
অৰুণাচল প্ৰদেশত নতুন জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণৰ প্ৰতিবাদত সোৱণশিৰি জিলাত ১২ ঘণ্টীয়া বন্ধৰ আহ্বান জনাইছিল কেইবাটাও সংগঠনে। সোমবাৰৰ কাৰ্যসূচীয়ে হঠাতে হিংসাত্মক ৰূপ ধাৰণ কৰে। অভিযোগ অনুসৰি, প্ৰকল্পটো নিৰ্মাণৰ দায়িত্বত থকা এন এইচ পি চিৰ কেইবাখনো বাহন আৰু কেইবাটাও সঁজুলি ভাঙি পেলোৱাৰ অভিযোগ উত্থাপন হৈছে। পাছিঘাটৰ পৰা ২২০ কিলোমিটাৰ পশ্চিমে অৱস্থিত ডাপ’ৰজিঅ’ চহৰত এই প্ৰতিবাদৰ মাত্ৰা সৰ্বাধিক।
সোমবাৰে পুৱা ৫ বজাৰ পৰা আৰম্ভ হয় বন্ধ। এন এইচ পি চিৰ সা-সৰঞ্জামৰ উপৰি আৰক্ষীৰ দুখন বাহন ভাঙি পেলোৱাৰ লগতে সদৌ তাগিন ছাত্ৰ সন্থাৰ আহ্বানত ক্ষুব্ধ ৰাইজ ৰাজপথলৈ ওলাই আহে। আপাৰ সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ অংশ হিচাপে নিৰ্মাণ হ’ব এই বৃহৎ বান্ধ। কিন্তু স্থানীয় ৰাইজে ইয়াৰ নিৰ্মাণৰ বিৰুদ্ধে মাত মাতিছে। এই প্ৰকল্পই পাহাৰৰ প্ৰকৃতি আৰু পৰিৱেশ ধ্বংস কৰিব বুলি আশংকা কৰিছে। ইয়াৰ ফলত স্থানীয় ৰাইজ বিপদত পৰাৰ আশংকা। ইয়াৰ পূৰ্বে আৰক্ষীয়ে আটছুৰ সভাপতি তাদক পাকবাক গ্ৰেপ্তাৰ কৰিবলৈ চেষ্টা চলাইছিল বুলি অভিযোগ উত্থাপন হৈছিল। সেই ঘটনাৰ বিৰুদ্ধেও কাৰ্যসূচীত প্ৰতিবাদ সাব্যস্ত কৰা হয়। ইয়াৰ বাহিৰেও তেওঁলোকৰ আ কিছু দাবী আছে। ইয়াৰ ভিতৰত আটকাধীন চাৰিজন প্ৰতিবাদকাৰীক মুকলি কৰি দিয়া, ৰাজ্যত নিয়োজিত কেন্দ্ৰীয় নিৰাপত্তা বাহিনীক প্ৰত্যাহাৰ কৰা, প্ৰকল্প আৰম্ভ হোৱাৰ পূৰ্বে চলি থকা পৰিদৰ্শনৰ কাম বন্ধ কৰা আদি।

সোমবাৰৰ প্ৰতিবাদত কেইবাজনো নিৰাপত্তাৰক্ষী আহত হোৱা বুলি আপাৰ সোৱণশিৰৰ আৰক্ষী অধীক্ষক কুমাৰ যাদৱে জানিবলৈ দিয়ে। তেওঁ কয়, “কনিষ্টবল আৰু চালক হিবু লাছা আৰু এজন চিআৰপিএফৰ জোৱান আহত হয়। তেওঁলোকক চিকিৎসাৰ বাবে চিকিৎসালয়লৈ লৈ যোৱা হৈছে।”
এই জনতাৰ ক্ষোভ কেইবাদিনো ধৰি চলি আছে। যোৱা শুকুৰবাৰে পুৱতি নিশাৰে পৰা পাছিঘাটৰ পূব ছিয়াং জিলাৰ সদৰ ঘেৰাও কৰে প্ৰতিবাদকাৰীয়ে। ১১,২০০ মেগাৱাট শক্তিৰ চিয়াং বহুমুখী প্ৰকল্প নিৰ্মাণৰ বিৰুদ্ধে জনসাধাৰণে প্ৰতিবাদ সাব্যস্ত কৰে।
আপাৰ চিয়াঙৰ উপায়ুক্ত অশোক টোজোৱে কয় যে বন্দীসকলক মুকলি কৰি দিয়াৰ বাবে আলোচনা চলি আছে। কিন্তু সময় লাগিব। ইয়াৰ বাবে দেওবাৰলৈ সময় দিয়ে প্ৰতিবাদকাৰীয়ে। কিন্তু তেওঁ কয় যে ইমান সোনকালে তেওঁলোকক মুকলি কৰি দিয়াটো সম্ভৱ নহয়। ৰাজ্যত শান্তি ঘূৰি আহিলেহে কেন্দ্ৰীয় বাহিনী প্ৰত্যাহাৰ কৰাটো সম্ভৱ। জনসাধাৰণ আৰু চৰকাৰৰ মাজত যাতে আলোচনা হয় তাৰ বাবে চেষ্টা চলাই থকা বুলিও তেওঁ কয়।













