
চৰকাৰী নথি-পত্ৰৰ পৰা প্ৰশাসনিক পৰ্যায়লৈকে সকলোতে এইবাৰ ইংৰাজীতো ৰাজ্যখনৰ নাম ‘পশ্চিমবংগ’ বুলি লিখা হ’ব। ইতি পৰিব দীৰ্ঘদিনীয়া নাম ‘ৱেষ্ট বেংগল’ৰ (West Bengal Name Change)। এই ঐতিহাসিক প্ৰস্তাৱক সোমবাৰে নৱান্নাত অনুষ্ঠিত ৰাজ্যিক কেবিনেট বৈঠকত ছীল মৰা হয়।

বৈঠকৰ অন্তত মুখ্যমন্ত্রী শুভেন্দু অধিকাৰীয়ে এই সিদ্ধান্তৰ কথা ঘোষণা কৰি কয়, “৯ ডিচেম্বৰত পশ্চিমবংগ বিধানসভাত এটা প্ৰস্তাৱ আহি আছে। এই প্ৰস্তাৱ লোৱাৰ পিছত আমি কেন্দ্ৰীয় চৰকাৰলৈ প্ৰেৰণ কৰিম। সেই প্ৰস্তাৱটো হ’ল পশ্চিমবংগ নামটো ইংৰাজীতো পশ্চিমবংগ হ’ব।”
নৱান্নাৰ সূত্ৰ অনুসৰি, অহা ৪ ডিচেম্বৰৰ পৰা ১৪ ডিচেম্বৰলৈ ৰাজ্যখনৰ বিধানসভাৰ শীতকালীন অধিৱেশন অনুষ্ঠিত হ’ব। সেই অধিবেশনত মুঠ আঠখন গুৰুত্বপূৰ্ণ বিধেয়ক ৰাজ্য চৰকাৰে আনিব। ৰাজ্যৰ নাম সলনিৰ এই প্ৰস্তাৱ সেই অধিৱেশনৰ সময়ত বিধানসভাত দাখিল কৰা হ’ব। যদিহে বিধানসভাত এই প্ৰস্তাৱ গৃহীত হয় তেন্তে নিয়ম অনুসৰি চূড়ান্ত অনুমোদনৰ বাবে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়লৈ প্ৰেৰণ কৰা হ’ব।
তাৰ পৰা যদি সেউজ সংকেত পায় তেন্তে আনুষ্ঠানিকভাৱে ʼৱেষ্ট বেংগল’ নামটো নোহোৱা কৰা হ’ব। শুভেন্দুৱে কয়, “এই অধিৱেশনত আঠখন বিধেয়ক অনা হ’ব। ৰাজ্য চৰকাৰে আজি ৰাজ্যিক মন্ত্ৰীসভাক অনুমোদন দিছে। ইয়াৰ পিছত মাননীয় ৰাজ্যপালৰ ওচৰলৈ যাব।” ৰাজ্যৰ নাম সলনিৰ এই পদক্ষেপ নতুন নহয়।
ইয়াৰ পূৰ্বে বাওঁপন্থী শাসনৰ সময়ত আৰু তাৰ পিছত প্ৰাক্তন মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ সময়ত বিধানসভাত প্ৰস্তাৱ গৃহীত কৰি ৰাজ্যখনৰ নাম সলনি কৰাৰ চেষ্টা কৰা হৈছিল। কিন্তু সেই প্ৰচেষ্টা দিল্লীৰ আদালতলৈ যোৱাৰ পিছত বাৰে বাৰে বাধা দিয়া হৈছিল। প্ৰথমে কেন্দ্ৰত মনমোহন সিঙৰ নেতৃত্বত ইউপিএ চৰকাৰ আৰু পিছলৈ নৰেন্দ্ৰ মোদীৰ এনডিএ চৰকাৰ কোনোৱেই এই প্ৰস্তাৱত সন্মতি দিয়া নাছিল।
ফলত দীৰ্ঘদিনীয়া সংগ্ৰামৰ মাজতো নাম সলনি প্ৰক্ৰিয়াটো আধৰুৱা হৈয়েই থাকিল। কিন্তু ৰাজনৈতিক মহলৰ মতে, যিহেতু ৰাজ্য আৰু কেন্দ্ৰত বৰ্তমান একেটা দলৰ শাসন চলি আছে, গতিকে এইবাৰ নৱান্নাই নাম সলনি কৰাৰ ক্ষেত্ৰত বিশেষ হেঁচা প্ৰয়োগ কৰিব নালাগিব।
উল্লেখ্য যে ‘ৱেষ্ট বেংগল’ নামটো ইংৰাজী বৰ্ণমালাত ‘W’ আখৰেৰে আৰম্ভ হয়, যিটো ইংৰাজী বৰ্ণমালাৰ শেষৰ আখৰ। ইয়াৰ বাবেই ৰাজ্যখনে দীৰ্ঘদিন ধৰি প্ৰশাসনিক পৰ্যায়ত অসুবিধাৰ সন্মুখীন হৈ আহিছে। দিল্লীৰ বিভিন্ন ৰাজ্যৰ মুখ্যমন্ত্রীসকলৰ বৈঠকত বা যিকোনো সর্বভাৰতীয় প্রশাসনিক সভাত বংগৰ প্রতিনিধিসকলে বৰ্ণানুক্ৰমিক তালিকা অনুযায়ী কথা কোৱাৰ সুযোগ একেবাৰে শেষত আহে। সেই কথা মনত ৰাখি ৰাজ্যখনৰ নাম সলনি কৰাৰ প্ৰয়াস কৰা হয়।
