
অহা ২৯ নৱেম্বৰত নতুন দিল্লীত অনুষ্ঠিত হ’ব সুধাকণ্ঠ ভূপেন হাজৰিকাৰ (Bhupen Hazarika) জন্ম শতবাৰ্ষিকী উদযাপনৰ সামৰণী অনুষ্ঠান। নতুন দিল্লীৰ ভাৰত মণ্ডপমত এই সামৰণী অনুষ্ঠানৰ আয়োজন কৰা হৈছে। ইতিমধ্যে অনুষ্ঠানৰ প্ৰস্তুতি পূৰ্ণগতিত চলি আছে আৰু ৰাজ্য চৰকাৰৰ একাংশ মন্ত্ৰী তথা শীৰ্ষ বিষয়াই ইয়াৰ তদাৰক কৰি আছে৷ এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী।

ইতিমধ্যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰি ইয়াৰ বাবে আনুষ্ঠানিক আমন্ত্ৰণী-পত্ৰ প্ৰদান কৰিছে। উল্লেখ্য যে এই অনুষ্ঠানতে যশস্বী কণ্ঠশিল্পী ঊষা মংগেশকাৰক প্ৰথমবাৰৰ বাবে ভূপেন হাজৰিকা বঁটা প্ৰদান কৰা হ’ব। আনহাতে, এই সামৰণী অনুষ্ঠানৰ কাৰ্যসূচীত অসম তথা দেশৰ এহেজাৰ বিশিষ্ট কণ্ঠশিল্পীয়ে ভূপেন হাজৰিকাৰ দুটা কালজয়ী গীত ‘মানুহে মানুহৰ বাবে’ আৰু ‘উই আৰ ইন দ্য ছেম বোট ব্ৰাদাৰ’ পৰিবেশন কৰিব।
এই গীত দুটাত অংশগ্ৰহণ কৰিবলগীয়া অসমৰ কণ্ঠশিল্পীসকলৰ ভিতৰত আছে মৌচুমী চহৰীয়া, তৰালী শৰ্মা, ময়ূখ হাজৰিকা, ৰূপম ভূঞা, দীক্ষু শৰ্মা, অনিন্দিতা পাল, শংকুৰাজ কোঁৱৰ, নাহিদ আফ্ৰিন, আচুৰ্য বৰপাত্ৰ গোহাঁই, ডাৱৰ হাজৰিকা, ৰূপম ভূঞা, সুনীতা খাউণ্ডকে ধৰি কেইবাগৰাকীও বিশিষ্ট শিল্পী৷ আনহাতে, ৰাষ্ট্ৰীয় পৰ্যায়ৰ শিল্পীৰ ভিতৰত কবিতা কৃষ্ণমূৰ্তি, শ্ৰেয়া ঘোষাল, মহালক্ষ্মী আয়াৰ, অংগৰাগ পাপন মহন্ত, এল সুব্ৰমণিয়ম, ৰাহুল দেশপাণ্ডে, কৌশিকী চক্ৰৱৰ্তী আদি বহুকেইগৰাকী বৰেণ্য শিল্পীয়ে ভূপেন হাজৰিকাৰ গীতত কণ্ঠ নিগৰাব৷ ইফালে নতুন দিল্লীত অনুষ্ঠিত হ’বলগীয়া ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকীৰ সামৰণী অনুষ্ঠানত অংশগ্ৰহণ কৰিবৰ বাবে অসম চৰকাৰৰ উদ্যোগত ৰাজ্যৰ পৰা এহেজাৰ শিক্ষাৰ্থীক নিয়া হ’ব।
ইয়াৰ বাবে এখন বিশেষ ৰে’লৰ ব্যৱস্থা কৰা হৈছে৷ উল্লেখ্য যে ২৯ নৱেম্বৰৰ সন্ধিয়া ৬ বজাৰ পৰা অনুষ্ঠিত হ’বলগীয়া ডেৰঘণ্টীয়া অনুষ্ঠানটোত কেইবাখনো দেশৰ ৰাষ্ট্ৰদূত, বহুকেইখন ৰাজ্যৰ ৰাজ্যপাল, কেইবাগৰাকীও কেন্দ্ৰীয় মন্ত্ৰীকে ধৰি বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকিব৷











