
বহুদিন ধৰি মিজোৰামৰ (Mizoram Capital) ৰাজধানী সলনি হ’ব বুলি জল্পনা-কল্পনাৰ সৃষ্টি হৈছিল। অৱশেষত এই সন্দৰ্ভত মুখ খুলিছে মিজোৰাম চৰকাৰে। আইজলৰ পৰা প্ৰায় ৯৩ কিলোমিটাৰ দূৰত্বত অৱস্থিত এখন চহৰ হৈছে থেঞ্জাল। ই চেৰচিপ সমষ্টিৰ অন্তৰ্গত । এই সমষ্টিৰ পৰা ২০১৮ আৰু ২০২৩ চনৰ বিধানসভা নিৰ্বাচনত মুখ্যমন্ত্ৰী লালডুহোমা নিৰ্বাচিত হৈছিল।

এতিয়াৰে পৰা লালডুহোমাৰ সমষ্টিটো ৰাজ্যৰ ৰাজধানী হিচাপে পৰিচিত হ’ব বুলি জল্পনা-কল্পনাৰ সৃষ্টি হৈছিল। ৰাজ্যৰ ৰাজধানী আইজলৰ পৰা চেৰচিপ জিলাৰ থেঞ্জাললৈ স্থানান্তৰিত কৰিবলৈ অযথা চেষ্টা চলোৱাৰ অভিযোগ উত্থাপন হৈছিল চৰকাৰৰ বিৰুদ্ধে।
কিন্তু সংবাদ মাধ্যমৰ সূত্ৰ অনুসৰি, মিজোৰাম চৰকাৰে সোমবাৰে অহৰহ উত্থাপন হৈ অহা অভিযোগ অস্বীকাৰ কৰে। এক বিবৃতিত জোৰাম পিপ’লছ মুভমেণ্ট (জেডপিএম) চৰকাৰে দাবী কৰে যে কেন্দ্ৰই ৰাজ্য প্ৰশাসনলৈ প্ৰেৰণ কৰা পত্ৰত ‘ক্ৰিটিকেল এৰোৰ’ৰ ফলত ৰাজধানীখন থেঞ্জাললৈ স্থানান্তৰিত কৰাৰ ক্ষেত্ৰত ভুল বুজাবুজিৰ সৃষ্টি হৈছে।
মিজোৰামৰ মূল বিৰোধী দল মিজো নেচনেল ফ্ৰণ্টে (এমএনএফ) যোৱা ১ আগষ্টত মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাজ্যৰ ৰাজধানীখন আইজলৰ পৰা থেঞ্জাললৈ স্থানান্তৰিত কৰিবলৈ ‘গোপনে’ চেষ্টা কৰাৰ লগতে পৰিকল্পনা কাৰ্যকৰী কৰিবলৈ কেন্দ্ৰৰ পৰা ধন বিচৰাৰ অভিযোগ উত্থাপন কৰিছিল। ঘটনা সন্দৰ্ভত বিগত কিছুদিন ধৰি পৰিস্থিতি উত্তাল হৈ পৰিছে।
ঘটনা সন্দৰ্ভত এম এন এফৰ সাধাৰণ সম্পাদক জোদিনপুইয়াই কয়, “২৪ এপ্ৰিলত গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰালয়ে মিজোৰামৰ মুখ্য সচিব আৰু দিল্লীৰ আৱাসিক আয়ুক্তলৈ ‘ৰাজ্যৰ ৰাজধানী আইজলৰ পৰা থেঞ্জাললৈ স্থানান্তৰ কৰা’ বিষয়ৰ অধীনত এখন পত্ৰ প্ৰেৰণ কৰিছিল । এই সন্দৰ্ভত বিশদ প্ৰকল্প প্ৰতিবেদন (ডি পি আৰ) প্ৰস্তুত কৰিবলৈ কোৱা হৈছিল ।”
ৰাজ্যখনৰ নগৰ উন্নয়ন আৰু দৰিদ্ৰতা নিৰাময় বিভাগে এক বিবৃতিত স্পষ্ট কৰি দিয়ে যে কেন্দ্ৰই ৰাজ্য চৰকাৰলৈ প্ৰেৰণ কৰা পত্ৰখনত ভুল হৈছে, যিয়ে মূলতঃ ৰাজ্যৰ ৰাজধানী আইজলৰ পৰা থেঞ্জাললৈ স্থানান্তৰিত কৰাৰ ভুল বাৰ্তা বিয়পাইছিল।
অৱশ্যে পত্ৰখন আছিল থেঞ্জালৰ বিষয়ে। যদিও লক্ষ্য ৰাজ্যখনৰ ৰাজধানী হিচাপে গঢ়ি তোলাৰ নাছিল, তথাপিও ‘থেঞ্জাল শান্তি চহৰ’ প্ৰকল্পৰ বাবে বিশদ প্ৰকল্পৰ প্ৰতিবেদন প্ৰস্তুত কৰাৰ বাবে গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰালয়ে ১০ কোটি টকাৰ পুঁজিৰ অনুমোদন সন্দৰ্ভত পত্ৰখনত উল্লেখ কৰা হৈছিল। সেইটোও জানিব পৰা যায়।
যোৱা ৪ এপ্ৰিলত লালডুহোমাই কৈছিল যে প্ৰায় ১০ লাখ লোক থকাৰ বাবে থেঞ্জাল আৰু ইয়াৰ আশেপাশে থকা অঞ্চলসমূহক ‘শান্তি নগৰ’ হিচাপে গঢ়ি তোলাৰ পৰিকল্পনা চলি আছে । লালডুহোমাই লগতে কয় যে তেওঁ এই প্ৰকল্পৰ বাবে কেন্দ্ৰৰ পৰা আৰ্থিক সাহায্য লাভ কৰাৰ ক্ষেত্ৰত আশাবাদী।
কিয়নো তেওঁ পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে তেওঁৰ ধাৰণা আৰু পৰিকল্পনাৰ বিষয়ে বিতংভাৱে আলোচনা কৰিছিল। মুখ্যমন্ত্রীয়ে ষোড়শ বিত্ত আয়োগৰ সৈতে এই পৰিকল্পনাৰ বিষয়ে আলোচনা কৰা বুলিও কয়৷ তেওঁ এই কথা কোৱাৰ পিছত জল্পনা-কল্পনা অধিক হয়।
জল্পনা-কল্পনা বিয়পি পৰে, সঁচাকৈয়ে তেওঁ নিজৰ সমষ্টিটোক ৰাজধানী কৰি তুলিবলৈ চহৰখনক পুনৰ উন্নয়ন কৰিবলৈ চেষ্টা কৰিছে নেকি? কিন্তু যিহেতু এই বিষয়টোক লৈ ৰাজ্যৰ ৰাজনীতিত ব্যাপক চৰ্চা আৰম্ভ হৈছে, সেয়েহে চৰকাৰে আগতীয়াকৈ পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা চলাইছে। সেইবাবেই এই বক্তব্য বুলি ৰাজনৈতিক বিশেষজ্ঞৰ মত।













