ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

Woman reservation bill I মহিলাৰ সংৰক্ষণ বৃদ্ধিৰ ক্ষেত্ৰত বিৰোধীৰ আপত্তি, গণতন্ত্ৰ ধ্বংস কৰাৰ অভিযোগ

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
April 17, 2026
Reading Time: 1 min read
A A
0
Woman reservation bill I মহিলাৰ সংৰক্ষণ বৃদ্ধিৰ ক্ষেত্ৰত বিৰোধীৰ আপত্তি, গণতন্ত্ৰ ধ্বংস কৰাৰ অভিযোগ

Oplus_131072

RELATED POSTS

Delhi blast : লালকিল্লাত নহয়, দিল্লীৰ জৈন মন্দিৰত বোমা বিস্ফোৰণৰ পৰিকল্পনা আছিল; প্ৰস্ৰাৱৰ পৰা ইউৰিয়া সংগ্ৰহৰ দাবী নিয়াৰ

Sheikh Hasina : ধন আৰু আস্থাৰ অভাৱ, বিশ্ব স্বাস্থ্য সংস্থাৰ পৰা পদত্যাগ হাছিনাৰ কন্যা ছাইমাৰ

Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ

New Logo Smal | ASSAM TIMES POST

বিৰোধীয়ে অভিযোগ উত্থাপন কৰিছে যে মহিলাৰ সংৰক্ষণৰ সংশোধনী বিধেয়কখন (Woman Reservation Bill) লঘু কৰি লোকসভাৰ আসন বৃদ্ধিৰ ক্ষেত্ৰত বিজেপিয়ে সক্ৰিয় হৈ পৰিছে।

Woman reservation bill I
মহিলাৰ সংৰক্ষণ বৃদ্ধিৰ ক্ষেত্ৰত বিৰোধীৰ আপত্তি:

অভিযোগ অনুসৰি, লোকপিয়লৰ পূৰ্বে সুবিধাজনকভাৱে আসন পুনৰ আৱণ্টন কৰি দক্ষিণ ভাৰতৰ ৰাজ্যসমূহৰ জাতীয় ৰাজনীতিত প্ৰভাৱ হ্ৰাস কৰা আৰু উত্তৰত আসনৰ অনুপাত বৃদ্ধি কৰা, য’ত বিজেপিৰ প্ৰচুৰ প্ৰভাৱ আছে। অভিযোগ অনুসৰি, সেইবাবেই সংবিধান সংশোধনী বিধেয়কখনে লোকসভাৰ আসন বৃদ্ধিৰ সৈতে মহিলাৰ সংৰক্ষণৰ সম্পৰ্ক ৰাখিছে।

কেন্দ্ৰীয় আইন মন্ত্ৰী অৰ্জুন ৰাম মেঘৱালে বৃহস্পতিবাৰে লোকসভাত ‘নাৰী শক্তি বন্দন অধিনিয়ম’ বিধেয়ক উত্থাপন কৰাৰ পিছতে বিজেপিৰ ৰাজনৈতিক লক্ষ্যত উপনীত হ’বলৈ বিৰোধীয়ে লোকসভাৰ আসন বৃদ্ধিৰ দৰে এটা বেলেগ বিষয় মহিলা সংৰক্ষণ বিধেয়কৰ অধীনলৈ অনা হৈছে বুলি মন্তব্য কৰে।

অৱশ্যে এই বিধেয়কখনৰ বিৰোধিতা কৰাত বিৰোধীয়ে মহিলা সংৰক্ষণৰ বিৰোধিতা দেখিছে বিজেপিয়ে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে বিভিন্ন যুক্তিৰে দক্ষিণৰ বঞ্চনাৰ অভিযোগ খাৰিজ কৰিলেও ‘আনুপাতিক প্ৰতিনিধিত্ব’ হ্ৰাস পোৱাৰ আশঙ্কাৰ বিষয়টো এৰাই চলিছে।

