
স্পৰ্শকাতৰ সামৰিক তথ্য ফাদিল কৰাৰ অভিযোগত গ্ৰেপ্তাৰ হৈছে ভাৰতীয় সেনাৰ এগৰাকী অৱসৰপ্ৰাপ্ত কেপ্টেইন। তামিলনাডুৰ ভেল্লোৰৰ পৰা বাবু পি নামৰ প্ৰাক্তন সেনা বিষয়াগৰাকীক গ্ৰেপ্তাৰ কৰা হৈছে। প্ৰেয়সীলৈ হোৱাটছএপৰ জৰিয়তে বিভিন্ন গোপন সামৰিক তথ্য প্ৰেৰণ কৰাৰ অভিযোগ তেওঁৰ বিৰুদ্ধে। তদন্তকাৰীয়ে সন্দেহ কৰিছে যে মহিলাগৰাকীয়ে দেশৰ নিৰাপত্তা বাহিনীৰ স্পৰ্শকাতৰ তথ্য সংগ্ৰহৰ বাবে বাবুৰ সৈতে সম্পৰ্ক স্থাপন কৰিছিল। এই তথ্য আন কাৰোবালৈ সৰবৰাহ কৰা হৈছে নেকি সেই বিষয়েও তদন্ত চলি আছে। অৱশ্যে তেওঁৰ প্ৰেয়সীৰ পৰিচয় বা মহিলাগৰাকী কোন দেশৰ এতিয়াও স্পষ্ট হোৱা নাই।

আৰক্ষী সূত্ৰৰ পৰা জানিব পৰা মতে, পিটিআইৰ খবৰ অনুসৰি, প্ৰায় এবছৰ পূৰ্বে মহিলাগৰাকীয়ে বাবুৰ সৈতে হোৱাটছএপযোগে যোগাযোগ কৰিছিল। তেওঁ ডি আৰ ডি অ’ প্ৰজেক্টৰ সৈতে জড়িত বুলি বাবুক দাবী কৰিছিল। সময়ৰ লগে লগে তেওঁলোকৰ বন্ধুত্ব গভীৰ হৈ আহে। পিছত দুয়োজনে ভিডিঅ’ কলতো কথা পাতে। ইয়াৰ মাজতে ডি আৰ ডি অ’ প্ৰজেক্টৰ অজুহাতত মহিলাগৰাকীয়ে বাবুৰ পৰা কিছু স্পৰ্শকাতৰ সামৰিক তথ্য বিচাৰে।
অভিযোগ অনুসৰি, বাবুৱে তেওঁৰ হাতত থকা তথ্য মহিলাগৰাকীৰ সৈতে শ্বেয়াৰ কৰিছিল। লগতে বাহিনীটোৰ বিভিন্ন বিভাগ আৰু সেৱাত থকা আৰু অৱসৰপ্ৰাপ্ত সেনা জোৱানৰ সৈতে যোগাযোগ কৰি তথ্য সংগ্ৰহ কৰে। পিটিআইৰ সূত্ৰ অনুসৰি, বাবুৱে ২৮ বছৰ ভাৰতীয় সেনাবাহিনীত কাৰ্যনিৰ্বাহ কৰিছিল। এই সময়ছোৱাত তেওঁ বিভিন্ন বিভাগত কাম কৰি আহিছে। তেওঁ বাহিনীটোৰ আৰ্টিলাৰী উইঙতো কাম কৰি আহিছে। অৱশ্যে তেওঁৰ প্ৰেমিকাক কেনেধৰণৰ স্পৰ্শকাতৰ তথ্য ফাদিল কৰিছে, সেয়া ফাদিল কৰা নাই তদন্তকাৰীয়ে।












