ASSAM TIMES POST
হৰিনামেৰে ৰাইজক আদৰিলে যুৱ প্ৰজন্মৰ শিল্পীয়ে
বিশ্ব ঐতিহ্য কাজিৰঙা সমন্বয় ক্ষেত্ৰৰ পৰা অজন্তা তালুকদাৰ
যোৱা ৫ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হোৱা উত্তৰ পূৰ্বাঞ্চলৰ অন্যতম বৃহৎ ধৰ্মীয় অনুষ্ঠান শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৮৯ সংখ্যক বোকাখাত অধিবেশনলৈ জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে যোৱা প্ৰতিগৰাকী ধৰ্মপ্ৰাণ তথা সংস্কৃতিপ্ৰেমী ৰাইজক মূল প্ৰৱেশ দ্বাৰতে নামেৰে আদৰিলে সংঘৰ সেৱা বাহিনীৰ যুৱ প্ৰজন্মৰ শিল্পীয়ে।
সাম্প্ৰতিক সময়ত পশ্চিমীয়া সংস্কৃতিৰ ধামখুমিয়াত পৰি ককবকোৱা আমাৰ সমাজৰ এচাম যুৱ প্ৰজন্মৰ বিপৰীতে নাম-প্ৰসংগৰ দৰে অসমৰ থলুৱা শিল্প-সংস্কৃতিক চৰ্চাৰ জড়িয়তে জীয়াই ৰাখিবলৈ প্ৰযত্ন কৰা এচাম সুন্দৰ, সুস্থ সংস্কৃতিবান অসমীয়া যুৱক-যুৱতীয়ে অধিবেশন কৰা হৰিনামৰ ব্যঞ্জনাত থলীত প্ৰৱেশ কৰা প্ৰতিগৰাকী ব্যক্তি আবেগিক হৈ উঠিল।
উল্লেখ্য যে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এনে প্ৰচেষ্টাই অনুষ্ঠানটিক ধৰ্মীয়ৰ পৰা সাংস্কৃতিক আৰু জাতীয় অনুষ্ঠানলৈ পৰ্যবসিত কৰিছে। অনুষ্ঠানটোৰ এনে পদক্ষেপ অসমীয়া জাতীয় জীৱনলৈ যথেষ্ট আশাব্যঞ্জক।