ASSAM TIMES POST
নিউজ ডেস্কঃ
চীনত ভয়াৱহ হৈ পৰিছে ক’ৰ’ণা ভাইৰাছ৷ পৰিস্থিতি এনে পৰ্যায় পাইছেগৈ যে ২০০২-০৩ চনত ছিভিয়াৰ একিউট ৰেছপিৰেটৰি ছিণ্ড্ৰোম (ছাৰ্ছ)ত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা অতিক্ৰম কৰাৰ দৰে হৈছেগৈ৷ ছাৰ্ছত আক্ৰান্ত হৈ বিশ্বজুৰি ৭৭৪ জনৰ মৃত্যু হৈছিল৷ কিন্তু এই তিনি মাহতকৈ কম দিনতে ক’ৰ’ণা ভাইৰাছত আক্ৰান্ত হৈ কেৱল চীনতে ৮০০ জন হোৱাৰ দিশে আগবাঢ়িছে৷ নিতৌ মৃত্যুৰ সংখ্যা বৃদ্ধি পাই আছে৷ তাৰ লগতে আক্ৰান্ত হোৱা লোকৰ সংখ্যা বৃদ্ধি পাইছে৷ শেহতীয়া তথ্য মতে এই পৰ্যন্ত ৩৭২০০ লোক এই ভাইৰাছত আক্ৰান্ত হৈছে৷ যোৱা ২৪ ঘণ্টাত ৮৯ জন লোকৰ মৃত্যু হৈছে৷ নতুনকৈ আক্ৰান্ত হৈছে ২৬৫৬ জন লোক৷ বিশ্ব স্বাস্থ্য সংস্থাৰ মতে হুবেই প্ৰদেশত পৰিস্থিতি কিছু নিয়ন্ত্ৰণলৈ আহিছে৷













