
ভাৰতীয় নৌসেনাই আৰব সাগৰত ছোমালি জলদস্যুৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰে। যোৱা সপ্তাহত ইৰাণৰ এখন ট্ৰলাৰ জলদস্যুই অপহৰণ কৰিছিল। জাহাজখনৰ ২০ জন নাৱিকক বন্দী কৰা হয়। ভাৰতীয় নৌসেনাই জলদস্যুৰ বিৰুদ্ধে ৪৮ ঘণ্টীয়া অভিযানত বন্দী হোৱা সকলো নাৱিকক উদ্ধাৰ কৰে। ভাৰতীয় বায়ুসেনায়ো এই অভিযানত সহায় কৰে।
যোৱা দেওবাৰে পোহৰলৈ আহিছিল ইৰাণৰ মাছ ধৰা ট্ৰলাৰ ‘আজিনী’ অপহৰণৰ খবৰ। সংবাদ সংস্থা এ পিৰ এক প্ৰতিবেদন অনুসৰি, বৃহস্পতিবাৰে ১২ জনীয়া জলদস্যুৰ এটা দলে উত্তৰ-পূব ছোমালিয়াৰ উপকূলীয় চহৰ দুখন বাণ্ডাৰ বায়লা আৰু হাফুনৰ মাজৰ কোনোবা ঠাইৰ পৰা ট্ৰলাৰখন অপহৰণ কৰে। প্ৰথমতে জনা গৈছিল যে ট্ৰলাৰখনত মুঠ ২৩ জন লোক আছিল। ইয়াৰে ২১ জন ইৰাণী নাৱিক আৰু দুজন ছোমালি নিৰাপত্তাৰক্ষী। অৱশ্যে আৰব সাগৰত নৌসেনাৰ অভিযানৰ পিছত ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কয় যে ট্ৰলাৰখনত ২০ জন নাৱিক আছিল আৰু সকলোকে উদ্ধাৰ কৰা হৈছে।

ছোমালি অঞ্চলত জলদস্যুৰ পুনৰ উত্থানৰ মূল কাৰণ হৈছে ইৰাণ-ইজৰাইল যুদ্ধ। ইয়াৰ পূৰ্বে ২০০৮ চনৰ পৰা ২০১৪ চনলৈকে জলদস্যুৰ আক্ৰমণৰ বাবে ছোমালিয়াৰ উপকূলৰ জলপথত জাহাজ চলোৱাত ব্যাঘাত জন্মিছিল। কিন্তু ছোমালিয়া চৰকাৰৰ প্ৰচেষ্টাত জলদস্যুক দমন কৰাটো সম্ভৱ হৈ উঠিছিল। এইবাৰ পুনৰ সক্ৰিয় হৈ উঠিছে। শেহতীয়াকৈ আদন উপসাগৰ আৰু কাষৰীয়া আৰব সাগৰত চলাচল কৰা কেইবাখনো মালবাহী জাহাজত জলদস্যুই আক্ৰমণ চলাইছে। একে উদ্দেশ্যৰে এই মাছ ধৰা ট্ৰলাৰখন হাইজেক কৰা বুলি সন্দেহ কৰা হৈছে।
‘মেৰিটাইম ছিকিউৰিটি চেণ্টাৰ ইণ্ডিয়ান অ’চেন’ৰ তথ্য অনুসৰি, যোৱা বৃহস্পতিবাৰে ট্ৰলাৰখন অপহৰণ কৰাৰ পিছত জলদস্যুই সামগ্ৰী কঢ়িয়াই অনা বাণিজ্যিক জাহাজৰ সাগৰীয় পথৰ ফালে আগবাঢ়িছিল। তেওঁলোকে ট্ৰলাৰখন ব্যৱহাৰ কৰি মালবাহী জাহাজ আক্ৰমণ কৰাৰ পৰিকল্পনা কৰিছিল। এছ’চিয়েটেড প্ৰেছৰ এক প্ৰতিবেদন অনুসৰি, জলদস্যুই ইৰাণৰ ট্ৰলাৰ ‘আজিনি’ক ‘ভাসমান ঘাটি’ হিচাপে ব্যৱহাৰ কৰাৰ পৰিকল্পনা কৰিছিল। আন্তঃৰাষ্ট্ৰীয় সামুদ্ৰিক সংস্থায়ো এই সন্দৰ্ভত সতৰ্কবাণী জাৰি কৰিছিল।












