
ওমৰ উন নবীয়ে যোৱা বছৰৰ নৱেম্বৰ মাহত লালকিল্লাৰ সমীপত আত্মঘাতী গাড়ী বোমা বিস্ফোৰণ কৰিছিল। ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থা চমুকৈ নিয়াৰ অভিযোগনামাত দাবী কৰিছে যে তেওঁ লালকিল্লাত নহয়, আন এটা জৈন মন্দিৰত বোমা বিস্ফোৰণৰ পৰিকল্পনা কৰিছিল। কিন্তু যান-জঁটৰ বাবে তেওঁ সেই মন্দিৰৰ সন্মুখত গাড়ী ৰখাব নোৱাৰিলে। নিয়াই লগতে দাবী কৰে যে অভিযুক্তৰ হাতত পেন ড্ৰাইভত প্ৰস্ৰাৱৰ পৰা ইউৰিয়া সংগ্ৰহৰ পদ্ধতিৰ তথ্য আছিল। ওমৰে সেই পদ্ধতি ব্যৱহাৰ কৰি বিস্ফোৰক তৈয়াৰ কৰাৰ পৰিকল্পনা কৰিছিল।
২০২৫ চনৰ ১০ নৱেম্বৰত লালকিল্লাৰ সন্মুখত আত্মঘাতী গাড়ী বোমা বিস্ফোৰণত ১১ জন লোকে প্ৰাণ হেৰুৱাইছিল। আহত হৈছে কমেও ২৯ জন লোক। সেই ঘটনাত নিয়াই নিজৰ চাৰ্জশ্বীটত দাবী কৰিছে যে ওমৰে নিজৰ আই-২০ গাড়ীখন লালকিল্লাৰ সন্মুখত ৰখাই দিয়াৰ পূৰ্বে জৈন মন্দিৰৰ সন্মুখত গাড়ী ৰখাইছিল। কিয় এনে কৰিলে তাৰ তদন্ত আৰম্ভ কৰিছে নিয়াই। তদন্তৰ সময়ত ওমৰৰ মোবাইল ফোন, বিভিন্ন স্থানত তেওঁৰ উপস্থিতিৰ ফৰেনছিক তথ্য, সাক্ষীৰ বক্তব্য পৰীক্ষা কৰা হয়। নুহত তেওঁ বোমা বনোৱা ভাড়াঘৰৰ পৰাও কিছু উল্লেখযোগ্য প্ৰমাণ পোৱা বুলিও আদালতত জনায়।

বিস্ফোৰণৰ আগদিনালৈকে ওমৰে নুহত ভাড়াঘৰত থকা বুলি দাবী কৰিছে নিয়াই। তেওঁ তাত মুঠ ১১ দিন থাকে। তদন্তকাৰীৰ মতে, তেওঁ তাত বহি বিস্ফোৰক সামগ্ৰী তৈয়াৰ কৰিছিল। কেনেকৈ কৰিলে সেয়া নবীৰ পেন ড্ৰাইভৰ পৰাই পোহৰলৈ আহে। তদন্তকাৰীয়ে আন এজন সন্দেহযুক্ত ব্যক্তি শ্বাহীন ছাইদৰ পেন ড্ৰাইভত থকা ফাইলসমূহো পৰীক্ষা কৰিছে। সেইবোৰ বিশ্লেষণ কৰাৰ পিছত তদন্তকাৰীয়ে দাবী কৰে যে চাৰ্জশ্বীটত উল্লেখ আছে যে ওমৰে আগতে প্ৰস্ৰাৱ পলিথিনত জমা কৰি ৰাখিছিল। অভিযুক্তৰ পেন ড্ৰাইভত পোৱা এটা পিডিএফ ফাইলত উল্লেখ কৰা হৈছে যে ইউৰিয়া নাইট্ৰেট প্ৰস্তুত কৰাৰ প্ৰক্ৰিয়াত ইউৰিয়াৰ বিকল্প উৎস হিচাপে প্ৰস্ৰাৱৰ পৰা ইউৰিয়া সংগ্ৰহ কৰিব লাগিব। এই সন্দৰ্ভত এজন সাক্ষীৰ বক্তব্যও নিয়াই উল্লেখ কৰিছে। সাক্ষীজনে দাবী কৰিছিল যে তেওঁ ওমৰৰ ঘৰত প্লাষ্টিকৰ পেকেটত প্ৰস্ৰাৱ ৰখা দেখিছিল। তেৱোঁ কিবা এটা অপ্ৰীতিকৰ গোন্ধ পাইছিল। মহিলাগৰাকীয়ে এই বিষয়ে বন্ধুকো অৱগত কৰিছিল।
নুহত থকাৰ সময়ত ওমৰ বন্ধু এজনৰ লগত নতুন টি-চাৰ্ট, ৱাইন ৰঙৰ চাৰ্ট আৰু সেউজীয়া কাৰ্গো পেণ্ট কিনিবলৈ গৈছিল। তেওঁ নগদ ধনেৰে সেইবোৰ ক্ৰয় কৰিছিল। নিয়াই ইয়াক উল্লেখযোগ্য প্ৰমাণ হিচাপে বিবেচনা কৰিছে।
লাল মন্দিৰটোৱেই লক্ষ্য আছিল নেকি?
