
এজন বাইক আৰোহী গুৰুতৰভাৱে আহত। চাৰিচকীয়া বাহনেৰে বাইকৰ মুখামুখি সংঘৰ্ষ। As-12 D-8414 নম্বৰৰ বাইকেৰে উজনি মুৱাকৈ তিনি আৰোহী গৈ থকাৰ সময়তে নগাওঁ দিশে অহা AS 03 X 4688 নম্বৰৰ চাৰিচকীয়া বাহনেৰে মুখামুখি সংঘৰ্ষ হয়। ফলত বাবাতু চাওতাল আৰু কিষুণ চাওতাল থিতাতে নিহত হোৱাৰ লগতে বাইকত থকা কৰণ চাওতাল নামৰ আনজন আৰোহী গুৰুতৰভাৱে আহত হয়।
আহতজনক তেজপুৰ মেডিকেল কলেজলৈ প্ৰেৰণ কৰে। ঘটনা সংঘটিত কৰা চাৰিচকীয়া বাহনৰ চালকসহগৰাকী ঘটনাস্থলীৰ পৰা পলায়ন কৰে। জখলাবন্ধা আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে।