কিন্তু বিধেয়কখনৰ খচৰা প্ৰস্তাৱত স্পষ্ট হৈ পৰিছে যে নতুন আইনখন কাৰ্যকৰী হ’লে জন্মৰ হাৰত আগবাঢ়ি থকা উত্তৰ ভাৰতৰ ৰাজ্যসমূহৰ লোকসভাৰ আসন তুলনামূলকভাৱে বহু পৰিমাণে বৃদ্ধি পাব৷ ফলত দক্ষিণ ভাৰতৰ ৰাজ্যসমূহ সমানুপাতিক প্ৰতিনিধিত্বৰ ক্ষেত্ৰত পিছপৰি থাকিব, য’ত বিজেপিৰ ৰাজহুৱা ভিত্তি কম।

লোকসভাত কংগ্ৰেছৰ সাংসদ প্ৰিয়ংকা গান্ধীয়ে কয় যে এই খচৰাৰে এই বিধেয়কখন গৃহীত হ’লে দেশত গণতন্ত্ৰৰ অন্ত পৰিব। সংসদৰ তিনিদিনীয়া বিশেষ অধিৱেশনত তিনিখন বিধেয়ক গৃহীত কৰাৰ চেষ্টা কেন্দ্ৰৰ।

প্ৰথমটো হ’ল ১৩১ সংখ্যক সংবিধান সংশোধনী বিধেয়ক (আনুষ্ঠানিকভাৱে ‘নাৰী শক্তি বন্দন অধিনিয়ম’ নামেৰে জনাজাত) লোকসভা আৰু বিভিন্ন ৰাজ্যিক বিধানসভাৰ এক তৃতীয়াংশ আসন মহিলাৰ বাবে সংৰক্ষণ কৰা।

ইয়াৰ ভিতৰত লোকসভাত সাংসদৰ সংখ্যা ৮৫০ জনলৈ বৃদ্ধি আৰু দ্বিতীয়টো হৈছে লোকসভাৰ আসন পুনৰ ব্যৱস্থাপনা বিধেয়ক। তৃতীয়টো হৈছে কেন্দ্ৰীয়শাসিত অঞ্চল আইন সংশোধনী বিধেয়ক।

বৃহস্পতিবাৰে বিয়লি লোকসভাত তিনিওখন বিধেয়ক উত্থাপন হোৱাৰ পিছতে চৰকাৰ আৰু বিৰোধীৰ মাজত দিনজোৰা বিতৰ্ক আৰু হুলস্থুলৰ সৃষ্টি হয়। সূত্ৰ অনুসৰি, শুকুৰবাৰে বিয়লি সংসদৰ নিম্ন সদনে এই তিনিখন বিধেয়কক লৈ ভোটদান কৰিব পাৰে।

বিধেয়কখন লোকসভাত উত্থাপন কৰা হ’ব নে নাই সেই সন্দৰ্ভতো অধিৱেশন প্ৰেক্ষাগৃহত ভোটগ্ৰহণ কৰা হয়। ইয়াত ২৫১ জন সাংসদে বিধেয়কখন দাখিল কৰাৰ সপক্ষে ভোটদান কৰে। ইয়াৰ বিপক্ষে ১৮৫ জনে ভোটদান কৰে।

সংসদৰ অধিৱেশন আৰম্ভ হোৱাৰ পূৰ্বে বৃহস্পতিবাৰে পুৱা ছ’চিয়েল মিডিয়াত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পোষ্ট কৰে। তেওঁ নাৰী সবলীকৰণ সন্দৰ্ভত বাৰ্তা প্ৰদান কৰে। তেওঁ কয় যে সংসদৰ বিশেষ অধিৱেশনত নাৰী সবলীকৰণৰ বাবে ‘ঐতিহাসিক পদক্ষেপ’ ল’বলৈ গৈ আছে।

যদিও কংগ্ৰেছ, তৃণমূল, সমাজবাদী পাৰ্টিকে ধৰি বিৰোধী মিত্ৰজোঁট ‘ইণ্ডিয়া’ই বিধেয়কখনৰ মূল ধাৰণাটোৰ প্ৰতি নীতিগত সমৰ্থন প্ৰকাশ কৰিছে, তথাপিও ইয়াৰ সৈতে জড়িত সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াৰ তীব্ৰ বিৰোধিতা কৰিছে। এই বিধেয়কৰ জৰিয়তে চৰকাৰে ৰাজনৈতিক সুবিধা লাভৰ চেষ্টা চলাইছে বুলি বিৰোধীয়ে দাবী কৰিছে।

