
বিগত কিছুদিন ধৰি উত্তৰ-পূৰ্বাঞ্চলত হোৱা ধাৰাসাৰ বৰষুণৰ (Northeast Flood) ফলত অসম, মণিপুৰ, অৰুণাচল প্ৰদেশ আদি ৰাজ্য ভূমিস্খলন আৰু বানৰ কবলত পৰিছে। সোমবাৰলৈকে উত্তৰ-পূব ভাৰতত মৃত্যু হোৱা লোকৰ সংখ্যা ৩৬ জনলৈ বৃদ্ধি পাইছে।

আনহাতে, ৫.৫ লাখৰো অধিক লোক গৃহহীন হৈছে। বৰ্তমান অসমত আটাইতকৈ ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হৈছে। ৰাজ্যখনত মৃত্যু হৈছে ১১ জন লোকৰ। অৰুণাচল প্ৰদেশত ১০ জন লোকৰ মৃত্যু হোৱাৰ লগতে মেঘালয়ত ৬ জন, মিজোৰামত ৫ জন, ছিকিমত ৩ জন আৰু ত্ৰিপুৰাত এজন লোকৰ মৃত্যু হৈছে।
ইতিমধ্যে এই পৰিস্থিতি সন্দৰ্ভত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, ছিকিমৰ মুখ্যমন্ত্ৰী প্ৰেম সিং তামাং আৰু মণিপুৰৰ ৰাজ্যপাল অজয় কুমাৰ ভাল্লাৰ সৈতে কথা পাতিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। লগতে কেন্দ্রই সকলো ধৰণৰ সহায় সহযোগিতাৰ আশ্বাস দিছে৷
অসমৰ বান পৰিস্থিতি শেহতীয়াভাৱে অসমৰ ২২খন জিলাত বান পৰিস্থিতি আৰু অধিক অৱনতি ঘটিছে। ৫ লাখৰো অধিক লোক ক্ষতিগ্ৰস্ত হৈছে। চৰকাৰী তথ্য অনুসৰি, মৃত্যুৰ সংখ্যা ১১ জনলৈ বৃদ্ধি পাইছে। বৰ্তমান বিপদসীমাৰ ওপৰেৰে বৈ আছে ১৫ খন নদী।
ধাৰাসাৰ বৰষুণৰ ফলত কেইবাঠাইতো পৰিবহণ সেৱা ব্যাহত হৈছে। পথ, ৰে’ল আৰু ফেৰী সেৱাও ব্যাহত হৈছে। সৰ্বাধিক ক্ষতিগ্ৰস্ত জিলাসমূহৰ ভিতৰত লখিমপুৰ অন্যতম। ইতিমধ্যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অঞ্চলটো পৰিদৰ্শন কৰিছে। লগতে ৰাজ্যবাসীক সম্পূৰ্ণ সহায়ৰ আশ্বাস দিছে।
ছিকিমৰ বান পৰিস্থিতি
আনহাতে, অবিৰত বৰষুণ আৰু ভূমিস্খলনে বিধ্বস্ত কৰিছে ছিকিম। ছিকিমৰ মংগন জিলাৰ লাচেনৰ সমীপৰ সেনা শিবিৰত দেওবাৰে সন্ধিয়া সংঘটিত হোৱা ভূমিস্খলনত তিনিজন সেনা জোৱান নিহত হয়।
এতিয়াও সন্ধানহীন হৈ আছে ৯ জন। নিহত দুজন হ’ল হাবিলদাৰ লক্ষৱিন্দৰ সিং, লেন্স নায়ক মুনীষ ঠাকুৰ আৰু প’ৰ্টাৰ অভিষেক লখা। নিৰুদ্দেশ হোৱা ছয়জন জোৱানক উদ্ধাৰৰ বাবে উদ্ধাৰ অভিযান চলি আছে। ছিকিমৰ ডিজিপি অক্ষয় সচদেৱে জনোৱা মতে, লাচুং আৰু চুংথাং চহৰত আবদ্ধ হৈ থকা ১৬৭৮ গৰাকী পৰ্যটকক সুৰক্ষিত স্থানলৈ স্থানান্তৰ কৰা হৈছে।
এতিয়াও লাচেনত আবদ্ধ হৈ আছে ১০০ৰো অধিক লোক। এতিয়াও কেইবাঠাইতো বন্ধ হৈ আছে পথ। লাচেন, লাচুং, গুৰুডংমাৰ, ভেলী অব ফ্লাৱাৰ্ছ আৰু জিৰ’ পইণ্টৰ দৰে গুৰুত্বপূৰ্ণ পৰ্যটনস্থলীৰ ক্ষতিসাধন হৈছে। বৰষুণৰ ফলত প্ৰবল সোঁতেৰে বৈ আছে তীস্তা নদী।
