
তেলেংগানাৰ এটা ৰাসায়নিক কাৰখানাত সংঘটিত বিস্ফোৰণত (Telengana blast) মৃত্যু হোৱা লোকৰ সংখ্যা বৃদ্ধি পাইছে। জিলা আৰক্ষী অধীক্ষক পৰিতোষ পংকজে মঙলবাৰে সংবাদ সংস্থা পি টি আইক জনোৱা মতে, এতিয়ালৈকে ধ্বংসাৱশেষৰ পৰা ৩১টা মৃতদেহ উদ্ধাৰ কৰা হৈছে।

আনহাতে, আহত তিনিজনৰ চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত মৃত্যু হয়। এই প্ৰতিবেদন দাখিল কৰাৰ সময়লৈকে ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনীৰ সদস্যসকলে কাৰখানাটোৰ চাৰিওফালে উদ্ধাৰ অভিযান চলাই আছে। তেলেংগানাৰ মুখ্যমন্ত্ৰী ৰেৱন্ত ৰেড্ডীয়ে মঙলবাৰে এই স্থান ভ্ৰমণ কৰাৰ সম্ভাৱনা আছে।
সোমবাৰে পুৱা তেলেংগানাৰ সাংগাৰেড্ডী জিলাৰ পাছামিলৰাম ঔদ্যোগিক এলেকাৰ ৰাসায়নিক কাৰখানাৰ পৰা হঠাৎ বিস্ফোৰণৰ শব্দ শুনা যায়। স্থানীয় ৰাইজে গৈ দেখে যে কাৰখানাটোৰ ছাদখন উৰি গৈছে আৰু ১০০ মিটাৰ দূৰৈত পৰিছে। ভিতৰৰ পৰা ক’লা ধোঁৱা ওলাই আছে।
প্ৰথমে খবৰ পোৱা গৈছিল যে এই বিস্ফোৰণত ১২ জন শ্ৰমিকৰ মৃত্যু হৈছে। আন কেইবাজনো আহত হয়। কিন্তু ক্ৰমান্বয়ে বৃদ্ধি পায় মৃতকৰ সংখ্যা। অগ্নিনিৰ্বাপক বাহিনীয়ে জুই নিয়ন্ত্ৰণ কৰাৰ পিছত ধ্বংসাৱশেষ আঁতৰাই উদ্ধাৰ অভিযান আৰম্ভ কৰে। তাৰ পিছত এটাৰ পিছত এটাকৈ মৃতদেহ উদ্ধাৰ কৰা হয়।
এই ভয়াৱহ ঘটনাৰ বৰ্ণনা দি তেলেংগানাৰ স্বাস্থ্যমন্ত্ৰী দামোদৰ ৰাজনাৰ সিঙে কয় যে বিস্ফোৰণৰ প্ৰভাৱৰ বাবে কাৰখানাটোৰ ছাদখন উৰি গৈছে। সেই সময়ত তাত কৰ্মৰত বহু শ্ৰমিকৰ মৃতদেহ প্ৰায় ১০০ মিটাৰ দূৰৈত ছিটিকি পৰে। স্থানীয় প্ৰশাসনে জনাইছে যে বিস্ফোৰণৰ সময়ত কাৰখানাটোত ৯০ জন লোকে কৰ্মৰত আছিল।
প্ৰথম অৱস্থাত ঔষধৰ কাৰখানাত হোৱা বিস্ফোৰণৰ কাৰণ ৰাসায়নিক বিক্ৰিয়া বুলি ধাৰণা কৰা হয় যদিও এই সন্দৰ্ভত তদন্ত সম্পূৰ্ণ নোহোৱালৈকে নিশ্চিতভাৱে একো কোৱা সম্ভৱ নহয় বুলি কোৱা হৈছে। তেলেংগানাৰ মুখ্যমন্ত্ৰী ৰেৱন্তৰ উপৰি তেলেংগানাৰ ৰাজ্যপাল জিষ্ণু দেৱবাৰ্মায়ো এই ঘটনাক লৈ শোক প্ৰকাশ কৰিছে।











