
গুলীৰ আঘাতত কুকি গাঁওবুঢ়াৰ পত্নীৰ মৃত্যুত মণিপুৰত (Manipur Violence) নতুন উত্তেজনাৰ সৃষ্টি হৈছে। এই ঘটনাৰ প্ৰতিবাদত শুকুৰবাৰে চুৰাচান্দপুৰকে ধৰি জনজাতি অধ্যুষিত জিলাসমূহ সম্পূৰ্ণ বন্ধ হৈ পৰে।

চুৰাচান্দপুৰৰ হাইচাংলোক অঞ্চলত বৃহস্পতিবাৰে নিশা কুকি উগ্ৰপন্থীৰ বিৰুদ্ধে অভিযান চলায় নিৰাপত্তা বাহিনীয়ে। সেই সময়ত দুয়োপক্ষৰ মাজত হোৱা গুলীয়াগুলীত হাইখোলহিং হাওকিপ নামৰ কুকি সম্প্ৰদায়ৰ এগৰাকী বৃদ্ধা নিহত হয়। স্থানীয় গাঁওবুঢ়াৰ পত্নী আছিল তেওঁ। মণিপুৰৰ জনজাতিৰ ৰাজনৈতিক সংগঠন খিলঞ্জীয়া জনজাতি নেতা মঞ্চৰ অভিযোগ।
লংচিয়াংমানবি গাঁৱৰ বৃদ্ধাগৰাকী কুকি-জো সম্প্ৰদায়ৰ নেত্ৰী আছিল। মেইটেই প্ৰভাৱিত ৰাজ্য চৰকাৰৰ আৰক্ষীয়ে তেওঁক হত্যা কৰাৰ পৰিকল্পনা কৰা বুলি অভিযোগ কৰি বৃহস্পতিবাৰে নিশা কুকি প্ৰভাৱিত অঞ্চলত বন্ধ পালন কৰিবলৈ আৰম্ভ কৰে।
শুকুৰবাৰে দিনটোৰ ভিতৰতে মণিপুৰৰ পাহাৰীয়া অঞ্চলত আৰক্ষী আৰু বন্ধ সমৰ্থকৰ মাজত বিক্ষিপ্ত সংঘৰ্ষৰ সৃষ্টি হয়। পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ চুৰাচান্দপুৰৰ কিছু অঞ্চলত নতুনকৈ অৰ্ধসামৰিক বাহিনী মোতায়েন কৰা হৈছে।












