
গুৱাহাটীৰ মাজমজিয়াত থকা হোটেল বিলাসত সংঘটিত চাঞ্চল্যকৰ হত্যাকাণ্ডই জোকাৰি গৈছে সমগ্ৰ ৰাজ্য। সোমবাৰে নিশা সংঘটিত এই লোমহৰ্ষক ঘটনাত পাঁচজনকৈ লোক নিহত হোৱাৰ পিছতে ৰাজ্যজুৰি সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ।
নিহতসকলৰ ভিতৰত থকা ভুদেৱ ভৰালী আৰু নাৰায়ণ দাসৰ মৃত্যুৰ খবৰে শোকস্তব্ধ কৰি তুলিছে বৰপেটাৰোডবাসীক। বিশেষকৈ নাৰায়ণ দাসৰ বন্ধু-বান্ধৱ আৰু পৰিচিত লোকসকলৰ মাজত বিৰাজ কৰিছে গভীৰ শোকৰ ছাঁ।
জানিব পৰা মতে, নাৰায়ণ দাস কেৱল ভুদেৱ ভৰালীৰ কেয়াৰটেকাৰেই নাছিল, তেওঁ আছিল ভৰালীৰ অতি বিশ্বাসী সহযোগী তথা সোঁহাতস্বৰূপ। বৈদ্যুতিক কামত বিশেষ দক্ষতা থকা নাৰায়ণ দাসে ভুদেৱ ভৰালীৰ সকলো বৈদ্যুতিক কামৰ লগতে অন্যান্য কাম-কাজো চোৱাচিতা কৰিছিল।

দুয়োৰে এনে কৰুণ মৃত্যুক সহজভাৱে ল’ব পৰা নাই বৰপেটাৰোডবাসীয়ে। স্থানীয় ৰাইজৰ মতে, ভুদেৱ ভৰালী আৰু নাৰায়ণ দাসৰ মৃত্যু অঞ্চলটোৰ বাবে এক অপূৰণীয় ক্ষতি।
ইফালে, এই নৃশংস হত্যাকাণ্ডৰ নিৰপেক্ষ আৰু পুংখানুপুংখ তদন্তৰ জৰিয়তে দোষীক চিনাক্ত কৰি কঠোৰ শাস্তি প্ৰদানৰ দাবী জনাইছে স্থানীয় ৰাইজে।