সংবিধানৰ ৮১ নং অনুচ্ছেদ অনুসৰি লোকসভাত সৰ্বাধিক ৫৫২ খন আসন হ’ব পাৰে। ইয়াৰে ৫৩০ খন বিভিন্ন ৰাজ্যৰ পৰা আৰু ২০ খন কেন্দ্ৰীয়শাসিত অঞ্চলৰ পৰা নিৰ্বাচিত হ’ব পাৰে। ৮১ নং অনুচ্ছেদ অনুসৰি, ইয়াৰ পূৰ্বে এংলো-ইণ্ডিয়ান সম্প্ৰদায়ৰ দুজন সদস্যক লোকসভালৈ মনোনীত কৰা হৈছিল।

কিন্তু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কাৰ্যকালত ২০১৯ চনত সংবিধানৰ ১০৪ সংখ্যক সংশোধনীৰ জৰিয়তে ইয়াক বিলুপ্ত কৰা হয়। এইবাৰ বিধেয়কখনে ৮২ নং অনুচ্ছেদ সংশোধনৰ প্ৰস্তাৱ আগবঢ়াইছে।

৮২ নং অনুচ্ছেদ অনুসৰি, লোকপিয়ল সম্পূৰ্ণ হোৱাৰ পিছত সংসদীয় সমষ্টিসমূহৰ সীমা নিৰ্ধাৰণৰ প্ৰক্ৰিয়া আৰম্ভ কৰিব পৰা যাব। কিন্তু লোকপিয়ল প্রতিবেদন প্রকাশৰ পূর্বে মোদী চৰকাৰে লোকসভাৰ আসনৰ সংখ্যা ৮৫০ খনলৈ বৃদ্ধি কৰি মহিলা সংৰক্ষণ প্রৱর্তন কৰিবলৈ চেষ্টা চলাইছে৷

এই সন্দৰ্ভত বিৰোধীয়ে আপত্তি কৰিছে। ইয়াৰ সমান্তৰালকৈ বিৰোধীৰ এটা অংশই মহিলাৰ বাবে সংৰক্ষিত আসনৰ ভিতৰত অনুসূচিত, পিছপৰা আৰু সংখ্যালঘু মহিলাৰ বাবে সুকীয়াকৈ সংৰক্ষণৰ দাবী উত্থাপন কৰিছে।

বৃহস্পতিবাৰে সমাজবাদী পাৰ্টীৰ মুৰব্বী অখিলেশ যাদৱে সংখ্যালঘু মহিলাৰ বাবে আসন সংৰক্ষণৰ দাবী উত্থাপন কৰাৰ সময়ত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ইয়াৰ তীব্ৰ বিৰোধিতা কৰি কয় যে, ভাৰতীয় সংবিধানে কোনো ধৰণৰ ধৰ্মীয় সম্প্ৰদায়ৰ বাবে কোনো ধৰণৰ সংৰক্ষণৰ অনুমোদন নিদিয়ে।
প্ৰিয়ংকা গান্ধী ভাদ্ৰাই বৃহস্পতিবাৰে অভিযোগ কৰে যে মোদী চৰকাৰে লোকসভাত উত্থাপন কৰা তিনিখন বিধেয়কৰ সৈতে মহিলাৰ কোনো সম্পৰ্ক নাই।

ৱেইনাৰৰ কংগ্ৰেছৰ সাংসদগৰাকীয়ে কয়, “বিজেপিয়ে মহিলা সংৰক্ষণৰ বেশত ৰাজনৈতিক উদ্দেশ্য পূৰণৰ চেষ্টা কৰিছে। এই বিধেয়কসমূহ আনি কেন্দ্ৰই অন্যান্য পিছপৰা শ্ৰেণীৰ (অ’বিচি)ৰ অধিকাৰ কাঢ়ি নিব বিচাৰিছে। ইয়াৰ পিছত তেওঁ মন্তব্য কৰে যে, “যদি বিধেয়কখন বৰ্তমানৰ খচৰাত গৃহীত হয়, তেন্তে ই দেশৰ গণতন্ত্ৰৰ অন্ত পেলাব।”