জৈনসকলৰ লাল মন্দিৰৰ সন্মুখত ওমৰে বোমা বিস্ফোৰণৰ পৰিকল্পনা কৰা বুলি অভিযোগনামাত দাবী কৰিছে নিয়াই। কিন্তু মধ্য দিল্লীৰ যান-জঁটৰ বাবে শেষ মুহূৰ্তত তেওঁ পৰিকল্পনা সলনি কৰিবলৈ বাধ্য হয়। অভিযোগনামাত উল্লেখ কৰা অনুসৰি ঘটনাৰ দিনটোত সন্ধিয়া ৬.৩৭ বজাত ওমৰক সুনেহৰী মছজিদৰ পাৰ্কিং লটৰ পৰা ওলাই অহা দেখা গৈছিল। ইয়াৰ পিছত গাড়ীখন লাল মন্দিৰলৈ লৈ যায়। তাতে গাড়ীখন ৰখাবলৈ চেষ্টা কৰে। কিন্তু যান-জঁটৰ সৃষ্টি হৈছিল। সেয়ে তেওঁ ইউ টাৰ্ণ লৈ লালকিল্লালৈ যায়। তাতে সন্ধিয়া প্ৰায় ৬.৫০ বজাত সংঘটিত হয় এই বিস্ফোৰণ।
নিয়াৰ তদন্তত ওমৰে ২০২৩ চনৰ পৰা ২০২৫ চনৰ ভিতৰত ১২ বাৰ লালকিল্লা ভ্ৰমণ কৰা বুলিও জানিব পৰা গৈছে। তেওঁ সদায় মোবাইলটো চুইচ অফ কৰি ৰাখিছিল যাতে তেওঁৰ স্থান জানিব পৰা নাযায়। শেষবাৰৰ বাবে গৈছিল ২০২৫ চনৰ ১ মে’ত, যিটো ঘটনাৰ প্ৰায় ছমাহ আগতে।
যোৱা বছৰৰ ১০ নৱেম্বৰৰ সন্ধিয়া লালকিল্লা মেট্ৰ’ ষ্টেচনৰ ১নং গেটৰ সমীপত এখন গাড়ী বিস্ফোৰণ ঘটিছিল। নিয়াৰ চাৰ্জশ্বীটত উল্লেখ আছে যে বিস্ফোৰণৰ সময়ত নবী গাড়ীৰ ভিতৰত আছিল। বিস্ফোৰণৰ তীব্ৰতা ইমানেই বেছি আছিল যে পথৰ পৰা ৪০ ফুট তলত থকা মেট্ৰ’ ষ্টেচনটোও কঁপি উঠিছিল। এই ‘ডাক্তৰ মডিউল’ৰ সৈতে জড়িত থকাৰ অভিযোগত ইতিমধ্যে তদন্তকাৰীয়ে কেইবাজনো সন্দেহযুক্ত লোকক গ্ৰেপ্তাৰ কৰিছে।













