
মেইটেই নেতাকে ধৰি পাঁচজন লোকক গ্ৰেপ্তাৰিক কেন্দ্ৰ কৰি হোৱা প্ৰতিবাদৰ ফলত মণিপুৰ পুনৰ অশান্ত (Manipur Violence) হৈ পৰিছে। দেওবাৰে নিশাও মণিপুৰৰ বিভিন্ন প্ৰান্তত উত্তেজনাৰ সৃষ্টি হয়। জোঁৰ সমদল, নিৰাপত্তাৰক্ষীৰ সৈতে সংঘৰ্ষ, আনকি চৰকাৰী কাৰ্যালয়তো অগ্নিকাণ্ড সংঘটিত হয়।

আনহাতে, ৰবৰৰ গুলী নিক্ষেপ কৰি আৰক্ষীয়ে প্ৰতিবাদকাৰীক ছত্ৰভংগ দিয়াবলৈ চেষ্টা কৰে। কন্দুৱা গেছৰ গোলাও নিক্ষেপ কৰা হয়।
পূব ইম্ফল জিলাৰ য়াইৰিপক তুলিহাল অঞ্চলত মহকুমাধিপতিৰ কাৰ্যালয়ত অগ্নিসংযোগ কৰা হয়। অগ্নিকাণ্ডত ভৱনটোৰ আংশিক ক্ষতিসাধন হয়। অৱশ্যে প্ৰাৰম্ভিক তথ্য মতে, কোনো চৰকাৰী নথি-পত্ৰ ধ্বংস কৰা হোৱা নাই। অগ্নিসংযোগৰ লগত কোন জড়িত সেয়া এতিয়াও আৰক্ষীৰ বাবে স্পষ্ট হোৱা নাই।
সংবাদ সংস্থা পিটিআয়ে প্ৰকাশ কৰা অনুসৰি, আৰক্ষীয়ে দুষ্কৃতিকাৰীক চিনাক্ত কৰিবলৈ চেষ্টা চলাইছে। মহকুমাধিপতিৰ কাৰ্যালয়ৰ সন্মুখত অতিৰিক্ত নিৰাপত্তাৰ ব্যৱস্থা কৰা হৈছে যাতে আৰু কোনো অশুভ ঘটনাৰ পৰা হাত সাৰিব পৰা যায়।
ইম্ফল ইষ্টৰ ৱাংখেই, য়াইৰিপক আৰু খুৰাইত নিৰাপত্তাৰক্ষীৰ সৈতে প্ৰতিবাদকাৰীৰ সংঘৰ্ষ হয়।
পথত টায়াৰ জ্বলায় প্ৰতিবাদকাৰীয়ে। প্ৰতিবাদকাৰীক ছত্ৰভংগ দিয়াবলৈ কেইবা ৰাউণ্ড কন্দুৱা গেছৰ গুলী নিক্ষেপ কৰা হয়। ইম্ফল পশ্চিমৰ ককাইথেল আৰু সিংহামেই জিলাত নিৰাপত্তাৰক্ষীৰ সৈতে প্ৰতিবাদকাৰীৰ সংঘৰ্ষ হয়।
ক্ষুব্ধ ৰাইজক ছত্ৰভংগ দিয়াবলৈ আৰক্ষীয়ে কেইবা ৰাউণ্ড কন্দুৱা গেছ নিক্ষেপ কৰে। চৰকাৰী সূত্ৰৰ উদ্ধৃতি দি সংবাদ সংস্থা পিটিআয়ে জনোৱা মতে, প্ৰতিবাদকাৰীক ছত্ৰভংগ দিয়াবৰ বাবে ৰবৰৰ গুলীও ব্যৱহাৰ কৰা হৈছিল।
আনহাতে, সোমবাৰে পুৱা ইম্ফলৰ একাংশ অঞ্চলত জ্বলা টায়াৰ পথত পৰি থকা দেখা যায়। তেতিয়ালৈকে ধোঁৱা ওলাই আছিল। ইম্ফল পশ্চিমৰ একাংশ অঞ্চলত নিৰাপত্তা বাহিনী অঞ্চলটোলৈ যাব নোৱাৰাকৈ পথ অৱৰোধ কৰাৰ চেষ্টাও কৰা হয়। পিটিআয়ে জনোৱা মতে, জিলাখনৰ ছেকমাই আৰু ক’ইৰংগেই অঞ্চলত প্ৰতিবাদকাৰীয়ে পথত ওখ মাটিৰ ভেটি নিৰ্মাণ কৰে।
নিৰাপত্তা বাহিনী যাতে অঞ্চলটোত প্ৰৱেশ কৰিব নোৱাৰে তাৰ বাবে এই মাটিৰ ভেটিবোৰ নিৰ্মাণ কৰা হয়।
মণিপুৰ আৰক্ষীৰ এগৰাকী বিষয়াই পিটিআইক জনোৱা মতে, পৰিস্থিতি এতিয়াও উত্তেজনাপূৰ্ণ। প্ৰতিবাদকাৰীয়ে কেইবাঠাইতো বাঁহেৰে পথ অৱৰোধ কৰিছে।
অৱশ্যে ইম্ফল বিমানবন্দৰলৈ যোৱা পথকে ধৰি কেইবাটাও স্থানত নিৰাপত্তা বাহিনীয়ে অৱৰোধ আঁতৰাইছে।
উল্লেখ্য যে শনিবাৰে কেন্দ্ৰীয় তদন্তকাৰী সংস্থা এন আই এ আৰু চি বি আয়ে মেইটেই গোটৰ সংগঠন আৰম্বাই টেংগোলৰ এজন অধিনায়ককে ধৰি পাঁচজন লোকক গ্ৰেপ্তাৰ কৰে। ইয়াৰ ফলত নতুনকৈ উত্তেজনাৰ সৃষ্টি হয়।
মণিপুৰ আৰক্ষীয়ে সোমবাৰে তেওঁলোকক গ্ৰেপ্তাৰৰ কাৰণ সন্দৰ্ভত বিতং তথ্য প্ৰকাশ কৰে। আৰক্ষীয়ে জনোৱা মতে, ইম্ফলৰ পৰা চিবিআয়ে গ্ৰেপ্তাৰ কৰে অসীম কানন সিং নামৰ এজন প্ৰাক্তন আৰক্ষীক। তেওঁৰ বিৰুদ্ধে অস্ত্ৰ সৰবৰাহকে ধৰি বিভিন্ন গুৰুতৰ অপৰাধৰ অভিযোগ আছে।
ইয়াৰ বাহিৰেও বিগত বৰ্ষৰ ১৭ জানুৱাৰীত আৰক্ষীৰ ওপৰত সংঘটিত আক্ৰমণৰ সৈতে জড়িত তিনিজন লোকক নিয়াই গ্ৰেপ্তাৰ কৰে। ইয়াৰে দুজন দুটা পৃথক কুকি সংগঠনৰ সৈতে জড়িত বুলি আৰক্ষীয়ে দাবী কৰিছে। এনে পৰিস্থিতিত আৰক্ষীয়ে মণিপুৰৰ ৰাইজক কোনো ধৰণৰ অশান্তিৰ লগত জড়িত নহ’বলৈ অনুৰোধ জনাইছে।