উল্লেখ্য যে ১৯৯৯ চনৰ ২০ জুলাইত বাওঁপন্থী চৰকাৰৰ দিনত এই নামটো ‘পশ্চিমবংগ’লৈ সলনি কৰাৰ প্ৰস্তাৱ বিধানসভাত আলোচনা কৰা হয়। সেই প্ৰস্তাৱ কেন্দ্ৰলৈ প্ৰেৰণ কৰা হৈছিল যদিও গ্ৰহণ কৰা হোৱা নাছিল। ২০১১ চনত ৰাজ্যত শাসন পৰিৱৰ্তনৰ পিছত মমতা চৰকাৰে প্ৰথমবাৰৰ বাবে ক্ষমতালৈ আহে আৰু সেই বছৰৰ ২ ছেপ্টেম্বৰত বিধানসভাত সৰ্বসন্মতিক্ৰমে প্ৰস্তাৱ গৃহীত কৰিছিল।
সেইবাৰো ৰাজ্যখনৰ নাম ইংৰাজীত ‘পশ্চিমবংগ’লৈ সলনি কৰাৰ পৰামৰ্শ দি কেন্দ্ৰলৈ এটা প্ৰস্তাৱ প্ৰেৰণ কৰা হৈছিল। কিন্তু তেতিয়াৰ কেন্দ্ৰীয় চৰকাৰে সেই প্ৰস্তাৱত সন্মতি নিদিলে। তাৰ পিছত ২০১৬ চনৰ ২৯ আগষ্টত দ্বিতীয়বাৰৰ বাবে বিধানসভাত নাম সলনি কৰাৰ প্ৰস্তাৱ গৃহীত হয়।
সেইবাৰ তিনিটা ভাষাত তিনিটা ভিন্ন নাম প্ৰস্তাৱ কৰা হৈছিল । বাংলাত ‘বাংলা’, ইংৰাজীত ‘বেংগল’ আৰু হিন্দীত ‘বংগাল’। কিন্তু কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে স্পষ্ট কৰি দিয়ে যে তিনিটা ভাষাত এখন ৰাজ্যৰ বেলেগ বেলেগ নাম থকাটো সাংবিধানিক নহয়; সকলো ভাষাতে এটা সাধাৰণ নাম থাকিব লাগে।
ভাৰতীয় সংবিধানৰ ৩নং অনুচ্ছেদ অনুসৰি, এখন ৰাজ্যৰ নাম সলনি কৰাৰ চূড়ান্ত ক্ষমতা সংসদৰ ওপৰত নিহিত হৈ আছে। কিন্তু তাৰ আগতে ৰাষ্ট্ৰপতিয়ে প্ৰস্তাৱিত বিধেয়কখন সংশ্লিষ্ট ৰাজ্যিক বিধানসভালৈ প্ৰেৰণ কৰি বিধানসভাৰ মতামত বিচাৰিবলগা হয়।
বিধানসভাৰ মতামত লোৱাটো বাধ্যতামূলক যদিও সেই মতামত অনুসৰণ কৰিবলৈ সংসদ বাধ্য নহয়। ইয়াৰ পিছত ৰাষ্ট্ৰপতিৰ পৰামৰ্শ মতে বিধেয়কখন দাখিল কৰি সংসদত গৃহীত কৰিব লাগিব। সংসদত যদি বিধেয়কখন গৃহীত হয় তেন্তে ৰাষ্ট্ৰপতিৰ সন্মতি সাপেক্ষে নাম সলনি প্ৰক্ৰিয়া সম্পূৰ্ণ হয়।
এইবাৰ মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে আৱেগ আৰু প্ৰশাসনিক যুক্তিৰ প্ৰতি লক্ষ্য ৰাখি আগবাঢ়ি যাবলৈ চেষ্টা কৰিছে। ‘বাংলা’ নামক লৈ হোৱা বিতৰ্ক এৰাই চলি ৰাজ্যখনৰ নাম ‘পশ্চিমবংগ’ সকলো ভাষাতে ৰখাৰ সিদ্ধান্ত লৈছে তেওঁৰ মন্ত্ৰীসভাই।
ইয়াত যেনেকৈ বিভাজনৰ ইতিহাস আৰু ‘পশ্চিমবংগ’ নামৰ অস্তিত্ব অক্ষুণ্ণ হৈ আছে, ইংৰাজী বৰ্ণমালাৰ ‘W’ৰ পৰা ‘P’লৈ গতি কৰিব। যদি সকলো ঠিকে থাকে তেন্তে ডিচেম্বৰ মাহত শীতকালীন অধিৱেশনৰ পিছত এই ৰাজ্যখনে ইংৰাজীতো ‘পশ্চিমবংগ’ হিচাপে আত্মপ্ৰকাশ কৰিবলৈ ওলাইছে।