মণিপুৰৰ বান পৰিস্থিতি
বিগত চাৰিদিন ধৰি ধাৰাবাহিকভাৱে হোৱা ধাৰাসাৰ বৰষুণৰ ফলত মণিপুৰৰ কেইবাখনো নদীৰ জলপৃষ্ঠ বিপজ্জনকভাৱে বৃদ্ধি পাইছে। হাজাৰ হাজাৰ লোক বানত ক্ষতিগ্ৰস্ত হৈছে। ৩৩৬৫টাতকৈও অধিক পৰিয়াল ক্ষতিগ্ৰস্ত হৈছে। ১০৩ টা অঞ্চল ক্ষতিগ্ৰস্ত হোৱাৰ উপৰি ১৯,৮১১ জন লোক গৃহহীন হৈছে।
স্থানীয় ৰাইজক আশ্ৰয় আৰু সহায়ৰ বাবে বিভিন্ন স্থানত ৩১টা সাহায্য শিবিৰ স্থাপন কৰা হৈছে। মণিপুৰ অগ্নিনিৰ্বাপক সেৱা, অসম ৰাইফলছ, এছ ডি আৰ এফ, এন ডি আৰ এফ আৰু ভাৰতীয় সেনাই যৌথভাৱে আৰম্ভ কৰিছে এই সাহায্য অভিযান। ইম্ফলত চাৰিটা স্থানত মথাউৰি ভাঙি যোৱাৰ ফলত পূব ইম্ফল জিলাত ব্যাপক বানপানীৰ সৃষ্টি হৈছে।
অৰুণাচলৰ বান পৰিস্থিতি
অৰুণাচল প্ৰদেশত বানপানী আৰু ভূমিস্খলনৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা ১০ জনলৈ বৃদ্ধি পাইছে। সোমবাৰে লোহিত জিলাৰ পৰা আৰু এজনৰ মৃত্যু হোৱাৰ খবৰ পোৱা গৈছে। ২৩ খন জিলাৰ ১৫৬ খনতকৈও অধিক গাঁও ক্ষতিগ্ৰস্ত হৈছে।
ভূমিস্খলন আৰু বানপানী প্ৰৱণ অঞ্চলৰ বাসিন্দাসকলক সজাগ হ’বলৈ পৰামৰ্শ দিয়া হৈছে। পশ্চিম কামেং, কমলে, সোৱণশিৰি, পাপুম পাৰে, দিবাং উপত্যকা, লোহিত, চাংলাং, লংডিঙকে ধৰি কেইবাখনো জিলা বান পৰিস্থিতিৰ সন্মুখীন হৈছে। ৰাজ্যখনৰ অধিকাংশ নদী আৰু ইয়াৰ উপনৈসমূহ বিপদৰ স্তৰৰ ওপৰেৰে বৈ আছে।
ত্ৰিপুৰাৰ বান পৰিস্থিতি বিগত কেইদিনমানৰ পৰা ত্ৰিপুৰাৰ বান পৰিস্থিতি কিছু উন্নত হৈছে। সোমবাৰৰ পৰা বৰষুণো হ্ৰাস পাইছে। কিন্তু পৰিস্থিতিৰ উন্নতি ঘটিলেও ১০ হাজাৰৰো অধিক লোক এতিয়াও বিভিন্ন চৰকাৰী সাহায্য শিবিৰত আবদ্ধ হৈ আছে।
ৰাজ্য প্ৰশাসনে ক্ষতিগ্ৰস্ত জিলাসমূহত ৬৬টা সাহায্য শিবিৰ স্থাপন কৰিছে, য’ত বৰ্তমান ২,৯২৬টা পৰিয়াল বা ১০,৮১৩টা লোকক আশ্ৰয় দিয়া হৈছে। মিজোৰামৰ বান পৰিস্থিতি যোৱা ২৪ মে’ৰ পৰা মিজোৰামত ধাৰাসাৰ বৰষুণ আৰম্ভ হোৱাৰ পাছত কমেও ৫জন লোকৰ মৃত্যু হৈছে৷
মৃতকৰ ভিতৰত ম্যানমাৰৰ পৰা অহা তিনিজন শৰণাৰ্থীও আছে৷ ভূমিস্খলনৰ ফলত ২১২টা পথ অৱৰোধ হৈ পৰিছে। ভূমিস্খলন আৰু পানী জমা হোৱাৰ বাবে বিভিন্ন অঞ্চলত জনজীৱন ব্যাহত হৈ পৰিছে। ধাৰাসাৰ বৰষুণৰ বাবে সোমবাৰে ৰাজ্যৰ সকলো বিদ্যালয়-মহাবিদ্যালয় বন্ধ থাকিব বুলি ঘোষণা কৰা হয়।