২০২৩ চনত লোকসভা আৰু ৰাজ্যসভাত ‘নাৰী শক্তি বন্দন অধিনিয়ম’ বিধেয়ক গৃহীত হয়। ৩৩ শতাংশ আসন মহিলাৰ বাবে সংৰক্ষণৰ বিধেয়কত কোৱা হৈছে যে লোকপিয়লৰ পাছত আসন পুনৰ সজ্জিত কৰা হ’ব।

ইয়াৰ পিছত সেই আসনৰ ৩৩ শতাংশ আসন মহিলাৰ বাবে সংৰক্ষিত হ’ব। কিন্তু এতিয়া আন বিৰোধী দলসমূহেও কেন্দ্রই লোকপিয়লৰ বাবে অপেক্ষা নকৰাকৈ দুটা পৃথক বিষয় একত্ৰিত কৰাক লৈ প্রশ্ন উত্থাপন কৰিছে৷

বৃহস্পতিবাৰে লোকসভাত মহিলা সংৰক্ষণ বিধেয়ক সন্দৰ্ভত বিৰোধীক সকীয়াই দি মোদীয়ে কয়, “যিসকলে মহিলা সংৰক্ষণ বিধেয়কৰ বিৰোধিতা কৰিছে, মহিলাসকলে তেওঁলোকক ক্ষমা নকৰে।” তেওঁ লগতে কয় যে তেওঁলোকে নিজৰ বিৰোধিতাৰ বাবে “দীঘলীয়া মূল্য দিব লাগিব”।

তেওঁৰ চৰকাৰৰ এই পদক্ষেপক দেশৰ বাবে অন্যতম “ঐতিহাসিক” পদক্ষেপ বুলি অভিহিত কৰে। কিন্তু একে সময়তে প্ৰধানমন্ত্ৰীৰ মন্তব্য, “মহিলা সংৰক্ষণ বিধেয়ক গৃহীত কৰাৰ কৃতিত্ব মই নিবিচাৰোঁ।” মোদীয়ে উপহাস কৰি কয় যে যদি কোনো নেতাই ইয়াৰ কৃতিত্ব ল’ব বিচাৰে তেন্তে তেওঁ ইয়াৰ বিজ্ঞাপনো সমগ্ৰ পেজতে দিব পাৰে।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: ক্ষেত্ৰত বিৰোধীৰ আপত্তিগণতন্ত্ৰ ধ্বংস কৰাৰ অভিযোগমহিলাৰ সংৰক্ষণ বৃদ্ধিৰ
Share4Tweet3Send

Related Posts

Delhi blast : লালকিল্লাত নহয়, দিল্লীৰ জৈন মন্দিৰত বোমা বিস্ফোৰণৰ পৰিকল্পনা আছিল; প্ৰস্ৰাৱৰ পৰা ইউৰিয়া সংগ্ৰহৰ দাবী নিয়াৰ
ALL NEWS

Delhi blast : লালকিল্লাত নহয়, দিল্লীৰ জৈন মন্দিৰত বোমা বিস্ফোৰণৰ পৰিকল্পনা আছিল; প্ৰস্ৰাৱৰ পৰা ইউৰিয়া সংগ্ৰহৰ দাবী নিয়াৰ

by News Desk
September 10, 2026
51
Sheikh Hasina : ধন আৰু আস্থাৰ অভাৱ, বিশ্ব স্বাস্থ্য সংস্থাৰ পৰা পদত্যাগ হাছিনাৰ কন্যা ছাইমাৰ
ALL NEWS

Sheikh Hasina : ধন আৰু আস্থাৰ অভাৱ, বিশ্ব স্বাস্থ্য সংস্থাৰ পৰা পদত্যাগ হাছিনাৰ কন্যা ছাইমাৰ

by News Desk
September 10, 2026
51
Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ
ALL NEWS

Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ

by News Desk
July 11, 2026
50
‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক
ALL NEWS

‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক

by Staff Reporter
June 7, 2026
50
‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ
ALL NEWS

‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ

by Staff Reporter
May 16, 2026
50
Major Success for Karbi Anglong Police as Khotkhoti Unit Seizes Large Quantity of Illegal Drugs
ALL NEWS

