলৈ দিল্লীত আশ্ৰয় লৈছিল নেকি তাৰ তদন্ত অব্যাহত ৰাখিছে।













