
ৰাজ্যৰ নিৱনুৱাৰ বাবে এক ভাল খবৰ৷ শীঘ্ৰে ৰাজ্যত নিযুক্তি লাভ কৰিব পাঁচ হাজাৰোধিক শিক্ষিত যুৱক-যুৱতীয়ে। অসম চৰকাৰৰ বিভিন্ন বিভাগত এই পদসমূহৰ বাবে আৰম্ভ হ’ব আবেদন প্ৰক্ৰিয়া৷ সামাজিক মধ্যমৰ জৰিয়তে এই কথা ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই৷ অহা বছৰ ফেব্ৰুৱাৰী মাহৰ ভিতৰত আৰম্ভ হ’ব আবেদন প্ৰক্ৰিয়া৷
মুখ্যমন্ত্ৰীয়ে জনোৱা মতে, ২০২৭ চনৰ ১ ফেব্ৰুৱাৰীৰ পৰা অসম আৰক্ষীকে ধৰি ৬টা বিভাগত মুঠ ৫,৭৩৪টা পদৰ বাবে নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ হ’ব৷ এই বিভাগসমূহৰ ভিতৰত অসম আৰক্ষীৰ ২,২৩৬টা, বন বিভাগৰ ১,৩০৭টা, হোমগাৰ্ডৰ ৮২৭টা, এ পি আৰ অ’ৰ ৬৮৪টা, অগ্নি আৰু জৰুৰীকালীন সেৱাৰ ৪৮৯টা আৰু কাৰাগাৰ বিভাগৰ ১৯১টা পদৰ বাবে আবেদন প্ৰক্ৰিয়া আৰম্ভ হ’ব। আনহাতে, অসম চৰকাৰে আগন্তুক পাঁচ বছৰত প্ৰায় ২ লাখ নিবনুৱাক নিযুক্তি দিয়াৰ পৰিকল্পনা গ্ৰহণ কৰা বুলিও মুখ্যমন্ত্ৰীয়ে সদৰী কৰে৷