Major Success for Karbi Anglong Police as Khotkhoti Unit Seizes Large Quantity of Illegal Drugs

by ASSAM TIMES POST
February 25, 2026
50
ADVERTISEMENT
Man killed family : জোনাই কাণ্ডৰ পুনৰাবৃত্তি, শুই থকা পত্নী আৰু তিনি কন্যাক ইটাৰে মৰিয়াই হত্যা
National-International

Man killed family : জোনাই কাণ্ডৰ পুনৰাবৃত্তি, শুই থকা পত্নী আৰু তিনি কন্যাক ইটাৰে মৰিয়াই হত্যা

September 11, 2026
50
Social Media influencer rape : ফল’ৱাৰ বঢ়োৱাৰ প্ৰতিশ্ৰুতিৰে ধৰ্ষণ ছ’চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰক, বিহাৰৰ এএছআই আৰু সহযোগীৰ বিৰুদ্ধে অভিযোগ
National-International

Social Media influencer rape : ফল’ৱাৰ বঢ়োৱাৰ প্ৰতিশ্ৰুতিৰে ধৰ্ষণ ছ’চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰক, বিহাৰৰ এএছআই আৰু সহযোগীৰ বিৰুদ্ধে অভিযোগ

September 11, 2026
50
‘জুবিনৰ অসম… সুৰৰ পৰা সংকল্পলৈ’ : অসম জাতীয় পৰিষদৰ উদ্যোগত ৰাজ্যজুৰি জুবিন গাৰ্গ স্মৃতি সপ্তাহৰ বৰ্ণাঢ্য আয়োজন
Guwahati

‘জুবিনৰ অসম… সুৰৰ পৰা সংকল্পলৈ’ : অসম জাতীয় পৰিষদৰ উদ্যোগত ৰাজ্যজুৰি জুবিন গাৰ্গ স্মৃতি সপ্তাহৰ বৰ্ণাঢ্য আয়োজন

September 11, 2026
50
Devashis Sarma retirement : নগাঁও জিলা আয়ুক্তৰ স্বেচ্ছামূলক অৱসৰে ৰাজনৈতিক মহলত সৃষ্টি কৰিছে ধুমুহা, কংগ্ৰেছৰ গুৰুতৰ অভিযোগ
Assam

Nagaon Bye Election : প্ৰতীক্ষাৰ অন্ত, নগাঁও লোকসভা নিৰ্বাচনত বিজেপিৰ প্ৰাৰ্থী হ’ব দেৱাশীষ শৰ্মা

September 11, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Man killed family : জোনাই কাণ্ডৰ পুনৰাবৃত্তি, শুই থকা পত্নী আৰু তিনি কন্যাক ইটাৰে মৰিয়াই হত্যা

Man killed family : জোনাই কাণ্ডৰ পুনৰাবৃত্তি, শুই থকা পত্নী আৰু তিনি কন্যাক ইটাৰে মৰিয়াই হত্যা

September 11, 2026
Social Media influencer rape : ফল’ৱাৰ বঢ়োৱাৰ প্ৰতিশ্ৰুতিৰে ধৰ্ষণ ছ’চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰক, বিহাৰৰ এএছআই আৰু সহযোগীৰ বিৰুদ্ধে অভিযোগ

Social Media influencer rape : ফল’ৱাৰ বঢ়োৱাৰ প্ৰতিশ্ৰুতিৰে ধৰ্ষণ ছ’চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰক, বিহাৰৰ এএছআই আৰু সহযোগীৰ বিৰুদ্ধে অভিযোগ

September 11, 2026
‘জুবিনৰ অসম… সুৰৰ পৰা সংকল্পলৈ’ : অসম জাতীয় পৰিষদৰ উদ্যোগত ৰাজ্যজুৰি জুবিন গাৰ্গ স্মৃতি সপ্তাহৰ বৰ্ণাঢ্য আয়োজন

‘জুবিনৰ অসম… সুৰৰ পৰা সংকল্পলৈ’ : অসম জাতীয় পৰিষদৰ উদ্যোগত ৰাজ্যজুৰি জুবিন গাৰ্গ স্মৃতি সপ্তাহৰ বৰ্ণাঢ্য আয়োজন

September 11, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d