
নাট্যকাৰ ৰতন থিয়াম (Ratan Thiyam) আৰু নাই। বুধবাৰে পুৱা ‘থিয়েটাৰ অব ৰুটছ’ বিপ্লৱৰ অন্যতম বাহক ৰতন থিয়ামৰ মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৭৭ বছৰ।

মণিপুৰী নাট্য জগতৰ এক গুৰুত্বপূৰ্ণ নাম হৈছে ৰতন থিয়াম। প্ৰাদেশিক সীমা অতিক্ৰম কৰি তেওঁ ভাৰতীয় নাট্যক্ষেত্ৰত এক উল্লেখযোগ্য চাপ ৰাখি গৈছে।
ইখনৰ পিছত সিখন নাটক ৰচনা কৰাৰ লগতে মঞ্চত বহু নাটক পৰিচালনাও কৰিছে। ৰতন থিয়ামে প্ৰাচীন নাটকক আধুনিক প্ৰেক্ষাপটত উপস্থাপন কৰিছিল। তেওঁ মঞ্চত ‘চক্ৰবেহু’ আৰু ‘ঋতুসংহাৰম’ৰ দৰে নাটক প্ৰযোজনা কৰিছে। ১৯৮৯ চনত তেওঁক পদ্মশ্ৰী বঁটা প্ৰদান কৰা হয়।
সংগীত নাটক একাডেমীৰ উপ-সভাপতি আছিল তেওঁ।
ইয়াৰ পিছত ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ অধ্যক্ষ হিচাপে নিযুক্তি লাভ কৰে। এইগৰাকী নাট্য ব্যক্তিত্বৰ মৃত্যুত অভিনয় জগতত শোকৰ ছাঁ পৰিছে। মণিপুৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী নংথাম্বম বীৰেণ সিঙে তেওঁৰ মৃত্যুত শোক প্ৰকাশ কৰিছে। দীৰ্ঘদিন ধৰি তেওঁ বাৰ্ধক্যজনিত বেমাৰত ভুগি আছিল।
বীৰেণ সিঙে ছ’চিয়েল মিডিয়াত লিখিছে, “শ্ৰী ৰতন থিয়ামৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছোঁ। ভাৰতীয় নাট্য জগতৰ অন্যতম তাৰকা আৰু মণিপুৰৰ বাবে তেওঁ অমূল্য সম্পদ আছিল। তেওঁৰ শিল্পৰ প্ৰতি থকা প্ৰেম, নিষ্ঠা আৰু মণিপুৰী শিল্পৰ প্ৰতি থকা আকৰ্ষণে কেৱল বিশ্বৰ নাটকক সমৃদ্ধ কৰাই নহয়, আমাৰ পৰিচয়কো সমৃদ্ধ কৰিলে।”













