
দিল্লীৰ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ অধ্যাপক আংগোমচা বিমল আকোইজামাক কেইবাগৰাকীও ছাত্ৰীক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগত জেএনইউ কৰ্তৃপক্ষই নিলম্বন কৰাৰ সিদ্ধান্ত সোমবাৰে স্থগিত ৰাখিছে দিল্লী উচ্চ ন্যায়ালয়ে। বিমলে দাখিল কৰা আবেদনৰ ভিত্তিত বিশ্ববিদ্যালয় কৰ্তৃপক্ষলৈ জাননী জাৰি কৰে ন্যায়াধীশ অনুপ জে ভাম্ভানীয়ে। জানুৱাৰী মাহত শুনানিৰ বাবে তালিকাভুক্ত কৰা হৈছে গোচৰটো।
অভিযুক্ত আকোইজামা জেএনইউৰ স্কুল অৱ ছ’চিয়েল চাইন্সেছৰ অধীনস্থ চেণ্টাৰ ফৰ দ্য ষ্টাডি অৱ ছ’চিয়েল চিষ্টেমছৰ অধ্যাপক। বিশ্ববিদ্যালয় কৰ্তৃপক্ষই দাবী কৰিছে যে ১০ গৰাকী ছাত্ৰীয়ে তেওঁৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰিছিল। বিশ্ববিদ্যালয়খনৰ আভ্যন্তৰীণ সমিতিৰ তদন্তৰ অন্তত অক্টোবৰৰ আৰম্ভণিতে তেওঁক নিলম্বন কৰা হৈছিল।

সেই সময়ত জেএনইউ কৰ্তৃপক্ষই এক বিবৃতিত উল্লেখ কৰিছিল যে সেৱাৰ নিয়ম অনুসৰি অভিযুক্ত অধ্যাপকজনক কঠোৰ শাস্তি প্ৰদানৰ পৰামৰ্শ কমিটীয়ে দিছে। গাইডলাইনত স্পষ্টকৈ লিখা আছিল যে “আইনৰ যথাযথ প্ৰক্ৰিয়া অনুসৰণ কৰি, সকলো তথ্য পৰীক্ষা কৰি আৰু আভ্যন্তৰীণ সমিতিৰ প্ৰতিবেদনৰ ভিত্তিত অধ্যাপক আংগোমচা বিমল আকোইজামক বিশ্ববিদ্যালয়ৰ সেৱাৰ পৰা বৰ্খাস্ত কৰা হৈছে।”
আনহাতে, মণিপুৰ (ইনাৰ) লোকসভা সমষ্টিৰ কংগ্ৰেছী সাংসদ আকোইজামে তেওঁ শাসক শিবিৰৰ ৰাজনৈতিক প্ৰতিশোধৰ বলি হোৱা বুলি দাবী কৰে। কংগ্ৰেছৰ সাংসদগৰাকীয়ে তেওঁক চাকৰিৰ পৰা বৰ্খাস্ত কৰাৰ নিৰ্দেশ আৰু জেএনইউ চৌহদৰ চৰকাৰী বাসগৃহৰ পৰা উচ্ছেদ কৰাৰ সিদ্ধান্তক দিল্লী উচ্চ ন্যায়ালয়ত প্ৰত্যাহ্বান জনাইছিল। তেওঁ অভিযোগ কৰে যে তেওঁক নিজৰ পক্ষ ৰক্ষাৰ উপযুক্ত সুযোগ দিয়া হোৱা নাছিল। বিশ্ববিদ্যালয় কৰ্তৃপক্ষই তেওঁক চাকৰিৰ পৰা বৰ্খাস্ত কৰাৰ ক্ষেত্ৰত ইউজিচিৰ নিয়ম আৰু জেএনইউ আইনৰ অধীনত নিৰ্ধাৰিত পদ্ধতি মানি চলা নাছিল। আনকি আকোইজামে অভিযোগ কৰে যে তেওঁক চাকৰিৰ পৰা বৰ্খাস্ত কৰাৰ পূৰ্বে কোনো জাননী দিয়া হোৱা নাছিল। সেই যুক্তিৰ ভিত্তিত এতিয়া দিল্লী উচ্চ ন্যায়ালয়ে তেওঁক চাকৰিৰ পৰা বৰ্খাস্ত কৰাৰ নিৰ্দেশ স্থগিত ৰাখিছে।












