
মুখত গুখা ভৰাই তৃতীয় মহলাৰ বেলকনিত খোজকাঢ়ি আছিল। অলপ সময় চোবাই তলৰ ফালে মুখ কৰি পিক পেলাবলৈ গ’ল এজন ব্যক্তি। তেতিয়াই সংঘটিত হয় দুৰ্ঘটনা। ঘৰৰ কাষেৰে পাৰ হৈ যোৱা ১১ কিলোভল্টৰ তাঁৰত পৰে পিক। তাৰ পৰাই বিদ্যুৎস্পৃষ্ট হৈ লোকজনৰ মৃত্যু হয়। মধ্যপ্ৰদেশৰ বিদিশা জিলাত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনা। আৰক্ষীৰ সূত্ৰ অনুসৰি, মৃত লোকজনৰ নাম প্ৰভুলাল গুপ্তা। বয়স ৬৫ বছৰ। পেছাত এজন ৰাজমিস্ত্ৰী। তেওঁ বিদিশা জিলাৰ গায়ত্ৰী নগৰত ভাড়াঘৰত বাস কৰিছিল। শুকুৰবাৰে দিনৰ প্ৰায় ১ বজাত এই দুৰ্ঘটনাত তেওঁৰ মৃত্যু হয়।
প্ৰত্যক্ষদৰ্শীয়ে জনোৱা মতে, প্ৰভুলালে তৃতীয় মহলাৰ বেলকনিত থিয় হৈ মুখত গুটখা ভৰাই চোবাই আছিল। তাৰ পিছত বেলকনিৰ পৰা পিক পেলায়। গুটখাৰ সেই পিক তাঁৰৰ সংস্পৰ্শলৈ অহাত তেওঁ গুৰুতৰভাৱে অগ্নিদগ্ধ হয়। তেওঁক উদ্ধাৰ কৰি চিকিৎসালয়লৈ লৈ যোৱা হয়। কিন্তু চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে। প্ৰভুলালৰ দহ বছ ধৰিৰ গায়ত্ৰী নগৰত বাস কৰি আছিল।

বিশেষজ্ঞসকলে দাবী কৰিছে যে যিকোনো সময়তে এনেকুৱা হ’ব পাৰে। বিশেষ পৰিস্থিতিত পানী আৰু গলিত নিমখৰ উপস্থিতিৰ বাবে লালতিৰ মাজেৰে বিদ্যুৎ প্ৰবাহিত হ’ব পাৰে। যদি কোনোবাই সক্ৰিয় বৈদ্যুতিক পৰিবাহী তাঁৰত বাৰে বাৰে থু পেলায়, তেন্তে বিদ্যুতৰ বাবে এটা পৰিবাহী পথ সৃষ্টি হ’ব পাৰে। এই ক্ষেত্ৰতো সেয়াই হৈছিল। উপযুক্ত পৰিস্থিতিত বৈদ্যুতিক তাঁৰৰ পৰা বৈদ্যুতিক স্পাৰ্ক বা বৈদ্যুতিক চাপ সৃষ্টি কৰিব পাৰি। যদি বেলকনিখন বৈদ্যুতিক তাঁৰৰ যথেষ্ট ওচৰত থাকে, তেন্তে বতাহৰ মাজেৰেও বিদ্যুৎ বিয়পিব পাৰে। আৰু ফলস্বৰূপে যদি শৰীৰত বৈদ্যুতিক প্ৰবাহৰ পথ সৃষ্টি হয়, তেন্তে সেই চাপৰ ফলত তীব্ৰভাৱে দগ্ধ হ’ব পাৰে বা আনকি মৃত্যুও হ’ব পাৰে।
আনহাতে, স্থানীয় ৰাইজে প্ৰভুলালৰ মৃত্যুৰ বাবে বিদ্যুৎ বিভাগৰ ফালে আঙুলি টোঁৱাইছে। তেওঁলোকৰ অভিযোগ যে বাৰে বাৰে অনুৰোধ জনোৱাৰ পিছতো স্থানীয় এলেকাৰ সন্মুখত হাই ভল্টেজৰ তাঁৰ লগোৱা হৈছে।













